কোনো লুকঢাক নাই, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ ভেনিজুৱেলাক নিয়ন্ত্ৰণ কৰিব বুলি স্পষ্ট কৰি দিছে। ফ্ল’ৰিডাত অনুষ্ঠিত এখন সংবাদমেলত ট্ৰাম্পে কয় যে, ‘যেতিয়ালৈকে আমি নিৰাপদে আৰু ন্যায্যভাৱে ক্ষমতা হস্তান্তৰ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমিয়েই সেই দেশখন চলাম।’
অৱশ্যে ভেনিজুৱেলা কেনেদৰে পৰিচালনা কৰা হ’ব সেই বিষয়ে সঠিকভাৱে প্ৰকাশ কৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই কামত এটা নিৰ্দিষ্ট দল নিয়োজিত হ’ব, সেইটোৱেই ঘোষণা কৰা হৈছে। ভেনিজুৱেলাৰ ভূমিত মোতায়েন কৰা হ’বনে আমেৰিকাৰ সৈন্য? ট্ৰাম্পৰ কথাই তাৰো ইংগিত দিয়ে।
ভেনিজুৱেলাত আমেৰিকাৰ সামৰিক অভিযানক অতিশয় প্ৰশংসা কৰিছে ট্ৰাম্পে। তেওঁৰ ভাষাত ‘আমেৰিকাই শুকুৰবাৰে যিখিনি অৰ্জন কৰিলে, সেয়া বিশ্বৰ কোনো দেশেই লাভ কৰিব পৰা নাই। সঁচা কথা ক’বলৈ গ’লে কম সময়ৰ ভিতৰতে ভেনিজুৱেলাৰ সকলো সামৰিক ক্ষমতা শক্তিহীন হৈ পৰিল। নৌসেনা, বায়ুসেনা আৰু পদাতিক বাহিনী একেলগে ব্যৱহাৰ কৰা হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বই এনে সামৰিক অভিযান দেখা নাই।’
ট্ৰাম্পৰ দৃষ্টি সদায় ভেনিজুৱেলাৰ তৈলক্ষেত্ৰৰ ওপৰত। শনিবাৰে এখন সংবাদমেলত ট্ৰাম্পে কয়, ‘পৃথিৱীৰ আটাইতকৈ ডাঙৰ তেল কোম্পানীসমূহ আমাৰ দেশত আছে। তেওঁলোক ভেনিজুৱেলালৈ যাব। তেওঁলোকে বহুত টকা বিনিয়োগ কৰিব। বেয়া আন্তঃগাঁথনি উন্নত কৰি দেশৰ বাবে ধন ঘটাবলৈ আৰম্ভ কৰিব।’
মন কৰিবলগীয়া যে দক্ষিণ আমেৰিকাৰ দেশখনত আমেৰিকাই ইয়াৰ পূৰ্বে তেল টেংকাৰৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল। ভেনিজুৱেলাৰ সীমান্তত কোনো তেল টেংকাৰ প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব বুলি ঘোষণা কৰা হৈছিল।
আমেৰিকাৰ এই সামৰিক অভিযানক লৈ বিভিন্ন দেশৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া আহিছে। ব্ৰিটেইনে পোনপটীয়াকৈ উল্লেখ কৰিছে যে এই আক্ৰমণৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই।
ইউৰোপীয় ইউনিয়নে পৰোক্ষভাৱে মাদুৰোক দোষাৰোপ কৰিছে। অৱশ্যে ইউৰোপীয় ইউনিয়নে ৰাষ্ট্ৰসংঘৰ নীতি অনুসৰি অঞ্চলটোত শান্তি বজাই ৰাখিব বুলি উল্লেখ কৰিছে।
আনহাতে চীনে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। চীনৰ পৰা এক বিবৃতিত কোৱা হৈছে যে ‘আমেৰিকাই এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বিৰুদ্ধে বল প্ৰয়োগ কৰিছে। আমেৰিকাৰ এই কাৰ্য্যই আন্তঃৰাষ্ট্ৰীয় আইনৰ গুৰুত্ব উলংঘা কৰিছে।’





