• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত প্ৰথমবাৰৰ বাবে মুকলি হ’ল চৰকাৰী এআই ক্লিনিক : স্বাস্থ্য খণ্ডত এক নতুন যুগৰ সূচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 10:00 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চিকিৎসা ইতিহাসত এক ঐতিহাসিক পদক্ষেপ হিচাপে নয়ডাত দেশৰ প্ৰথমটো চৰকাৰী কৃত্রিম বুদ্ধিমত্তা বা এআই নির্ভৰ চিকিৎসাকেন্দ্র মুকলি কৰা হৈছে। গ্রেটাৰ নয়ডাৰ গভর্নমেন্ট ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ জিআইএমএছত এই অত্যাধুনিক এআই ক্লিনিকটো আৰম্ভ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, স্বাস্থ্য সেৱাত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰক বাস্তৱ ৰূপ দিয়াৰ দিশত এইয়া এক যুগান্তকাৰী পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। বিশেষকৈ কেন্সাৰ,, হৃদৰোগ, কিডনী আৰু লিভাৰৰ দৰে জটিল বেমাৰবোৰ অতি প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাৰ ক্ষেত্ৰত এই ক্লিনিকে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।

এই এআই ক্লিনিকটোত উন্নতমানৰ এলগৰিডম আৰু জেনেটিক স্ক্ৰীনিং ব্যৱস্থা ব্যৱহাৰ কৰি জটিল ৰোগসমূহ চিনাক্ত কৰা হ’ব। ইয়াত কেৱল ৰোগ ধৰা পেলোৱাই নহয়, বৰঞ্চ ৰোগীৰ আৰোগ্য হোৱাৰ সম্ভাৱনা কিমান সেই বিষয়েও এআইয়ে বিশ্লেষণ আগবঢ়াব। এজন ৰোগীৰ তেজৰ পৰীক্ষাৰ ৰিপ’ৰ্ট, বিভিন্ন স্কেন আৰু জেনেটিক তথ্যসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি এই ব্যৱস্থাই নিখুঁত ফলাফল দিবলৈ সক্ষম হ’ব। জিআইএমএছৰ সঞ্চালক ব্রিগেডিয়ার ডাঃ ৰাকেশ কুমাৰ গুপ্তাই জনোৱা মতে, এক্স-ৰে, আল্ট্রাসাউণ্ড, চিটি স্কেন আৰু এমআৰআইৰ দৰে পৰীক্ষাসমূহ এআই টুলৰ জৰিয়তে বিশ্লেষণ কৰা হ’ব যাতে ৰোগ নিৰ্ণয়ত কোনো ভুল নাথাকে।

Apply Now

বৰ্তমান সময়ত প্ৰযুক্তিক আওকাণ কৰি আগবঢ়াটো কঠিন হৈ পৰিছে আৰু এই নতুন উদ্যোগে উদ্ভাৱনী প্ৰযুক্তিৰ সুবিধাসমূহ পোনপটীয়াকৈ ৰোগী আৰু চিকিৎসকৰ ওচৰলৈ লৈ যাব। এই এআই ক্লিনিকৰ জৰিয়তে চিকিৎসালয়ৰ কাম-কাজবোৰ অধিক দ্ৰুত আৰু নিখুঁত হ’ব। বিশেষকৈ জৰুৰীকালীন অৱস্থাত য’ত সময়ৰ মূল্য অতি বেছি, তাত এআইয়ে অতি কম সময়ৰ ভিতৰতে ৰিপ’ৰ্ট প্ৰস্তুত কৰি গুৰুতৰ ৰোগীসকলক অগ্ৰাধিকাৰ দিয়াত সহায় কৰিব। ইয়াৰ ফলত ৰেডিঅ’লজিষ্টসকলৰ কামৰ বোজা প্ৰায় ৪০ শতাংশলৈ কমি যোৱাৰ সম্ভাৱনা আছে।

কেৱল ইমেজিং নহয়, পেথ’লজীৰ ক্ষেত্ৰতো এই ক্লিনিকে বিশেষ সহায় কৰিব। টিছু বা কলাৰ বিশ্লেষণ স্বয়ংক্ৰিয়ভাৱে কৰি এআইয়ে এনে কিছুমান তথ্য ধৰা পেলাব পাৰিব যিবোৰ হয়তো মানুহৰ চকুৱে সহজে ধৰিব নোৱাৰে। কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ ক্ষেত্ৰত ইয়াৰ অৱদান হ’ব অপৰিসীম। কিয়নো প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগ ধৰা পৰিলে চিকিৎসাৰ সফলতাৰ হাৰ বহু পৰিমাণে বৃদ্ধি পায়। ইয়াৰ উপৰি প্ৰতিজন ৰোগীৰ বাবে তেওঁৰ জীৱনশৈলী আৰু জেনেটিক তথ্যৰ ওপৰত ভিত্তি কৰি সুকীয়া চিকিৎসা পদ্ধতি বা পাৰ্চোনালাইজড ট্ৰিটমেণ্টৰ পথো ই মুকলি কৰিব। সামগ্ৰিকভাৱে এই উদ্যোগে ভাৰতৰ স্বাস্থ্য ব্যৱস্থালৈ এক বৃহৎ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd