• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লিবিয়াৰ প্ৰাক্তন শাসক গাড্ডাফীৰ পুত্ৰ ছাইফ আল ইছলাম গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 6:00 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিবিয়াৰ প্ৰাক্তন একনায়কত্ববাদী শাসক মুৱাম্মাৰ গাড্ডাফীৰ পুত্ৰ তথা এসময়ৰ উত্তৰাধিকাৰী ছাইফ আল ইছলাম গাড্ডাফীক তেওঁৰ নিজ গৃহতে গুলীয়াই হত্যা কৰা হৈছে। লিবিয়াৰ জিণ্টান চহৰত সংঘটিত হোৱা এই চাঞ্চল্য্যকৰ হত্যাকাণ্ডৰ বিষয়ে পশ্চিম লিবিয়াৰ নিৰাপত্তাৰক্ষীৰ সূত্ৰই তথ্য প্ৰদান কৰিছে। ৰাজধানী ট্ৰিপলিৰ পৰা প্ৰায় ১৩৬ কিলোমিটাৰ নিলগত অৱস্থিত এই চহৰখনতে ৫৩ বছৰীয়া গাড্ডাফীয়ে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল। তেওঁৰ মৃত্যুৰ খবৰ ছাইফ আল ইছলামৰ অধিবক্তা খালেদ আল জাইদী আৰু ৰাজনৈতিক সহযোগী ওথমান আব্দুৰাহিমে সামাজিক মাধ্যমৰ জৰিয়তে নিশ্চিত কৰিছে।

স্থানীয় সংবাদ মাধ্যম ফাৱাচেল মিডিয়াৰ তথ্য অনুসৰি, এক সশস্ত্ৰ দুষ্কৃতিকাৰীৰ দলে ছাইফ আল ইছলামৰ ঘৰত সোমাই এই হত্যাকাণ্ড সংঘটিত কৰে। পৰৱৰ্তী সময়ত তেওঁৰ ৰাজনৈতিক দলে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে চাৰিজন মুখা পিন্ধা লোকে তেওঁক হঠাতে আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ সময়ত গাড্ডাফীৰ পুত্ৰই দুষ্কৃতিকাৰীৰ সৈতে যুঁজ দিছিল যদিও শেষ ৰক্ষা নহ’ল। সমগ্ৰ ঘটনাটো তেওঁৰ ঘৰৰ চি চি টিভিত বন্দী হৈছে আৰু বৰ্তমান লিবিয়াৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Apply Now

ছাইফ আল ইছলামৰ জন্ম ১৯৭২ চনত ট্ৰিপলিত হৈছিল আৰু তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল। দেউতাক মুৱাম্মাৰ গাড্ডাফীৰ শাসনকালত তেওঁক এক সংস্কাৰবাদী মুখ হিচাপে চৰ্চা কৰা হৈছিল। ২০১১ চনত নাটো বাহিনীৰ সমৰ্থনত লিবিয়াত হোৱা বৃহৎ বিদ্ৰোহত গাড্ডাফী শাসনৰ পতন ঘটে আৰু সেই একে বছৰৰে অক্টোবৰ মাহত মুৱাম্মাৰ গাড্ডাফী নিহত হয়। দেউতাকৰ মৃত্যুৰ পাছত লিবিয়া গৃহযুদ্ধৰ কৱলত পৰে আৰু ছাইফ আল ইছলামে দেশৰ পৰা পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত জিণ্টানৰ যোদ্ধাসকলৰ হাতত ধৰা পৰে।

দীৰ্ঘদিন ধৰি বন্দী হৈ থকাৰ পিছত ২০১৭ চনত লিবিয়াৰ বিৰোধী চৰকাৰে তেওঁক ক্ষমা কৰি দিছিল আৰু তেতিয়াৰ পৰাই তেওঁ জিণ্টান চহৰত আছিল। অৱশ্যে ২০১৫ চনত লিবিয়াৰ এখন আদালতে তেওঁক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল আৰু আন্তৰ্জাতিক ফৌজদাৰী আদালতেও তেওঁক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে বিচাৰি আছিল। ২০২১ চনত তেওঁ লিবিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰি পুনৰ চৰ্চালৈ আহিছিল যদিও বিভিন্ন ৰাজনৈতিক কাৰণত সেই নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। তেওঁৰ এই আকস্মিক মৃত্যুৱে এতিয়া লিবিয়াৰ ৰাজনৈতিক পৰিস্থিতিত পুনৰ তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd