উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। য‘ত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বন্ধ কোঠাত কয়লা জ্বলাই শুবলৈ লোৱা চাৰিজন শ্ৰমিকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। এই ভয়াৱহ কাণ্ডই কানপুৰ জিলাৰ পাংকি থানা এলেকাৰ ডি–৫৮,চাইট নম্বৰ–২ ঔদ্যোগিক এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিহত শ্ৰমিককেইজন এটা কোম্পানীত কাম কৰিছিল আৰু শীতৰ পৰা হাত সাৰিবলৈ কোম্পানীৰ চৌহদৰ ভিতৰৰ এটা সৰু কোঠাত আশ্ৰয় লৈছিল। কোঠাটো সম্পূৰ্ণৰূপে বন্ধ আছিল আৰু বায়ু চলাচলৰ কোনো ব্যৱস্থা নাছিল। সূত্ৰ অনুসৰি, তেওঁলোকে কোঠাটো গৰম কৰি ৰাখিবলৈ ভিতৰত কয়লাৰ জুই জ্বলাইছিল।
আজি পুৱা আন শ্ৰমিকসকলে কোঠাটোৰ দুৱাৰ খোলাৰ লগে লগে চাৰিওজনকে অচেতন অৱস্থাত উদ্ধাৰ কৰে। ততাতৈয়াকৈ তেওঁলোকক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আৰক্ষীয়ে ঘটনা স্থলৰ পৰা জ্বলি থকা কয়লা উদ্ধাৰ কৰিছে। প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে, বন্ধ কোঠাটোত কয়লা জ্বলোৱাৰ ফলত তাত কাৰ্বন মনোক্সাইড গেছৰ মাত্ৰা বৃদ্ধি পাইছিল। বায়ু চলাচল নোহোৱাৰ বাবে অক্সিজেনৰ অভাৱত গেছ বিষক্ৰিয়াৰ ফলত শ্ৰমিককেইজনৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে।
নিহত শ্ৰমিককেইজনক অমিত বৰ্মা (৩২), সঞ্জু সিং (২২), ৰাহুল সিং (২৩), আৰু দাউদ আনছাৰী (২৮) বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজন দেওৰিয়া জিলাৰ টাৰকুলৱা থানা এলেকাৰ অন্তৰ্গত তৌকালপুৰ গাঁৱৰ বাসিন্দা আছিল।
আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।





