• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কূটনৈতিক সীমা উলংঘাৰ অভিযোগ: পুটিনৰ ভ্ৰমণৰ আগতে ৩ NATO ৰাষ্ট্ৰদূতৰ ইউক্ৰেইনক লৈ যৌথ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2025 5:40 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ভাৰত ভ্ৰমণলৈ অহাৰ পূৰ্বে এক ডাঙৰ কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে। পুটিনৰ আগমনৰ আগদিনা, ৰাছিয়াৰ তিনিখন প্ৰধান পশ্চিমীয়া ৰাষ্ট্ৰ  ব্ৰিটেইন, ফ্ৰান্স, আৰু জাৰ্মানীয়ে এক ইংগিতমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই তিনিখন দেশৰ ভাৰতত থকা ৰাষ্ট্ৰদূতসকলে যৌথভাৱে এটা সম্পাদকীয় প্ৰতিবেদন প্ৰকাশ কৰি পুটিনক তীব্ৰ সমালোচনা কৰিছে। সমগ্ৰ বিষয়টোক লৈ নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA) সক্ৰিয় হৈ উঠিছে।

ভাৰতৰ সৈতে ৰাছিয়াৰ ‘সুসম্পৰ্ক’ক লৈ পশ্চিমীয়া ৰাষ্ট্ৰসমূহ বহুদিনৰ পৰাই অসন্তুষ্ট হৈ আছে। আমেৰিকাৰ লগতে কেইবাখনো দেশে নতুন দিল্লী-মস্কোৰ সম্পৰ্কক লৈ বিভিন্ন ধৰণে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে।

Apply Now

ব্ৰিটিছ উচ্চায়ুক্ত লিণ্ডী কেমেৰন, জাৰ্মান উচ্চায়ুক্ত ফিলিপ একাৰমেন, আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌৱে ভাৰতৰ বিখ্যাত কাকত ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ত যৌথভাৱে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। তেওঁলোকৰ প্ৰতিবেদনৰ মূল দাবী হ’ল:

“সমগ্ৰ বিশ্বই ইউক্ৰেইনৰ যুদ্ধ সমাপ্তি বিচাৰে, কিন্তু ৰাছিয়াই শান্তি ঘূৰাই অনাৰ বাবে কোনো চেষ্টা কৰা নাই।”

সমগ্ৰ প্ৰতিবেদনত তিনিওজন ৰাষ্ট্ৰদূতে ৰাছিয়া আৰু পুটিনক তীব্ৰ সমালোচনা কৰিছে। লগতে, তেওঁলোকে নিজৰ দেশসমূহে ইউক্ৰেইনক সকলো দিশতে সহায় আগবঢ়াই যাব বুলিও উল্লেখ কৰিছে। ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানী তিনিওখন ৰাষ্ট্ৰই NATO (নাটো)ৰ সদস্য।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ মতে, এই প্ৰতিবেদন প্ৰকাশ পোৱা সময়টো অস্বাভাৱিক। তদুপৰি, কূটনৈতিক কৰ্মচাৰীসকলে ভাৰতৰ সৈতে কোনো তৃতীয় দেশৰ সম্পৰ্ক সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰাটো কূটনৈতিক আচৰণৰ পৰিপন্থী। এই কাৰ্যই দিল্লীত কূটনৈতিক সীমা উলংঘা কৰা বুলি অভিহিত কৰা হৈছে।

পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে এনে এক যৌথ প্ৰতিবেদন প্ৰকাশ পোৱাৰ ফলত নতুন দিল্লী এক জটিল ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখীন হৈছে। ইফালে, পুটিনেও ভাৰত ভ্ৰমণৰ পূৰ্বে কৈছিল যে ৰাছিয়াই ইউৰোপৰ সৈতে যুদ্ধত নামিব নিবিচাৰে, কিন্তু ইউৰোপে সেই পথ ল’লে ক্ৰেমলিনো সাজু। ইয়াৰ পিছতে তিনিওখন দেশে এই পদক্ষেপ গ্ৰহণ কৰে।

এতিয়া ভাৰতে এফালে দীৰ্ঘদিনীয়া অংশীদাৰ ৰাছিয়া আৰু আনফালে ‘বন্ধু’ ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ তিনিখন পশ্চিমীয়া দেশৰ অসন্তুষ্টি কেনেদৰে চম্ভালিব, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই জটিল পৰিস্থিতি ভাৰতে সফলতাৰে চম্ভালিব পাৰিবনে, সেয়া সময়েহে ক’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd