দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ স্কুলত এতিয়াৰে পৰা ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ চেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰিব লাগিব। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই নিৰ্দেশ দিছে। এই ৰায়দানৰ জৰিয়তে বিদ্যালয়সমূহত কিশোৰী ছাত্ৰীসকলৰ ঋতুস্ৰাৱকালীন স্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে স্পষ্টকৈ জনাইছে যে ভাৰতীয় সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত ঋতুকালীন স্বাস্থ্যক মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হৈছে। ন্যায়ালয়ৰ মতে ঋতুস্ৰাৱৰ স্বাস্থ্য ৰক্ষা কৰাৰ অধিকাৰ সংবিধান প্ৰদত্ত জীৱন ধাৰণৰ অধিকাৰৰেই এক অংশ। এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটোৱে ছাত্ৰীসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
এই নিৰ্দেশ অমান্য কৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। যদি কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্ৰীসকলক বিনামূলীয়াকৈ নেপকিন যোগান নধৰে, তেন্তে সেই বিদ্যালয়ৰ স্বীকৃতি পৰ্যন্ত বাতিল কৰা হ’ব পাৰে। ইয়াৰ লগতে সকলো বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীসকলৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা থকাটো বাধ্যতামূলক কৰা হৈছে। আদালতৰ নিৰ্দেশ অনুসৰি চৰকাৰী আৰু বেচৰকাৰী সকলো স্কুলতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শৌচালয় থাকিব লাগিব।
যদি কোনো ৰাজ্য চৰকাৰ বা সংশ্লিষ্ট প্ৰশাসনে ছাত্ৰীসকলৰ বাবে শৌচালয় আৰু বিনামূলীয়া চেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰাত ব্যৰ্থ হয়, তেন্তে তাৰ সম্পূৰ্ণ দায়বদ্ধতা চৰকাৰখনেই ল’ব লাগিব বুলিও আদালতে জানিবলৈ দিছে। জয়া ঠাকুৰ নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক জনস্বাৰ্থ জড়িত গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। ২০২৪ চনৰ ১০ ডিচেম্বৰত দাখিল কৰা এই আবেদনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিশোৰী ছাত্ৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ঋতুস্ৰাৱকালীন স্বাস্থ্য নীতি বাধ্যতামূলকভাৱে ৰূপায়ণ কৰাৰ দাবী জনোৱা হৈছিল।





