ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ গুৱাহাটীৰ বৰ্ষাপাৰা টেষ্টক লৈ উৎফুল্লিত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। প্ৰথমখন মেচত স্পিনিং ট্ৰেকত সমস্যাত পৰিছিল ভাৰতীয় বেটছমেন। কেশৱ মহাৰাজ আৰু চাইমন হাৰ্মাৰৰ আধিপত্যৰ বাবে ভাৰতে মাত্ৰ ৯৩ ৰান সংগ্ৰহ কৰিয়েই অল আউট হৈছিল। তাৰ লগতে যোগ হৈছে শুভমন গিলে খেলিব নোৱাৰাৰ সম্ভাৱনা।
অৱশ্যে গুৱাহাটী টেষ্টৰ প্ৰতি ক্ৰিকেট অনুৰাগী আগ্ৰহী হৈ পৰাৰ আন এটা কাৰণো আছে। এই মেচত ক্ৰিকেটাৰসকলে প্ৰথমবাৰৰ বাবে চাহ বিৰতি (টি-ব্ৰেক) লাভ কৰিব মধ্যাহ্ন ভোজন গ্ৰহণৰ (লাঞ্চ) বিৰতিৰ পূৰ্বে। দুয়োটা দলৰ ক্ৰিকেটাৰসকলো এই বিষয়ত উৎফুল্লিত। অভিনৱ এই নিয়মৰ বিষয়ে তেওঁলোকে কি কয়?
ভাৰতীয় দলৰ হৈ এই বিষয়ে মুকলিকৈ কৈছে যুৱ বেটছমেন ছাই সুদৰ্শনে। তেওঁ কয়, “মধ্যাহ্ন ভোজনৰ আগতে টি-ব্ৰেকক লৈ মোৰ কোনো সমস্যা নাই। মই এনেও মধ্যাহ্ন ভোজনৰ সময়ত চাহ খাওঁ। গতিকে এইটো উপভোগ কৰিম। সকলোৰে বাবে ই নতুন, কিন্তু আশাকৰোঁ আমি ইয়াৰ লগত খাপ খাম।’
দক্ষিণ আফ্ৰিকাৰ হৈ এই বিষয়ে মত প্ৰকাশ কৰিছে কেশৱ মহাৰাজ আৰু আইডেন মাৰ্কৰামে। কেশৱ মহাৰাজে বুজি পাইছে যে এই নিয়ম মূলতঃ সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ বাবে খেলাৰ সময় বৃদ্ধিৰ বাবে। অৱশ্যে অভিজ্ঞ স্পিনাৰগৰাকীয়ে কয় যে প্ৰটিয়া শিবিৰে ইয়াৰ ফলত যাতে প্ৰদৰ্শনত কোনো প্ৰভাৱ নপৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
অৱশ্যে ইয়াৰ বিপৰীত মত আগবঢ়াইছে আইডেন মাৰ্ক্ৰামে। তেওঁ কয় যে টেষ্ট ক্ৰিকেটত পুৰণি পদ্ধতিকে অনুসৰণ কৰিব লাগে। তাৰকা বেটছমেনগৰাকীয়ে কয়, ‘যদিও বিষয়টো আকৰ্ষণীয়, সঁচা কথা ক’বলৈ গ’লে মোৰ সঁচাকৈয়ে ভাল নালাগে। মই ভাবো যে টেষ্ট মেচ সদায় পুৱা ১০ বজাৰ পৰা আৰম্ভ হব লাগে। মই প্ৰথমে মধ্যাহ্ন ভোজনৰ পৰম্পৰাত বিশ্বাস কৰোঁ, তাৰ পিছত টি-ব্ৰেক।’
এই নিয়ম সলনি কিয়? পূব ভাৰতত সূৰ্য্য উদয় আৰু সূৰ্যাস্ত সোনকালে হয়। সেইবাবেই গুৱাহাটী টেষ্টত এই অভিনৱ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত পুৱা ৯ বজাৰ পৰা ১১ বজালৈ প্ৰথম ছেছন অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ টি ব্ৰেক হ’ব।
দ্বিতীয় ছেছন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজালৈ অনুষ্ঠিত হ’ব। মধ্যাহ্ন ভোজন গ্ৰহণৰ বিৰতি দুপৰীয়া ১:২০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ হ’ব। বিয়লি ৪ বজালৈ চলিব তৃতীয় ছেছন।





