• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰানত গণ-বিক্ষোভৰ ভয়ংকৰ ৰূপ: নিৰাপত্তা বাহিনীৰ গুলীত ২১৭ জনৰ মৃত্যু, আহত কেইবা সহস্ৰাধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2026 9:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰানৰ সাম্প্ৰতিক ৰাজনৈতিক সংকট আৰু গণ-বিক্ষোভে এতিয়া এক চৰম উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেশখনৰ ধৰ্মীয় নেতৃত্বৰ বিৰুদ্ধে অব্যাহত থকা এই আন্দোলন যোৱা দুসপ্তাহত অভূতপূৰ্বভাৱে হিংসাত্মক হৈ পৰিছে। বিশেষকৈ শুকুৰবাৰে নিশা বিক্ষোভৰ মাত্ৰা অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ দেশতে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে। নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা এই ৰক্তাক্ত সংঘৰ্ষৰ ফলত এতিয়ালৈকে শতাধিক লোকৰ মৃত্যু ঘটিছে।

‘টাইম মেগাজিন’কে ধৰি একাধিক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, কেৱল তেহৰাণৰে ছখন হাস্পতালত অন্ততঃ ২১৭ জন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে নিৰাপত্তা বাহিনীৰ গুলীচালনাত। তেহৰাণৰ উপৰি মছহাদ, কোম, ইছফাহান, বুশ্বহৰ আদি ১১০খনতকৈও অধিক চহৰত হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে। যোৱা ১৪ দিনতকৈ অধিক সময় ধৰি চলি থকা এই আন্দোলনত বৰ্তমানলৈকে ৫ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে বুলি দাবী কৰা হৈছে।

Apply Now

চৰকাৰী তথ্য মতে, এতিয়ালৈকে ২১৭ জন প্ৰতিবাদকাৰীৰ লগতে ১৪ জন নিৰাপত্তা বাহিনীৰ জোৱানৰ মৃত্যু হৈছে। ইফালে ২,০০০তকৈ অধিক লোক আহত হৈছে আৰু আৰক্ষীয়ে প্ৰায় ২,৩০০ জনক আটক কৰিছে। বহু ঠাইত বিক্ষোভকাৰীয়ে বেংকত লুটপাত চলোৱাৰ লগতে ধৰ্মীয় অনুষ্ঠান আৰু চৰকাৰী ভৱনত অগ্নিসংযোগো কৰিছে।

প্ৰথম অৱস্থাত এই আন্দোলন আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে আৰম্ভ হৈছিল। কিন্তু কালক্ৰমত ই পোনপটীয়াকৈ দেশৰ ধৰ্মীয় শাসন আৰু চৰকাৰৰ বিৰুদ্ধে এক গণবিদ্ৰোহলৈ ৰূপান্তৰিত হয়।

এই গণবিদ্ৰোহৰ সূত্ৰপাত হৈছিল বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত। ইৰানী মুদ্ৰা ‘ৰিয়াল’ৰ অভাৱনীয় পতনৰ বিৰুদ্ধে ব্যৱসায়ীসকলে তেহৰাণৰ মাজমজিয়াত দোকান-পোহাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৩০ ডিচেম্বৰত তেহৰাণ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো এই প্ৰতিবাদত চামিল হয়। ২ জানুৱাৰীত একাংশ মুখা পৰিহিত বন্দুকধাৰী লোক ৰাজপথলৈ ওলাই অহাৰ পিছৰে পৰা প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ অধিক তীব্ৰতৰ হৈ পৰে।

তেহৰাণৰ মেয়ৰ আলীৰেজা জকানীয়ে চৰকাৰী সংবাদ মাধ্যমত কয় যে প্ৰতিবাদকাৰীয়ে চহৰখনৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰিছে। তেওঁৰ মতে, বিক্ষোভকাৰীয়ে হাস্পতাল, চিকিৎসা কেন্দ্ৰ আৰু ‘ইছলামিক ৰিভল্যুশ্যনেৰী গাৰ্ড কৰ্পছ’ (IRGC)-ৰ চাউনীসমূহতো আক্ৰমণ চলাইছে।

প্ৰতিবাদ দমনৰ উদ্দেশ্যে চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰি জনসাৰণৰ যোগাযোগ বিচ্ছিন্ন কৰাৰ চেষ্টা চলোৱা বুলি মানবাধিকাৰ সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে। এই পৰিস্থিতিয়ে ইৰানক এক গভীৰ ৰাজনৈতিক আৰু মানৱীয় সংকটৰ দিশে ঠেলি দিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd