• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ মঞ্চত গুৰুত্ব বাঢ়িছে ভাৰতৰ, তিনিখন মহাদেশৰ ৩ দেশ ভ্ৰমণ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2025 5:00 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ মঞ্চত ভাৰতৰ বৰ্ধিত গুৰুত্ব প্ৰদৰ্শন কৰি সোমবাৰে তিনিখন মহাদেশৰ তিনিখন দেশ ভ্ৰমণৰ বাবে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। এই ভ্ৰমণসূচীত আছে জৰ্ডান, ইথিওপিয়া ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক আৰু ওমান।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গন্তব্যস্থান হৈছে জৰ্ডান। জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণত তেওঁ এই ভ্ৰমণ কৰিব। এই ভ্ৰমণ এই কাৰণে তাৎপৰ্যপূৰ্ণ যে এই বছৰ ভাৰত-জৰ্ডানৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। দুয়োখন দেশৰ মাজত শান্তি, নিৰাপত্তা আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Apply Now

ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কয়, “মই জৰ্ডান, ইথিওপিয়া ফেডাৰেল ডেম‘ক্ৰেটিক ৰিপাব্লিক আৰু ওমানলৈ তিনিখন দেশৰ ভ্ৰমণলৈ ওলাইছো। এই তিনিখন দেশৰ সৈতে ভাৰতৰ অতি প্ৰাচীন সভ্যতাৰ সম্পৰ্ক আছে। ইয়াৰ উপৰিও সমসাময়িক দ্বিপাক্ষিক সম্পৰ্ক ব্যাপক আছে।”

জৰ্ডান ভ্ৰমণৰ অন্তত মোদীয়ে ১৬ ডিচেম্বৰত আফ্ৰিকাৰ দেশ ইথিওপিয়াত উপস্থিত হ’ব। এইটোৱেই প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম ইথিওপিয়া ভ্ৰমণ। ‘গ্ল’বেল চাউথ‘ৰ অংশীদাৰ হিচাপে দুয়োখন দেশে পাৰস্পৰিক সহযোগিতাৰ বাবে ইতিমধ্যে কেইবাটাও প্ৰতিশ্ৰুতি দিছে। নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ দ্বিপাক্ষিক বন্ধুত্ব আৰু সম্পৰ্ক অধিক সম্প্ৰসাৰণৰ লক্ষ্য লৈছে।

ইথিওপিয়া ভ্ৰমণ সন্দৰ্ভত তেওঁ কয়, “মই মোৰ প্ৰথম ভ্ৰমণত ফেডাৰেল ডেম‘ক্ৰেটিক ৰিপাব্লিক অৱ ইথিওপিয়া ভ্ৰমণ কৰিম। আদিছ আবাবাও আফ্ৰিকান ইউনিয়নৰ মুখ্য কাৰ্যালয়। ২০২৩ চনত ভাৰতৰ জি-২০ সভাপতিত্বৰ সময়ত আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে স্বীকৃতি দিয়া হ‘ব। আদিছ আবাবাত মই ড° আবি আহমেদ আলীৰ সৈতে বিতং আলোচনা কৰিম আৰু তাত বাস কৰা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক লগ পোৱাৰ সুযোগ পাম।”

অৱশেষত ১৭ ডিচেম্বৰত প্ৰধানমন্ত্ৰী আৰবৰ ওমান ভ্ৰমণ কৰিব। ‘চুলতান‘ হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত এয়া তেওঁৰ দ্বিতীয়বাৰৰ বাবে ওমান ভ্ৰমণ। এই বছৰ ভাৰত-ওমান সম্পৰ্কৰ ৭০ বছৰ সম্পূৰ্ণ হৈছে। দীৰ্ঘদিন ধৰি দুয়োখন দেশ বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্কৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। প্ৰধানমন্ত্ৰী মোদী আৰু ওমানৰ চুলতানে শক্তি, কৃষি, প্ৰতিৰক্ষা, প্ৰযুক্তিকে ধৰি কেইবাটাও ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।

ওমান ভ্ৰমণৰ সন্দৰ্ভত তেওঁ কয়, “মাস্কাত মই ওমানৰ চুলতানৰ সৈতে আলোচনা কৰিম। আমাৰ কৌশলগত অংশীদাৰিত্বৰ লগতে আমাৰ শক্তিশালী বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হ‘ব। মই ওমানত প্ৰৱাসী ভাৰতীয়সকলৰ এক সমাৱেশক ভাষণ দিম।”

তিনিওখন দেশ ভ্ৰমণ কৰি ১৮ তাৰিখে মোদী ঘৰলৈ উভতি আহিব। ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে বিদেশ ভ্ৰমণ কৰি সমগ্ৰ বিশ্বৰ সৈতে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰি আহিছে। বছৰটোৰ শেষৰ ফালে তিনিখন মহাদেশৰ তিনিখন দেশ ভ্ৰমণে বিশ্বৰ ৰাজনীতিত ভাৰতৰ এক শক্তিশালী স্থানৰ ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am
ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

August 6, 2026 9:08 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd