• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিমানবন্দৰৰ সমীপতে দুৰ্ঘটনাত পতিত এখন চাৰ্টাৰ্ড বিমান;  সৌভাগ্যক্ৰমে সকলো যাত্ৰী সুৰক্ষিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2026 7:59 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ ৰুড়কেলাৰ সমীপত বুধবাৰে এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাত পতিত হয়। ৰুড়কেলাৰ জগদা ব্লকৰ অন্তৰ্গত জাল্ডা এলেকাত এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ৰুড়কেলাৰ পৰা ভুৱনেশ্বৰলৈ গৈ থকা অৱস্থাত বিমানখন নিয়ন্ত্ৰণ হেৰুৱাই মাটিত আচাৰ খাই পৰে।

বিমানখনত চাৰিগৰাকী যাত্ৰী আৰু দুগৰাকী ক্ৰু সদস্য আছিল। প্ৰাথমিক তথ্য অনুসৰি, পাইলটসহ আটাইকেইগৰাকী যাত্ৰী আৰু ক্ৰু সদস্য আহত হৈছে যদিও সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যু হোৱা নাই। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

Apply Now

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে সামাজিক মাধ্যম ‘এক্স’ত (X) এটা পোষ্ট যোগে কয়, “ৰুড়কেলাত সংঘটিত বিমান দুৰ্ঘটনাৰ খবৰ পাই মই অত্যন্ত দুখিত হৈছোঁ। ভগৱান জগন্নাথৰ কৃপাত সকলো যাত্ৰী সুৰক্ষিত থকাৰ খবৰে আশ্বস্ত কৰিছে। মই সংশ্লিষ্ট কৰ্তৃপক্ষক আহতসকলক তৎক্ষণাৎ উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছোঁ। পৰিস্থিতিৰ ওপৰত মই ব্যক্তিগতভাৱে নজৰ ৰাখি আছোঁ।”

ৰাজ্যৰ বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী বি. বি. জেনাই জনোৱা মতে, ৰুড়কেলাৰ পৰা ভুৱনেশ্বৰলৈ ছয়গৰাকী লোকক লৈ যোৱা ব্যক্তিগত বিমান ‘চাৰ্লি-২০৮’ ৰুড়কেলাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বৰ জাল্ডা এলেকাত দুৰ্ঘটনাত পতিত হয়। ৰাজ্য চৰকাৰে ইতিমধ্যে অসামৰিক বিমান পৰিবহণ সঞ্চালক প্ৰধানক (DGCA) এই বিষয়ে অৱগত কৰিছে।

ভুৱনেশ্বৰ বিমানবন্দৰৰ সঞ্চালক প্ৰসন্ন প্ৰধানে জনোৱা মতে, আহত যাত্ৰীসকল হৈছে— সুশান্ত কুমাৰ বিশ্বল, অনিতা চাহু, সুনীল আগৰৱালা আৰু সবিতা আগৰৱালা। আনহাতে, আহত ক্ৰু সদস্য দুগৰাকী হৈছে কেপ্টেইন নবীন কদংগা আৰু কেপ্টেইন তৰুণ শ্ৰীবাস্তৱ।

শীৰ্ষ অগ্নিনিৰ্বাপক বিষয়া ৰমেশ চন্দ্ৰ মাঁঝিয়ে জনায় যে, বিয়লি প্ৰায় ২:৫০ বজাত দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰুড়কেলা আৰু পানপোছৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকৰ সহায়ত যাত্ৰীসকলক উদ্ধাৰ কৰি জে.পি. হাস্পতাল আৰু আৰ.জি.এইচ. (RGH) হাস্পতাললৈ প্ৰেৰণ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে বিশেষ পদ্ধতিৰে বিমানখনৰ পৰা তেল নিঃসৰণ বন্ধ কৰি এক সম্ভাৱ্য ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰে।

সম্প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd