• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ উন্নতি

নংনী তেৰাং by নংনী তেৰাং
June 16, 2018 10:27 pm
Flood affected people of West Karbi Anglong

পশ্চিম কাৰ্বি আংলঙৰ বানাক্ৰান্ত লোক।

182
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ আজি সামান্য উন্নতি হোৱা বুলি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সূত্ৰই জনাইছে। সমগ্ৰ বান পৰিস্থিতি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে নিৰীক্ষণ কৰি আছে বুলি সূত্ৰটোৱে দাবী কৰে।

আনহাতে কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তই কয়, “কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে। ভুক্তভোগী বহু লোক ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে। জিলা দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ডি পি অ’ স্মিতা চেতিয়াই কয় যে কাৰ্বি আংলং জিলাখনত ৰেশ্যনৰ সামগ্ৰী বিতৰণ কৰা হৈছে। “জলস্তৰ তললৈ নামি গৈছে। দলামৰাতো পানী শুকুৱা দেখা গৈছে। তাত এটা সাহায্য শিবিৰ আছিল যদিও এতিয়া সেইটো বন্ধ কৰি দিয়া হৈছে। চাউল, নিমখ আদিৰ দৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী যোৱা দুদিন পূৰ্বেই বিতৰণ কৰা হৈছিল।

ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ উপাযুক্ত দেৱজ্যোতি হাজৰিকায়ো জিলাখনত বান পৰিস্থিতিৰ উন্নতি হোৱা বুলি জানিবলৈ দিছে। তেওঁ কয় যে বৰষুণৰ লগতে কাৰ্বি লাংপি বান্ধৰ পানী এৰি দিয়াৰ ফলতেই এই বান পৰিস্থিতিয়ে দেখা দিছিল। বান্ধটোৰ পৰা তিনিখন গেইটেৰে পানী এৰি দিয়া হৈছিল বুলি উপায়ুক্তজনে জানিবলৈ দিয়ে। “আমি লাংপি নদীৰ নামনিত থকা লোকসকলক সতৰ্ক কৰি দিয়াৰ উপৰি তেওঁলোকক উচ্চ স্থানলৈ যাবলৈ অনুৰোধ কৰিছিল। প্ৰশাসনে ভুক্তভোগীসকল থকা ঠাইত পৰ্য্যাপ্ত ৰেশ্যন সামগ্ৰী, স্বাস্থ্যসেৱা আগ বঢ়াইছিল।” উপায়ুক্তজনে কয়। তেওঁ কয় যে সাহায্য শিবিৰত থকা বহু সংখ্যক লোক এতিয়া ঘৰলৈ ঘূৰি গৈছে। বৰষুণ পুনৰ নহ’লে অহা ২৪ ঘণ্টাৰ ভিতৰত এই শিবিৰবোৰৰ সকলো লোক ঘৰলৈ ঘূৰি যাব পাৰিব বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে কেৱল পশ্চিম কাৰ্বি আংলং জিলাতেই মুঠ ৪,৪৫০জন লোক বানত আক্ৰান্ত হৈছিল।

কৰিমগঞ্জত বানে লৈ তীব্ৰ ৰূপ :

আনহাতে কৰিমগঞ্জ জিলাত নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানে বিষম ৰূপ ধৰি আছে। জিলাখনৰ কুশিয়াৰা নদীত ফেনে-ফোটোকাৰে ওফন্দি উঠি পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে। আনহাতে জিলাখনৰ বিসৰ্জনঘাট মথাউৰিটো ছিগাৰ ফলত কৰিমগঞ্জ চহৰখন জলমগ্ন হৈ পৰিছে।

 

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd