• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কঠোৰ প্ৰস্তাৱ: বিপক্ষে ভোট দিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2026 5:23 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভূ-ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পাক! শেহতীয়াকৈ ইৰানত চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা কঠোৰ দমন-নীতিক গৰিহণা জনাই ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদে গ্ৰহণ কৰা এক প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰিছে ভাৰতে। হাজাৰ হাজাৰ লোকৰ মৃত্যু আৰু মানৱাধিকাৰ উলংঘনৰ গুৰুতৰ অভিযোগৰ মাজতে ভাৰতৰ এই স্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে।

৪৭ জনীয়া এই সদস্য পৰিষদত ইৰান চৰকাৰৰ “নিৰ্মম দমন” বন্ধ কৰাৰ দাবী জনাই উত্থাপন কৰা এই প্ৰস্তাৱটো গৃহীত হয়। পৰিষদৰ ২৫ খন সদস্য ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৪ খন সদস্য ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকে। আনহাতে, ভাৰত আৰু চীনকে ধৰি সাতখন দেশে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি বিপক্ষে ভোটদান কৰে।

Apply Now

উল্লেখ্য যে, যোৱা ২৮ ডিচেম্বৰৰ পৰা ইৰানত এই প্ৰতিবাদ আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই অসন্তুষ্টি আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি পায়। এতিয়া দেশখনৰ ১০০ৰো অধিক চহৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ইৰানৰ ধৰ্মীয় শাসনৰ অন্ত পেলোৱাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে।

পৰিষদৰ প্ৰস্তাৱত শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত চলোৱা “হিংসাত্মক দমন-নীতি”ৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। এই হিংসাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘই ইৰানক তেওঁলোকৰ মানৱাধিকাৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিবলৈ আৰু বিচাৰবহিৰ্ভূত হত্যাকাণ্ড, বলপূৰ্বক অন্তৰ্ধান তথা স্বেচ্ছাচাৰী গ্ৰেপ্তাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে।

এচ’চিয়েটেড প্ৰেছ (AP)-এ সক্ৰিয়কৰ্মীৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, এই দমন-নীতিত মৃত্যু হোৱা লোকৰ সংখ্যা অতি কমেও ৫,০০০ জনলৈ বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত ‘হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সী‘ৰ মতে, মৃতকৰ ভিতৰত ৪,৭০০ৰো অধিক প্ৰতিবাদকাৰী, ২০০ৰো অধিক চৰকাৰপন্থী প্ৰদৰ্শনকাৰী, ৪৩টি শিশু আৰু ৪০ গৰাকী সাধাৰণ নাগৰিক অন্তৰ্ভুক্ত আছে। যোৱা কেইবা দশকৰ ভিতৰত ইৰানত সংঘটিত হোৱা এয়া আটাইতকৈ ভয়াবহ হিংসাত্মক ঘটনা। ইয়াৰ উপৰি প্ৰায় ২৬,৮০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও সংস্থাটোৱে জানিবলৈ দিছে।

আনহাতে, ইৰান চৰকাৰে যোৱা বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৩,১০০ জন। তেওঁলোকৰ দাবী অনুসৰি ইয়াৰে ২,৪০০ জন সাধাৰণ নাগৰিক আৰু নিৰাপত্তাকৰ্মী, আনহাতে বাকীসকল “সন্ত্ৰাসবাদী”।

প্ৰতিবাদকাৰীৰ মাত স্তব্ধ কৰিবলৈ যোৱা ৮ জানুৱাৰীত কৰ্তৃপক্ষই দেশখনত ইন্টাৰনেট আৰু টেলিফোন সেৱা কৰ্তন কৰিছিল। এই অশান্তিৰ বাবে ইৰান চৰকাৰে আমেৰিকা আৰু ইজৰাইলক দোষাৰোপ কৰিছে। ১৩ জানুৱাৰীৰ পৰা নিষেধাজ্ঞাসমূহ কিছু শিথিল কৰা হৈছে যদিও এতিয়াও মেছেজ সেৱা বন্ধ হৈ আছে আৰু কেৱল চৰকাৰ অনুমোদিত স্থানীয় চাইটসমূহহে চলি আছে।

ইন্টাৰনেট সেৱা বন্ধ হৈ থকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ গোটসমূহে স্বতন্ত্ৰভাৱে তথ্য সংগ্ৰহ কৰাত বাধাৰ সন্মুখীন হৈছে। ইফালে, মানৱাধিকাৰ উলংঘনৰ তথ্য সংগ্ৰহ আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘই এটা স্বতন্ত্ৰ তদন্তকাৰী দলৰ কাৰ্যকাল আৰু দুবছৰৰ বাবে বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd