• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ নাগৰিকৰ বাবে অস্থায়ী সংৰক্ষিত মৰ্যাদা বাতিল কৰিলে আমেৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 2:24 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰাম্প প্ৰশাসনে আমেৰিকাত ম্যানমাৰৰ নাগৰিকৰ বাবে অস্থায়ী সংৰক্ষিত মৰ্যাদা (টিপিএছ)ৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছে।

সোমবাৰে ট্ৰাম্প প্ৰশাসনে যুক্তি দিছে যে এই নাগৰিকসকলে যুদ্ধবিধ্বস্ত দক্ষিণ-পূব এছিয়াৰ দেশখনলৈ নিৰাপদে উভতি যাব পাৰিব। ম্যানমাৰৰ সামৰিক শাসক গোষ্ঠীয়ে পৰিকল্পিতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি প্ৰশাসনে ইয়াক পৰিস্থিতিৰ উন্নতি হিচাপে দাঙি ধৰে।

Apply Now

এই সিদ্ধান্তই ম্যানমাৰৰ নাগৰিকসকলৰ যিসকলে নিজৰ দেশলৈ উভতি যাবলৈ বাধ্য হ’ব পাৰে তেওঁলোকৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে । ২০২১ চনত সামৰিক অভ্যুত্থান আৰু অসামৰিক চৰকাৰ উৎখাত হোৱাৰ পিছৰে পৰা ম্যানমাৰত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে। অভ্যুত্থানৰ পিছত সমগ্ৰ দেশতে সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ হৈছিল।

আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে বিভিন্ন চৰকাৰী সংস্থাৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লৈছে যে ম্যানমাৰৰ বাবে টিপিএছৰ আৰু প্ৰয়োজন নাই। গৃহ নিৰাপত্তা বিভাগে এক বিবৃতিত এই সিদ্ধান্তৰ যুক্তি ব্যাখ্যা কৰে।

ম্যানমাৰৰ আন এটা নাম ব্যৱহাৰ কৰি ক্ৰীষ্টি ন’মে কয় যে এই সিদ্ধান্তই টিপিএছক ইয়াৰ মূল অস্থায়ী অৱস্থালৈ ঘূৰাই আনিছে। “বাৰ্মাৰ পৰিস্থিতি ইমানেই উন্নত হৈছে যে নাগৰিকসকল নিৰাপদে ঘূৰি যাব পাৰে। সেয়েহে আমি অস্থায়ী স্বীকৃতিৰ অন্ত পেলাইছো।”

ক্ৰীষ্টি ন’মে কয়, ‘বাৰ্মাই নিজৰ শাসন আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে।ইয়াৰ ভিতৰত জৰুৰীকালীন অৱস্থাৰ অন্ত পেলোৱা, মুক্ত আৰু নিকা নিৰ্বাচনৰ পৰিকল্পনা, সফল যুদ্ধবিৰতি চুক্তি, আৰু স্থানীয় শাসন ব্যৱস্থাৰ উন্নতি; এই সকলোবোৰে ৰাজহুৱা সেৱা আৰু ৰাষ্ট্ৰীয় সংহতি ত্বৰান্বিত কৰাত সহায় কৰিছে।’

ডিপাৰ্টমেন্টঅফ হোমলেণ্ড ছিকিউৰিটি (ডি এইচ এছে)য়ে এক আনুষ্ঠানিক বিবৃতিত এইটোও উল্লেখ কৰিছে যে ম্যানমাৰৰ সামৰিক চৰকাৰে জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ সৈতে যুদ্ধবিৰতিৰ আলোচনাত জড়িত হৈছে। এই মধ্যস্থতাত চীনে ভূমিকা লৈছে। ডি এইচ এছে আলোচনাক পূৰ্বৰ শান্তি প্ৰচেষ্টাৰ সৈতে তুলনা কৰি ইতিবাচক বুলি দেখুৱাইছে।

আমেৰিকাত প্ৰায় ৪ হাজাৰ ম্যানমাৰৰ নাগৰিক টিপিএছৰ হিতাধিকাৰী। ডি এইচ এছে কয় যে তেওঁলোকৰ বাবে এই সুবিধা ২৬ জানুৱাৰীত শেষ হ’ব।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সমাজে, বিশেষকৈ ৰাষ্ট্ৰসংঘই কয় যে ডিচেম্বৰ আৰু জানুৱাৰী মাহত জুন্টাৰ পৰিকল্পিত নিৰ্বাচন “মুক্ত আৰু স্বচ্ছ” হ’ব নোৱাৰে, কাৰণ কিছুমান বিৰোধী দল এতিয়াও নিষিদ্ধ আৰু প্ৰাক্তন নেতা আং ছান ছু কি কাৰাগাৰত আছে।

হিউমেন ৰাইটছ ৱাচৰ এছিয়াৰ সঞ্চালক জন ছিফটনে কয় যে, “আমেৰিকাৰ তথ্যৰ বিশ্লেষণ কাল্পনিক। চৰকাৰৰ (ম্যানমাৰত) স্থিতিশীলতাৰ কোনো উন্নতি বা পৰিৱৰ্তন হোৱা নাই। জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰৰ কোনো প্ৰভাৱ পৰা নাই। সামৰিক চৰকাৰে নিৰ্বাচনৰ ঘোষণা কৰাটোও এক নাটক।”

ম্যানমাৰৰ নাগৰিকৰ অস্থায়ী আইনী মৰ্যাদা বাতিল কৰাৰ আঁৰৰ ট্ৰাম্প প্ৰশাসনৰ যুক্তিৰ সৈতে ম্যানমাৰৰ জুন্টাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কঠোৰ নীতি বিচৰা নিজৰ ৰিপাব্লিকান দলৰ একাংশ সদস্যৰ স্থিতিৰ সংঘাত আছে। যোৱা সপ্তাহত হাউছ ফৰেইন এফেয়াৰ্ছ ইষ্ট এছিয়া এণ্ড পেচিফিক উপসমিতিৰ অধ্যক্ষ ইয়ং কিমে শুনানিৰ জৰিয়তে জুন্টা নিৰ্বাচনৰ ঘোষণাক “এটা প্ৰহসন” বুলি অভিহিত কৰিছিল। তেওঁ কয়, ‘এয়া জুন্টাৰ প্ৰতাৰণা কৰাৰ পৰিকল্পনা, যাতে ইয়াৰ বৈধতা লাভ কৰিব পৰা যায়।

শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে সামৰিক সংঘাত, সশস্ত্ৰ সংঘাত, আৰু স্থানীয় আইন স্বেচ্ছাচাৰীভাৱে বলবৎ কৰাৰ বাবে আমেৰিকানসকলক ম্যানমাৰলৈ যাত্ৰা নকৰিবলৈ সকীয়াই দিছে।

বিভাগটোৰ শেহতীয়া মানৱ অধিকাৰ প্ৰতিবেদনত (আগষ্ট মাহত প্ৰকাশ পোৱা) কোৱা হৈছে যে ম্যানমাৰত “মানৱ অধিকাৰৰ উল্লেখযোগ্য সমস্যা আছে। ইয়াৰ ভিতৰত ন্যায় বহিৰ্ভূত হত্যা, নিৰুদ্দেশ, নিৰ্যাতন, সাংবাদিকক হাৰাশাস্তি, ধৰ্মীয় স্বাধীনতাৰ ওপৰত বাধা আৰোপ, আৰু অন্যান্য মানৱ অধিকাৰ উলংঘা আদি অন্যতম।”

প্ৰতিবেদনত কোৱা হৈছে, “ম্যানমাৰৰ মানৱ অধিকাৰ সংকট অধিক ভয়াৱহ হৈ পৰিছে। সেনা আৰু বিৰোধীৰ মাজত সংঘাত তীব্ৰতৰ হৈছে, যাৰ ফলত অসামৰিক অঞ্চল বা ইয়াৰ ওচৰত বিমান আক্ৰমণ আৰু আৰ্টিলাৰী গোলাবৰ্ষণ বৃদ্ধি পাইছে।” এই প্ৰতিবেদনত বিৰোধী দলৰ দুজন জ্যেষ্ঠ নেতাৰ মৃত্যুৰ ওপৰতো আলোকপাত কৰা হৈছে। তেওঁলোকক আটক কৰি হৈছিল।

ট্ৰাম্প প্ৰশাসনৰ নতুন সিদ্ধান্তৰ বিষয়ে ষ্টেট ডিপাৰ্টমেণ্টে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে। বৰঞ্চ বিভাগে তেওঁলোকক ডি এইচ এছৰ সৈতে যোগাযোগ কৰিবলৈ কয়।

আমেৰিকাত বাস কৰা ম্যানমাৰৰ নাগৰিকসকলৰ বাবে টিপিএছ কাৰ্যসূচী ১৮ মাহৰ বাবে বৃদ্ধি কৰা হৈছিল। ট্ৰাম্পৰ পূৰ্বসূৰী জো বাইডেনৰ প্ৰশাসনৰ অধীনত ২৫ নৱেম্বৰত ইয়াৰ ম্যাদ উকলি যোৱাৰ কথা আছিল।

ৰিপাব্লিকান নেতা ট্ৰাম্পে জানুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ অনুপ্ৰৱেশ বিৰোধী নীতিৰ অংশ হিচাপে কেইবাখনো দেশৰ নাগৰিকৰ বাবে টিপিএছৰ সুবিধা বাতিল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd