• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমাজকৰ্মী সোণম ৱাংচুকৰ আটক “অবৈধ”: পত্নী গীতাঞ্জলি আঙমোৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 3:18 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিও কাৰাৰুদ্ধ হৈ আছে সমাজকৰ্মী সোণম ৱাংচুক। তেখেতক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰা কাৰ্য “অবৈধ” আৰু ইয়াৰ কোনো “যুক্তি নাই”; সেইবাবেই কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানিত বাৰে বাৰে নতুন তাৰিখ বিচাৰিছে। সংবাদসংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৱাংচুকৰ পত্নী গীতাঞ্জলি আঙমোৱে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেওঁ সাক্ষাৎকাৰত কয়, “কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ভাৰতৰ ছলিচিটৰ জেনেৰেলে সদায় বিলম্ব কৰাৰ কৌশল অৱলম্বন কৰি ইটোৰ পিছত সিটো তাৰিখ লৈ থাকে। মোৰ ধাৰণা তেওঁলোকে উপলব্ধি কৰিছে যে এই গোচৰটোৰ কোনো ভিত্তি নাই।” আঙমোৱে লগতে কয় যে কৰ্তৃপক্ষই আইনী কাৰ্য সম্পাদন কৰোঁতে যিবোৰ নিয়ম বা পদ্ধতি অনুসৰণ কৰিব লাগিছিল, সেইবোৰ সঠিকভাৱে পালন কৰা হোৱা নাই। অন্যথা ৱাংচুক ইতিমধ্যে কাৰাগাৰৰ পৰা ওলাই আহিলহেঁতেন।

Apply Now

উল্লেখ্য যে, যোৱা ২৪ ছেপ্টেম্বৰত লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত লেহত হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনা আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে শিলগুটি নিক্ষেপ কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় তথা আৰক্ষীৰ বাহনত জুই লগাই দিছিল।

আৰক্ষীৰ গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ দুদিন পিছত, ২৬ ছেপ্টেম্বৰত ৱাংচুকক লেহত গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত তেওঁক ৰাজস্থানৰ যোধপুৰৰ এখন কাৰাগাৰলৈ লৈ যোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ দাবী যে ৱাংচুকৰ “উত্তেজনাপূৰ্ণ মন্তব্য”ৰ বাবেহে এই হিংসাৰ সূত্ৰপাত হৈছিল।

অক্টোবৰ মাহত আঙমোৱে তেওঁৰ স্বামীৰ আটকৰ আদেশক প্ৰত্যাহ্বান জনাই আৰু তেওঁৰ তাৎক্ষণিক মুক্তিৰ দাবী কৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। তেওঁ যুক্তি দিছিল যে এই আটকৰ আদেশটো “পুৰণি, অপ্ৰাসংগিক আৰু বাহ্যিক” এফ আই আৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, য’ত বহুতো ক্ষেত্রত ৱাংচুকৰ নাম উল্লেখ নাই।

তেওঁ কয় যে এইটো এটা “স্পষ্ট গোচৰ” আৰু এই আটকাধীন কাৰ্যই দেশৰ “গণতন্ত্ৰৰ অৱস্থা” প্ৰতিফলিত কৰিছে, য‘ত দেশৰ বাবে কাম কৰি থকা লোকসকলক অবৈধভাৱে আটক কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয়, “যদি এয়া সোণমৰ সৈতে হ‘ব পাৰে, তেন্তে ই আন যিকোনো লোকৰ লগতো হ‘ব পাৰে।”

আঙমোৱে জনোৱা মতে, আটকৰ নিৰ্দেশনামা লাভ কৰিবলৈ আৰু স্বামীক সাক্ষাৎ কৰিবলৈকো তেওঁ আদালতৰ কাষ চাপিবলগীয়া হৈছিল। আনকি স্বামীয়ে হাতেৰে লিখা টোকা লাভ কৰাটোও কঠিন হৈ পৰিছিল। অৱশ্যে ১৫ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায় যে ৱাংচুকে নিজৰ আটকক প্ৰত্যাহ্বান জনাবলৈ কাৰাগাৰত প্ৰস্তুত কৰা টোকাসমূহ পত্নীৰ সৈতে ভাগ-বতৰা কৰাত চৰকাৰৰ কোনো আপত্তি নাই।

তেওঁ আৰু আঙুলিয়াই দিয়ে যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত, আটকৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰা সকলো নথি ৫ দিন বা সৰ্বাধিক ১০ দিনৰ ভিতৰত আটক হোৱা ব্যক্তিক যোগান ধৰিব লাগে। কিন্তু তেওঁ অভিযোগ কৰে যে কৰ্তৃপক্ষই নিৰ্ভৰ কৰা চাৰিটা ভিডিঅ‘ ২৮ দিনৰ পিছতহে ৱাংচুকক দিয়া হৈছিল। তেওঁৰ মতে, এয়া আইনী ব্যৱস্থাৰ এক গুৰুতৰ ত্ৰুটি আৰু ইয়াৰ বাবেই এই আটকৰ আদেশ আৰম্ভণিৰে পৰা বাতিলযোগ্য হ‘ব লাগে।

“কেৱল এইটো কাৰণতেই এয়া এটা স্পষ্ট গোচৰ, কাৰণ ই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ৮ নং ধাৰা উলংঘা কৰিছে। ইয়াৰ পৰিণতিস্বৰূপেই তেওঁ এই ভিডিঅ‘সমূহ লাভ নকৰাৰ বাবে নিজৰ পক্ষ কাৰ্যকৰীভাৱে উপস্থাপন কৰাৰ সুযোগৰ পৰা বঞ্চিত হ‘ল।”

আঙমোৱে লগতে অভিযোগ কৰে যে আটকৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰা তথ্যসমূহ “পুৰণি” আৰু ইয়াৰে কিছুমান ভিডিঅ‘ ডেৰ বছৰ বা এবছৰৰো অধিক পুৰণি। তেওঁ কয় যে কৰ্তৃপক্ষই উল্লেখ কৰা পাঁচখন এফআইআৰৰ ভিতৰত তিনিখনতে ৱাংচুকৰ নাম নাই। যি দুখনত তেওঁৰ নাম আছে, তাৰে এখন আগষ্ট মাহৰ পুৰণি আৰু সেই সন্দৰ্ভত পূৰ্বে কোনো জাননী বা সোধা-পোছা কৰা হোৱা নাছিল। তদুপৰি, জিলা দণ্ডাধীশৰ আটকৰ নিৰ্দেশটো আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰস্তাৱটোৰ দৰে আছিল, য‘ত কোনো ধৰণৰ স্বাধীন বিচাৰ-বুদ্ধি প্ৰয়োগ কৰা হোৱা নাছিল।

সংসদত এই বিষয়টো উত্থাপন হোৱা সন্দৰ্ভত আঙমোৱে লাডাখৰ সাংসদ মহম্মদ হানিফাকে ধৰি যিসকলে মাত মাতিছে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। কিন্তু তেওঁ এইবুলিও অসন্তুষ্টি প্ৰকাশ কৰে যে বিষয়টো যিমান শক্তিশালীভাৱে উত্থাপন হ‘ব লাগিছিল, সিমান হোৱা নাই।

আঙমোৱে শেষত কয় যে এই ঘটনাই সমাজত বাঢ়ি অহা মেৰুকৰণক (polarization) উন্মোচিত কৰিছে। তেওঁ মানুহক দলীয় বা সাম্প্ৰদায়িক চিন্তাৰ ঊৰ্ধ্বত উঠি নিজৰ বিবেক আৰু জ্ঞান ব্যৱহাৰ কৰি স্বাধীন ভাৰতৰ এজন প্ৰকৃত নাগৰিক হ‘বলৈ আহ্বান জনায়। তেওঁ কয়, “আমি যেন নিজৰ বিচাৰ-বুদ্ধি হেৰুৱাই নেপেলাওঁ আৰু কোনো নিৰ্দিষ্ট আখ্যান বা দলীয় আদৰ্শৰ দ্বাৰা প্ৰভাৱিত নহওঁ।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd