চিকিৎসা বিজ্ঞানৰ ইতিহাসত মাজে মাজে এনে কিছুমান ঘটনা ঘটে যিবোৰক মানিবলৈ টান। শেহতীয়াকৈ আমেৰিকাৰ কেলিফৰ্ণিয়াত তেনে এক বিৰল ঘটনা সংঘটিত হৈছে। এগৰাকী মহিলাই জৰায়ুৰ বাহিৰত সম্পূৰ্ণ ন মাহ এটা সন্তানক গৰ্ভত ধাৰণ কৰি সুস্থ সন্তান জন্ম দি পৃথিৱীজুৰি চৰ্চা লাভ কৰিছে। সাধাৰণতে এনেধৰণৰ গৰ্ভধাৰণক এক্ট’পিক গৰ্ভাৱস্থা বুলি কোৱা হয়, য’ত ভ্ৰুণটো জৰায়ুৰ পৰিৱৰ্তে ফেল’পিয়ান টিউব বা পেটৰ আন কোনো অংশত বাঢ়িবলৈ ধৰে। এনে ক্ষেত্ৰত মাতৃ আৰু সন্তান উভয়ৰে প্ৰাণৰ মৰাত্মক বিপদ থাকে আৰু সন্তান জীয়াই থকাৰ সম্ভাৱনা লাখৰ ভিতৰত মাত্ৰ এজনৰহে থাকে।
এই আচৰিত কাহিনীটো হৈছে কেলিফৰ্ণিয়াৰ বেকাৰছফিল্ডৰ বাসিন্দা ৪১ বছৰীয়া চুজে লোপেজৰ। পেছাত এগৰাকী নাৰ্ছ চুজে দীৰ্ঘদিন ধৰি জৰায়ুৰ চিষ্টৰ সমস্যাত ভুগি আছিল। আনকি ইয়াৰ বাবে তেওঁৰ এটা ডিম্বাশয় পূৰ্বতেই অস্ত্ৰোপচাৰ কৰি আঁতৰাব লগা হৈছিল। যোৱা বছৰ যেতিয়া হঠাতে তেওঁৰ পেটটো ফুলিবলৈ ধৰিছিল আৰু ওজন প্ৰায় ১০ কেজি বাঢ়ি গৈছিল, তেতিয়া তেওঁ ভাবিছিল যে এয়া পুনৰ পুৰণা চিষ্টৰ সমস্যাই দেখা দিছে। গৰ্ভধাৰণৰ কোনো বিশেষ লক্ষণ অনুভৱ নকৰা চুজেযেতিয়া শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাত চিকিৎসকৰ ওচৰলৈ গৈছিল, তেতিয়া আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টে সকলোকে স্তম্ভিত কৰি দিছিল।
চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে চুজেৰ গৰ্ভত এটা ন মহীয়া সম্পূৰ্ণ বিকশিত ভ্ৰুণ আছে। আটাইতকৈ আচৰিত কথাটো আছিল যে এই সন্তানটো জৰায়ুত নাছিল। ভ্ৰুণটো তেওঁৰ যকৃতৰ ওচৰত থকা এক এম্নিয়টিক মোনাত বাঢ়ি আহিছিল। এই খবৰ পোৱাৰ পিছত তেওঁৰ স্বামী এণ্ড্ৰু লোপেজ গভীৰ চিন্তাত পৰিছিল, কাৰণ এনে পৰিস্থিতিত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে। কিন্তু সকলোৰে আশংকাত পানী পেলাই ২০২৫ চনৰ ১৮ আগষ্টত চুজেয়ে এটা সুস্থ পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ নাম ৰ্যু ৰখা হৈছে।
বৰ্তমান ৰ্যু সম্পূৰ্ণ সুস্থ আৰু নিজৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে। চুজে আৰু তেওঁৰ স্বামীয়ে এই সন্তানক ভগৱানৰ এক আশীৰ্বাদ বা অলৌকিক উপহাৰ বুলি অভিহিত কৰিছে। চিকিৎসা বিজ্ঞানৰ জটিলতা আৰু শাৰীৰিক প্ৰত্যাহ্বান নেওচি জন্ম লোৱা এই শিশুটি এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক কৌতূহলৰ বিষয় হৈ পৰিছে। চিকিৎসকসকলেও এই ঘটনাক এক বিৰল সফলতা হিচাপে গণ্য কৰিছে, কাৰণ এনে পৰিস্থিতিত মাতৃ আৰু সন্তান দুয়ো সুৰক্ষিত থকাটো প্ৰায় অসম্ভৱ আছিল।





