• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 8:37 am
173
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাক্ক্ষণত ঘোষণা কৰা হৈছে ২০২৬ বৰ্ষৰ পদ্ম বঁটাপ্ৰাপকৰ নাম। শিল্প, সাহিত্য, সংস্কৃতি, স্বাস্থ্যসেৱা, সামাজিক ক্ষেত্ৰৰ বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিলৈ স্বীকৃতি এই সন্মান।

এইবাৰৰ পদ্ম বঁটাপ্ৰাপকৰ তালিকাত আছে অসমৰ ৫ গৰাকী ব্যক্তি। নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী, ড° যোগেশ দেউৰী, হৰিচৰণ শইকীয়ালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। লগতে প্ৰয়াত ৰাজনীতিক কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

Apply Now

কাৰ্বি লোক-সংগীতৰ বিশিষ্ট শিল্পী পখিলা লেকথেপীলৈ আগবঢ়োৱা হৈছে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’। কাৰ্বি পৰম্পৰাগত সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া পখিলা লেকথেপীৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অতুলনীয় অৱদান আছে।

বিশিষ্ট ভাস্কৰ্য শিল্পী তথা কলা-নিৰ্দেশক নুৰুদ্দিন আহমেদলৈও আগবঢ়োৱা হৈছে  ‘পদ্মশ্ৰী’। অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ অনন্য সৃষ্টিৰাজিৰে নৱজাগৰণৰ সূচনা কৰা আহমেদৰ পদ্মশ্ৰী প্ৰাপ্তি অসমীয়াৰ বাবে গৌৰৱৰ ক্ষণ। শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকাই তোলাৰ বাবে নুৰুদ্দিন আহমেদলৈ এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখ্য যে নুৰুদ্দিন আহমেদে ইতিমধ্যে সংগীত নাটক অকাডেমি বঁটাও লাভ কৰিছে।

ৰাজ্যৰ বিশিষ্ট এৰি তথা ৰেচম বিশেষজ্ঞ ড° যোগেশ দেউৰীলৈও আগবঢ়োৱা হৈছেদেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ বঁটা। মুগা আৰু এৰি শিল্পৰ গৱেষণা তথা উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰা ড° দেউৰীৰ এই কৃতিত্ব সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। শৈক্ষিক নিষ্ঠা আৰু ৰেচম ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ড° যোগেশ দেউৰীলৈ এই সন্মান আগবঢ়োৱা হৈছে।

লখিমপুৰৰ বিহপুৰীয়াৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়ালৈও আগবঢ়োৱা হৈছে ‘পদ্মশ্ৰী’ সন্মান। ছয় দশকতকৈও অধিক কাল সত্ৰীয়া নৃত্য আৰু সংস্কৃতিৰ সাধনাত জড়িত হৰিচৰণ শইকীয়াই সত্ৰীয় নৃত্য আৰু সংস্কৃতিৰ এখন বিদ্যালয় স্থাপন কৰি সত্ৰীয় সংস্কৃতিলৈ অৱদান আগবঢ়াই থকা শইকীয়াই সত্ৰীয়া নৃত্যত মহিলাৰ অংশগ্ৰহণক উৎসাহিত কৰি আহিছে।

আনহাতে, শিলচৰৰ পৰা তিনিটা কাৰ্যকালৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী, প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। ৪৫ বছৰতকৈও অধিক সময় সামাজিক সেৱাৰ বাবে নিজকে উৎসৰ্গিত কৰা প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থই শ্ৰীভূমিস্থিত ৰামকৃষ্ণ বিদ্যাপীঠৰ অধ্যক্ষ হিচাপে দেশৰ শিক্ষা ক্ষেত্ৰলৈও আগবঢ়াই যোৱা অনবদ্য অৱদানৰ বাবে এই পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd