• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেনিজুৱেলাত বৃহৎ আক্ৰমণৰ প্ৰস্তুতি? উত্তেজনাৰ মাজতে আকাশমাৰ্গ বন্ধ কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2025 8:33 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাবুকি আৰু সতৰ্কবাণীৰ পিছত এতিয়া আমেৰিকাই পোনপটীয়াকৈ ভেনিজুৱেলাক আক্ৰমণ কৰিবলৈ ওলাইছে! শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক ঘোষণাই এই জল্পনা-কল্পনাক আৰু অধিক ইন্ধন জগাইছে। ভেনিজুৱেলা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত থকা আকাশমাৰ্গ বন্ধ কৰাৰ নিৰ্দেশ দিছে ট্ৰাম্পে।

শনিবাৰে ছ’চিয়েল মিডিয়াত এই তথ্য প্ৰদান কৰে খোদ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই। তাৰ পিছতে জল্পনা-কল্পনা বৃদ্ধি পাইছে যে আমেৰিকাই সঁচাকৈয়ে ভেনিজুৱেলাৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধ কৰিবলৈ ওলাইছে?

Apply Now

আকাশমাৰ্গ বন্ধ কৰাৰ নিৰ্দেশ দি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, ‘এই বাৰ্তা সকলো বিমান সংস্থা, পাইলট, ড্ৰাগছ সৰবৰাহকাৰী আৰু মানৱ সৰবৰাহকাৰীৰ বাবে। অনুগ্ৰহ কৰি ভেনিজুৱেলা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া কথাটো মনত ৰাখিব।’

ট্ৰাম্পৰ বক্তব্যত স্পষ্ট হৈ পৰিছে যে তেওঁ ভেনিজুৱেলাৰ আকাশমাৰ্গৰ ওপৰেৰে কোনো বিমান চলাচল নিবিচাৰে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এনে সতৰ্কবাণীৰ পিছতো এতিয়ালৈকে ভেনিজুৱেলাৰ পৰা কোনো সঁহাৰি পোৱা হোৱা নাই।

আনহাতে, আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগেও এই বিষয়ত কোনো সঁহাৰি দিয়া নাই। ফলত ভেনিজুৱেলাৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে ট্ৰাম্পে এই কৌশল গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।

মন কৰিবলগীয়া যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো সদায় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লক্ষ্য হৈ আহিছে। দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা অব্যাহত আছে। কেৰিবিয়ান অঞ্চলত আমেৰিকাই বৃহৎ সংখ্যক সৈন্য নিয়োগ কৰিছে। বৰ্তমান তাত ৭খন আমেৰিকাৰ যুদ্ধজাহাজ আৰু এখন পাৰমাণৱিক চাবমেৰিন নিয়োজিত হৈ আছে, য’ত প্ৰায় ৪৫০০ সৈন্য নিয়োজিত হৈ আছে।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে অভিযোগ উত্থাপন কৰিছে যে আমেৰিকাই তেওঁৰ চৰকাৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা আৰম্ভ কৰিছে। ট্ৰাম্পৰ পিনে আঙুলিয়াই তেওঁ অভিযোগ কৰে যে, “আমেৰিকাই তেওঁৰ মূৰত বন্দুক ৰাখি দেশখনৰ শাসন ব্যৱস্থা সলনি কৰিবলৈ চেষ্টা কৰিছে।” বিনিময়ত ট্ৰাম্প চৰকাৰে মাদুৰোক ড্ৰাগছ সৰবৰাহকাৰী বুলি ঘোষণা কৰি গ্ৰেপ্তাৰৰ বাবে ৫ কোটি ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে। তেওঁৰ চৰকাৰকো অবৈধ বুলি ঘোষণা কৰা হৈছে।

এনে বিশৃংখলতাৰ মাজতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত ভেনিজুৱেলাৰ নাওত আক্ৰমণ চলাইছে আমেৰিকাৰ সেনাই। ইতিমধ্যে অসংখ্য আক্ৰমণত ৮৩ জন লোকৰ মৃত্যু হৈছে।

ড্ৰাগছ সৰবৰাহৰ সন্দেহত আমেৰিকাৰ সেনাই আক্ৰমণ কৰা জাহাজ আৰু নাওবোৰত ড্ৰাগছ কঢ়িয়াই অনা বুলি কোনো প্ৰমাণ পোৱা যোৱা নাই। যাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন মানৱ অধিকাৰ সংগঠনে আমেৰিকাৰ এই পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈছে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁলোকক বিশেষ গুৰুত্ব দিবলৈ অনিচ্ছুক।

যোৱা শুকুৰবাৰে তেওঁ সকীয়াই দিছিল যে ভেনিজুৱেলাত ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰাৰ বাবে স্থল অভিযান আৰম্ভ কৰা হ’ব। এতিয়া দেশৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd