বছৰৰ শেষত উত্তৰাখণ্ডত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মঙলবাৰে নিশা চামোলি জিলাৰ এক জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ ভিতৰত শ্ৰমিক আৰু বিষয়াক কঢ়িয়াই নিয়া দুখন ট্ৰেইনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই শোকাৱহ ঘটনাত অন্তত ৬০ জন লোক আহত হৈছে আৰু তেওঁলোকৰ ভিতৰত কেইবাজনৰো অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে অলকানন্দা নদীৰ ওপৰত নিৰ্মীয়মাণ এই ৪৪৪ মেগাৱাট ক্ষমতা সম্পন্ন হাইড্ৰ’ প্ৰকল্পটোৰ চাৰিটা টাৰ্বাইনৰ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে কাম চলি আছিল। অহা বছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও এই দুৰ্ঘটনাই এতিয়া বিশেষ উদ্বেগৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত টিএইচডিসি দ্বাৰা পৰিচালিত বিষ্ণুগড়-পিপলকোটি জলবিদ্যুৎ প্ৰকল্পত এই দুৰ্ঘটনাটো ঘটে।
সুৰংগৰ ভিতৰেৰে চলাচল কৰা দুখন লোকো ট্ৰেইন শ্বিফট্ সলনি কৰাৰ সময়তে মুখামুখি সংঘৰ্ষত লিপ্ত হয় আৰু সেই সময়ত ট্ৰেইন দুখনত মুঠ ১০৯ জন শ্ৰমিক তথা বিষয়া আছিল।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। চামোলিৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিঙে জনোৱা অনুসৰি ইতিমধ্যে ৪২ জনক উদ্ধাৰ কৰি জিলা হাস্পতালত ভৰ্তি কৰা হৈছে, যাৰ ভিতৰত ৪-৫ জনৰ হাড় ভাঙিছে আৰু আন ১৭ জনক পিপলকোটিৰ বিবেকানন্দ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
এই দুৰ্ঘটনা কি কাৰণত ঘটিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা হ’ব আৰু আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ বিশেষ চিকিৎসা দলো মোতায়েন কৰা হৈছে।





