• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কয় নে নকয় সেয়া অসমৰ ৰাইজে ভালকৈয়ে জানে : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 8:47 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙত যিধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে সেয়া ৰাজ্যখনৰ লগতে গণতন্ত্ৰৰ বাবেও উদ্বেগজনক। কংগ্ৰেছ দলে সদায়েই মহাত্মা গান্ধীৰ অহিংস নীতিক সাৰোগত কৰি আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি আজি লখিমপুৰত এক সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

সমূহ কাৰ্বি আংলঙবাসীক শান্তি-সম্প্ৰীতি আৰু আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাই গগৈয়ে কয়, ”গণতান্ত্ৰিক দেশত প্ৰতিবাদ সাব্যস্ত কৰিব পৰাতো নাগৰিকসকলৰ সাংবিধানিক অধিকাৰ। কিন্তু কেতিয়াও প্ৰতিবাদৰ সময়ত চৰকাৰ-প্ৰশাসনেই হওক বা প্ৰতিবাদকাৰীসকলেই হওক হিংসাৰ আশ্ৰয় লোৱা অনুচিত।’’

Apply Now

লগতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিবাদকাৰীসকলক প্ৰৰোচিত হ’ব পৰা কাম নকৰিবলৈকো চৰকাৰ-প্ৰশাসনক অনুৰোধ জনায়।

তেওঁ কয়, ”প্ৰতিবাদকাৰীসকলৰ দাবী থাকিবই। সেয়া শুনি আলাপ-আলোচনাৰ মাধ্যমৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটোৱেই হৈছে চৰকাৰৰ দায়িত্ব।’’

এই সন্দৰ্ভত তেওঁ দিনদিয়েক পূৰ্বে কংগ্ৰেছ দলে ৰূপায়ণ কৰা এক প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বৰ্বৰোচিত কাণ্ডৰ বাবে এগৰাকী কংগ্ৰেছ কৰ্মীয়ে প্ৰাণ আহুতি দিবলগীয়া হোৱাৰ কথাটোও উল্লেখ কৰে। ”আমি নিজেও এনে দুৰ্বিসহ অভিজ্ঞতাৰ সন্মুখীন হৈছো। আমিও সতীৰ্থ মৃদুল ইছলামক হেৰুৱাবলগীয়া হৈছিল। চৰকাৰ-প্ৰশাসনৰ ফালৰ পৰা কন্দুৱা গেছ জধে-মধে নিক্ষেপ কৰাৰ ফলতে আমি তেওঁক অকালতে হেৰুৱালো। সেয়ে চৰকাৰক ধৈৰ্যসহকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাৰম্বাৰ আহ্বান জনাইছো।’’-ক্ষমতাত থাকিল বাবেই চৰকাৰে যি মন যায় তেনেকৈ কাম কৰাতো অনুচিত বুলি উল্লেখ কৰি গগৈয়ে কয়।

কাৰ্বি আংলঙৰ উক্ত ঘটনাত আহত প্ৰতিবাদকাৰীয়েই হওক বা আৰক্ষীৰ লোকেই হওক সকলোকে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈকো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে চৰকাৰ-প্ৰশাসনক অনুৰোধ জনায়। আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মিছা কথা নকয় বুলি কৰা এক মন্তব্য সন্দৰ্ভতো সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে গৌৰৱ গগৈয়ে।

তেওঁ কয় যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিছা কথা কয় নে নকয় সেয়া ৰাইজে বুজি পাবলৈ আৰু বাকী নাই। উদাহৰণ হিচাপে গগৈয়ে শিক্ষা বিভাগৰ কৰ্মচাৰীসকলক লৈ হিমন্ত বিশ্ব শৰ্মাই দিয়া এক বিশেষ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিউটৰসকলৰ প্ৰসংগত কৈছিল যে চাকৰিত যোগদানৰ এমাহ পিছত অৱসৰ ল’লেও ১০ লাখ টকা গ্ৰেচুৰিটি পাব। এতিয়া কিমান অৱসৰপ্ৰাপ্ত টিউটৰে ১০ লাখ টকা পালে সেয়া মুখ্যমন্ত্ৰীক সুধিবলৈকো সাংবাদিকসকলক গগৈয়ে আহ্বান জনায়। মিছা কথাৰ দ্বিতীয়টো উদাহৰণ দি গগৈয়ে কয় যে প্ৰথমখন কেবিনেটতে এনএইছএমৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব বুলি ২০২১ৰ নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া এনএইছএমৰ কৰ্মচাৰীসকলৰ অৱস্থা কি হৈছে সেয়া সকলোৱেই দেখিছে বুলিও তেওঁ কয়। তৃতীয়টো উদাহৰণত হিমন্ত বিশ্বই অসম দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ এখন হৈ পৰিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি শিক্ষা, স্বাস্থ্যকে ধৰি প্ৰতিটো ক্ষেত্ৰতে আজি অসম আগশাৰীৰ ৫খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ’লে নে নাই তাৰ উত্তৰ দিবলৈ গগৈয়ে চৰকাৰক দাবী জনায়।

গগৈয়ে কয় যে আজি নীতি আয়োগৰ পৰিসংখ্যাত শিক্ষা, স্বাস্থ্যত অসমে তলৰ ফালৰ পৰাহে প্ৰথম ৫টা স্থানত আছে। চতুৰ্থ উদাহৰণত গগৈয়ে মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি কয় যে আজিৰ তাৰিখতো এইক্ষেত্ৰত নিযুক্তি শূন্য হৈয়েই ৰ’ল। চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে আদৰ্শ শিক্ষা প্ৰদান কৰিব বুলি কৈ বিদ্যালয়গৃহ নিৰ্মাণ কৰিলে যদিও আজিও আদৰ্শ শিক্ষা লাভ কৰাৰ ব্যৱস্থা কিয় গঢ়ি নুঠিল বুলিও গগৈয়ে প্ৰশ্ন কৰে।

ভাৰতৰ ক’তো নথকা এছটিভি কনচেপ্ট উলিয়াই মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক প্ৰহসনত পৰিণত কৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

গগৈয়ে আৰু কয়, ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা-বতৰাবোৰ নিম্নস্তৰৰ আৰু পাতল। বিধানসভাত তেওঁ কি ভাষা ব্যৱহাৰ কৰি তৰ্ক-বিতৰ্ক কৰে সেয়া সকলোৱে দেখিছে।’’ এনেধৰণৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ লগতে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলেও নিবিচাৰে বুলিও কয় গগৈয়ে।

আনহাতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে সকলোৰে সৈতে আলোচনাৰ অন্তত সামূহিক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ”যোৱা ১২ নৱেম্বৰত আমি আলোচনা কৰিলো। বৰদিনৰ পিছত আকৌ আলোচনা হ’ব। সেই আলোচনাত পৰৱৰ্তী পদক্ষেপ কি হ’ব সেই বিষয়সমূহক প্ৰাধান্য দিয়া হ’ব। আলোচনা সম্পন্ন হোৱাৰ পিছত ৰাইজক সকলো অৱগত কৰা হ’ব।’’ একেদৰে নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা সমষ্টিসমূহত কেনে নেতাই প্ৰাৰ্থিত্ব লাভ কৰিব সেই সম্পৰ্কে উল্লেখ কৰি কয় যে যুৱনেতাসকলে প্ৰাধান্য পোৱাতো বহুতে বিচাৰিছে যদিও ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ অন্তত ৰাইজৰ পৰা লাভ কৰা দিহা-পৰামৰ্শৰ ভিত্তিতে সমষ্টিসমূহত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd