• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

গণতন্ত্ৰ দিৱসত ছানী দেওলৰ ধুমুহা : ২০০ কোটিৰ লক্ষ্যৰে আগবাঢ়িছে বৰ্ডাৰ ২

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 3:16 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছানী দেওলৰ ছবি মানেই বক্স অফিচত এক বিৰাট বিস্ফোৰণ। এই কথাটো পুনৰ এবাৰ প্ৰমাণ কৰিলে বৰ্ডাৰ ২ নামৰ ছবিখনে। মুক্তিৰ মাত্ৰ তিনি দিনৰ ভিতৰতে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এই ছবিখনে এক নতুন অভিলেখ গঢ়িছে।

সাধাৰণতে সোমবাৰৰ দৰে কৰ্মব্যস্ত দিনত বহুতো ডাঙৰ ছবিৰ ব্যৱসায় কিছু পৰিমাণে কমি যায়, কিন্তু জে পি দত্তৰ উত্তৰসুৰীসকলে সোমবাৰে বক্স অফিচত যি চমক দেখুৱালে, তাক দেখি বাণিজ্য বিশেষজ্ঞসকল আচৰিত হৈ পৰিছে। চতুৰ্থ দিনৰ অন্তত ছবিখন এতিয়া দ্ৰুতগতিত ২০০ কোটি টকাৰ ক্লাবৰ দিশে আগবাঢ়িছে।

Apply Now

ট্ৰেড এনালিষ্টসকলৰ প্ৰাথমিক হিচাপ অনুসৰি, সোমবাৰে প্ৰজাতন্ত্ৰ দিৱসৰ দিনা ছবিখনৰ উপাৰ্জন যোৱা চাৰি দিনৰ ভিতৰত সৰ্বাধিক আছিল। ই প্ৰমাণ কৰিছে যে দেশপ্ৰেমমূলক ছবি আজিও বক্স অফিচত এক সফল সূত্ৰ। চতুৰ্থ দিনা ছবিখনে ৫৬ কোটি টকা উপাৰ্জন কৰিছে, যিটো তৃতীয় দিনৰ উপাৰ্জনতকৈও বেছি। ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জন আছিল ৩০ কোটি টকা, দ্বিতীয় দিনা ৩৬.৫ কোটি আৰু তৃতীয় দিনা ই ৫৪.৫ কোটিলৈ বৃদ্ধি পাইছিল। সকলো মিলি চাৰি দিনত ছবিখনৰ আনুমানিক উপাৰ্জন ভাৰতীয় বক্স অফিচত প্ৰায় ১৭৭ কোটি টকা হৈছে। আনহাতে বিশ্বজুৰি ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ই ইতিমধ্যে ১৮৫ কোটি টকা অতিক্ৰম কৰিছে।

সাধাৰণতে দেওবাৰৰ পাছত সোমবাৰে ছবিৰ উপাৰ্জন যথেষ্ট হ্ৰাস পায়, কিন্তু বৰ্ডাৰ ২ ৰ ক্ষেত্ৰত তেনে কোনো পতন দেখা নগ’ল। ইয়াৰ এটা ডাঙৰ কাৰণ হ’ল প্ৰজাতন্ত্ৰ দিৱসৰ ছুটি আৰু দৰ্শকৰ আবেগ। সানি দেওলৰ লগতে বৰুণ ধাওয়ান আৰু দিলজিৎ দোচাঞ্জৰ যুটিয়ে সকলো বয়সৰ দৰ্শকক ছবিগৃহলৈ আকৰ্ষিত কৰিছে। ছবিখনৰ কাহিনী আৰু শক্তিশালী অভিনেতাৰ দলটোৱে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ছানী দেওলক ইয়াত এজন অভিজ্ঞ সেনা জোৱানৰ চৰিত্ৰত দেখা গৈছে আৰু দিলজিৎ দোচাঞ্জক এগৰাকী ফাইটাৰ পাইলটৰ চৰিত্ৰত দেখা গৈছে। আহান শেট্টীয়ে নৌসেনাৰ জোৱানৰ ভূমিকাত আৰু বৰুণ ধাওয়ানেও এজন সেনা কৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছে।

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ প্ৰেক্ষাপটত নিৰ্মিত এই ছবিখনত ভাৰতীয় স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ যুটীয়া অভিযানৰ কাহিনী কোৱা হৈছে। যি গতিৰে ছবিখন আগবাঢ়িছে, সেই অনুসৰি অহা বুধবাৰৰ ভিতৰতে এই ছবিখনে ২০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব বুলি ধাৰণা কৰা হৈছে।

চিনেমা হলৰ মালিকসকলৰ মতে সৰু চহৰৰ পৰা ডাঙৰ চহৰলৈকে সকলোতে বৰ্ডাৰ ২ ক লৈ উত্তেজনা তুংগত আছে। অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০২৬ চনৰ প্ৰথমটো ব্লকবাষ্টাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। এই সপ্তাহত আন কোনো ডাঙৰ ছবি মুক্তি নোপোৱাৰ বাবে বক্স অফিচত ছানী দেওলৰ এই জয়যাত্ৰা অব্যাহত থকাটো নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd