• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডকমকা কাণ্ড : আলফাজছেই মূল অভিযুক্ত; শান্তিৰক্ষাৰ নতুন কৌশল লৈছে আৰক্ষীয়ে, দাবী সঞ্চালক প্ৰধানৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 13, 2018 9:31 pm
Assam's Director General of Police (DGP) Kuladhar Saikia addressing press conference regarding Karbi anglong incident at DGP office in Guwahati on 13-06-18. Pix By UB PHOTOS

ডিজিপি কুলধৰ শইকীয়া। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাৰ হত্যাকাণ্ডটোৰ পিছত ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষাৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে অসম আৰক্ষীয়ে।

‘এই ঘটনাৰ পাছত আৰক্ষীয়ে সকলো দোষীক কৰায়ত্ত কৰা আৰু শান্তি শৃংখলা ৰক্ষাৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে,’ ক’লে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

Apply Now

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফাজছ তিমুং নামৰ যুৱকজনেই ৰাজ্য কঁপাই যোৱা ডকমকাৰ হত্যাকাণ্ডটোৰ মূল অভিযুক্ত বুলিও আজি ১৩ জুন বুধবাৰে গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত শইকীয়াই দাবী কৰে।

‘নীলোৎপল দাস আৰু অভিজিৎ নাথৰ সৈতে ঘটনাৰ পূৰ্বে আলফাজছে কাজিয়াত লিপ্ত হোৱাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। কাজিয়া লগা স্থানৰ পৰা নীলোৎপল আৰু অভিজিত আঁতৰি আহিছিল যদিও আলফাজছ তিমুঙে ফোনযোগে ‘সোপাধৰা’ গৈ থকা বুলি গাঁৱত প্ৰচাৰ কৰি দিছিল,’ দাবী কৰে আৰক্ষী সঞ্চালক প্ৰধানে।

তেওঁ জনাই যে আৰক্ষীয়ে ইতিমধ্যে আলফাজছৰ ম’বাইল ফ’ন জব্দ কৰিছে আৰু তেওঁৰ লগতে আন অভিযুক্তসকলৰ সোধাপোচা অব্যাহত ৰাখিছে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে লগতে কয় যে ঘটনাটোত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈ ২৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে ঘটনাটোৰ সময়ত ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি থকা আৰক্ষীৰ পোচাকধাৰী লোকজনৰ সন্দৰ্ভত তেওঁ কয় ‘বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই। কোনে কি কাৰণে ভিডিঅ’ কৰিলে সেয়া তদন্তৰ প্ৰতিবেদন ওলালেহে ক’ব পৰা যাব।’

চ’চিয়েল মিডিয়াযোগে অপপ্ৰচাৰ আৰু প্ৰৰোচনামূলক মন্তব্য কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি এনে মন্তব্য কৰা বহুকেইজন লোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁ কয় ‘আৰক্ষীৰ এটা দলে চ’চিয়েল মিডিয়াৰ জৰিয়তে সমাজত অশান্তি বিয়পাব পৰা কাৰ্যৰ বিৰুদ্ধে তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰাখিছে। চ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য প্ৰদান কৰা কেইবাজনো কিশোৰক আৰক্ষীয়ে আটক কৰিছিল যদিও কাউন্সেলিং কৰি অভিভাৱকক চমজাই দিয়া হৈছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে এনে কাৰ্যৰ পৰা বিৰত থকাৰ সংকল্প লৈছে।’

সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ উদ্দেশ্যে অসম আৰক্ষীয়ে বাটৰ নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰিব বুলিও সংবাদমেলত তেওঁ প্ৰকাশ কৰে।

আনহাতে ২০১৩ চনত ডিফুত সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীয়ে ২০১৫ চনৰ ফেব্ৰুৱাৰিত চাৰ্জশ্বীট দাখিল কৰাৰ কথা উল্লেখ কৰি শইকীয়াই ন্যায়ালয়ত বিচাৰ চলি থকাৰ বাবে সেই ঘটনাটো সন্দৰ্ভত অধিক মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd