• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন

গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল ২০২৬ : ২২ জানুৱাৰীৰ পৰা জ্যোতি চিত্ৰবনত আৰম্ভ হ’ব চলচ্চিত্ৰৰ বিশাল সমাৰোহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 3:47 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ গুৱাহাটীত পুনৰবাৰ বহিব এছীয়ান চলচ্চিত্ৰৰ বিশাল মেলা। সোমবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল চমুকৈ গ্ৰাফৰ (GAFF) দ্বিতীয় সংস্কৰণৰ বাবে নিৰ্বাচিত ছবিসমূহৰ তালিকা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। যোৱা বৰ্ষৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনি অহা ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব।

এই মহোৎসৱ ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লগতে এন এফ ডি চিৰ সহযোগত আয়োজন কৰা হৈছে।

Apply Now

এইবাৰ মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে উজবেকিস্তানৰ ছবি ‘চানডে’ প্ৰদৰ্শন কৰা হ’ব, যাৰ পৰিচালনা কৰিছে শ্বকীৰ খোলিকোভাই। আনহাতে মহোৎসৱৰ সামৰণি পৰিব ইৰাণৰ চিনেমা ‘ইন দ্য লেণ্ড অৱ ব্ৰাডাৰ্ছ’ৰ জৰিয়তে।

এই বৰ্ষৰ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ পৰিচালক গিৰীশ কাচাৰাৱলী। ইয়াৰ উপৰি সামৰণি অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে জনপ্ৰিয় অভিনেত্ৰী সোণালী কুলকাৰ্ণী উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

এছীয়ান চিনেমাৰ বিচিত্ৰ পৰম্পৰাক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে এই চলচ্চিত্ৰ মহোৎসৱত ১০ খন এছীয়ান দেশৰ উৎকৃষ্ট ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ ভিতৰত ভিয়েটনাম, মংগোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখস্তান আৰু চীন দেশৰ ছবি অন্যতম। কেৱল আন্তঃৰাষ্ট্ৰীয় ছবিয়েই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাৰাঠী, মালয়ালম, হিন্দী আদি ভাষাকে ধৰি উত্তৰ-পূবৰ অসমীয়া, কাৰ্বি, বড়ো, মিচিং, মণিপুৰী আৰু বাংলা আদি বহুতো ভাষাত নিৰ্মিত ছবি ইয়াত উপভোগ কৰিব পৰা যাব।

চাৰিদিনীয়া এই মহোৎসৱত মুঠ ২৬ খন ছবি প্ৰদৰ্শন কৰা হ’ব, যাৰ ভিতৰত আঠখন ছবিয়ে প্ৰতিযোগিতামূলক শাখাত অংশ ল’ব। ছবি প্ৰদৰ্শনৰ সমান্তৰালভাৱে ছবি পৰিচালনা, কাহিনী কথন আৰু চিনেমাৰ আধুনিক ধাৰা সম্পৰ্কে বিভিন্ন মাষ্টাৰক্লাছ আৰু আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে।

মহোৎসৱৰ সঞ্চালিকা মনিতা বৰগোহাঁইয়ে জানিবলৈ দিয়া মতে, এইবাৰ মহোৎসৱৰ বাবে ২০০ৰো অধিক আবেদন লাভ কৰা হৈছিল, যাৰ মাজৰ পৰা শ্ৰেষ্ঠ ছবিসমূহ নিৰ্বাচন কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এনেধৰণৰ এছীয়ান চলচ্চিত্ৰ মহোৎসৱ হিচাপে গ্ৰাফে ইতিমধ্যে এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd