• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ প্ৰস্তুতি? ৰাছিয়া আৰু চীনৰ সৈতে ইৰাণৰ নৌসেনাৰ অনুশীলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 9:19 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া, চীন আৰু ইৰাণ। এই তিনিখন দেশৰ বন্ধুত্ব ক্ৰমান্বয়ে বাঢ়িছে নেকি? বহুদিনৰ পৰা বিশ্লেষকসকলে এই কথা ভাবি আছিল। এতিয়া সেই ধাৰণাক তিনিওখন দেশে যেন নিশ্চিত কৰিলে। এই তিনিখন দেশে ব্ৰিকছ প্লাছৰ অধীনত এসপ্তাহজোৰা যৌথ নৌসেনাৰ অনুশীলন আৰম্ভ কৰিছে।

দক্ষিণ আফ্ৰিকাই এই অনুশীলনক সামুদ্ৰিক বাণিজ্য আৰু জাহাজৰ নিৰাপত্তা নিশ্চিত কৰাৰ এক কচৰৎ বুলি ব্যাখ্যা কৰিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বৰ্তমানৰ উত্তেজনাময় পৰিৱেশত কূটনৈতিক সমাজৰ এটা অংশই ধাৰণা কৰে যে এই অনুশীলনৰ গুৰুত্ব তাতকৈ বহু বেছি।

Apply Now

এই নৌসেনাৰ অনুশীলন এনে এটা সময়ত আৰম্ভ হৈছে যেতিয়া আমেৰিকা আৰু পশ্চিমীয়া দেশৰ সৈতে ব্ৰিকছ প্লাছৰ কেইবাখনো সদস্য দেশৰ সম্পৰ্কত স্পষ্ট উত্তেজনা দেখা গৈছে। ব্ৰিকছ প্লাছ হৈছে মূল ব্ৰিকছ মিত্ৰতাৰ এক সম্প্ৰসাৰিত ৰূপ। ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ উপৰিও এই মিত্ৰতাত এতিয়া ইৰাণ, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত, ইণ্ডোনেছিয়া আৰু ইথিওপিয়াৰ দৰে দেশকো অন্তৰ্ভুক্ত কৰা হৈছে।

দক্ষিণ আফ্ৰিকাৰ সেনাবাহিনীৰ মতে, এই যৌথ নৌসেনাৰ অনুশীলন ‘উইল ফৰ পীচ ২০২৬’ৰ অধীনত। এই অনুশীলনৰ মূল লক্ষ্য হৈছে সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰা, যৌথ কাৰ্য্যকলাপত পাৰস্পৰিক দক্ষতা বৃদ্ধি কৰা আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰা।

মুকলি অনুষ্ঠানত চীনৰ সামৰিক বিষয়াসকলে কয় যে ব্ৰাজিল, ইজিপ্ত আৰু ইথিওপিয়াই এই অনুশীলনত পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিছে। দক্ষিণ আফ্ৰিকাৰ সেনাই দাবী কৰিছে যে ব্ৰিকছ প্লাছৰ সকলো সদস্য দেশক এই অনুশীলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।

কিন্তু এই নৌসেনাৰ অনুশীলনক লৈ দেশৰ ভিতৰতে ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে। দক্ষিণ আফ্ৰিকাৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ পশ্চিমীয়া সমৰ্থক ডেম’ক্ৰেটিক এলায়েন্সে এই পদক্ষেপক দেশখনৰ ঘোষিত নিৰপেক্ষতা নীতিৰ বিপৰীত বুলি অভিহিত কৰিছে। দলটোৱে অভিযোগ কৰে যে ব্ৰিকছে বিশ্ব শক্তি সংগ্ৰামত দক্ষিণ আফ্ৰিকাক পণ্য হিচাপে ব্যৱহাৰ কৰিছে।

এই অভিযোগ প্ৰত্যক্ষভাৱে নাকচ কৰিছে দক্ষিণ আফ্ৰিকাৰ সেনাবাহিনীৰ যৌথ অভিযানৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এমফ’ মাথেবুলাই। তেওঁ কয় যে এই অনুশীলনৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই, কোনো কাৰণতে ই আমেৰিকা বিৰোধী পদক্ষেপও নহয়। তেওঁ লগতে সোঁৱৰাই দিয়ে যে দক্ষিণ আফ্ৰিকাই বিগত সময়ত বিভিন্ন সময়ত আমেৰিকাৰ নৌসেনাৰ সৈতে যৌথ অনুশীলনত অংশ লৈছিল।

তথাপিও আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলে পৰিস্থিতিক সহজভাৱে লোৱা নাই। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰিকছ দেশসমূহে ‘আমেৰিকা বিৰোধী’ এজেণ্ডা অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ লগতে শুল্ক আৰোপ কৰাৰ ভাবুকিও দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত ৰাছিয়া, চীন আৰু ইৰাণৰ যৌথ নৌসেনাৰ অনুশীলনে বিশ্বৰ ভূ-ৰাজনীতিত নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এইটো কেৱল নিয়মীয়া সামুদ্ৰিক নিৰাপত্তাৰ অনুশীলন নে সাগৰত শক্তিৰ ভাৰসাম্যৰ পৰিৱৰ্তনৰ ইংগিত? বহুতে ধাৰণা কৰে যে এই অনুশীলনে এই বাৰ্তাক শক্তিশালী কৰি তুলিছে যে ব্ৰিকছ প্লাছে ক্ৰমান্বয়ে বিকল্প শক্তি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ প্ৰকৃত প্ৰভাৱ আৰু তাৎপৰ্য কিমান গভীৰ সেয়া সময়ৰ লগে লগে স্পষ্ট হৈ পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd