• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

২০২৫ চনত বিশ্বজুৰি ১২৮ জন কৰ্তব্যৰত সাংবাদিকৰ মৃত্যু : সংবাদজগতৰ বাবে এক ক’লা বৰ্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2026 9:40 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ বৰ্ষটো সংবাদ জগতৰ বাবে অত্যন্ত শোকাৱহ আৰু ভয়াৱহ বুলি প্ৰমাণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন অৱ জাৰ্নালিষ্টছ (IFJ)-এ প্ৰকাশ কৰা তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, যোৱা এটা বছৰত বিশ্বৰ বিভিন্ন প্ৰান্তত ১২৮ জন সাংবাদিক আৰু সংবাদকৰ্মীয়ে কৰ্তব্য পালন কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছে। ৩১ ডিচেম্বৰত প্ৰকাশিত এই প্ৰতিবেদনখনে সাংবাদিকৰ নিৰাপত্তাক লৈ বিশ্বজুৰি পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰতিবেদনখনৰ তথ্য অনুসৰি, মধ্যপ্ৰাচ্য আৰু আৰৱ দেশসমূহ সাংবাদিকৰ বাবে আটাইতকৈ বিপজ্জনক অঞ্চল হিচাপে পৰিগণিত হৈছে। ইয়াৰে কেৱল পেলেষ্টাইনৰ গাজা অঞ্চলতে ৫৬ জন সাংবাদিকে যুদ্ধৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ মৃত্যুৰ মুখত পৰিছে। ইয়াৰ পিছতে ১৩ জন সাংবাদিকৰ মৃত্যুৰে য়েমেন দ্বিতীয় স্থানত আছে। আনহাতে, যুদ্ধজৰ্জৰ ইউক্ৰেইনত ৮ জন আৰু ছুদানত ৬ জন সাংবাদিকে মৃত্যুক সাৱটি লৈছে।

Apply Now

ভাৰতবৰ্ষতো সাংবাদিকৰ নিৰাপত্তা আশাব্যঞ্জক নহয়। ২০২৫ চনত দেশৰ ৪ জন সাংবাদিকে সংবাদ সংগ্ৰহৰ সময়ত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া দেশ পাকিস্তানত ৩ জন আৰু বাংলাদেশত ২ জন সংবাদকৰ্মীৰ মৃত্যুৰ তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কেৱল আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন অৱ জাৰ্নালিষ্টছ -এ নহয়, সাংবাদিকৰ নিৰাপত্তাৰ হকে কাম কৰা অন্যান্য সংস্থাসমূহেও অনুৰূপ তথ্য দাঙি ধৰিছে। ‘কমিটি টু প্ৰটেক্ট জাৰ্নালিষ্টছ’ (CPJ)-ৰ মতে এই সংখ্যা ১২৬ জন। প্ৰতিটো সংস্থাৰ তথ্যত সংখ্যাৰ সামান্য তাৰতম্য থাকিলেও, সকলোৱে একমুখে স্বীকাৰ কৰিছে যে সংবাদকৰ্মীৰ বাবে পৰিৱেশ অধিক প্ৰত্যাহ্বানমূলক হৈ পৰিছে।

প্ৰতিবেদনৰ আটাইতকৈ উদ্বেগজনক দিশটো হ’ল হত্যাকাৰীৰ সাৰি যোৱাৰ প্ৰৱণতা। তথ্য অনুসৰি, প্ৰতি ৯ জন নিহত সাংবাদিকৰ বিপৰীতে ৮ জনৰে হত্যাকাৰীক এতিয়ালৈকে কোনো শাস্তি প্ৰদান কৰা হোৱা নাই। কৰ্তব্যৰত অৱস্থাত লক্ষ্য কৰি কৰা আক্ৰমণ আৰু যুদ্ধক্ষেত্ৰৰ বিপদে সাংবাদিকসকলৰ কামত চৰম বাধাৰ সৃষ্টি কৰিছে।

সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন সাংবাদিক সংগঠনে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd