• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰযুক্তি

আপোনাৰ অজ্ঞাতে গুগলত লৈছে নেকি ব্যক্তিগত তথ্য? স্মাৰ্টফোন ব্যৱহাৰৰ সময়ত এই ভুলবোৰ কৰা নাইতো?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 7:40 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত প্ৰযুক্তি অবিহনে আমাৰ জীৱনটো কল্পনা কৰাই অসম্ভৱ হৈ পৰিছে। স্মাৰ্টফোনটো আমাৰ হাতৰ মুঠিত থকাৰ বাবে ই গোটেই বিশ্বখনক চাব পৰা এক সহজ মাধ্যম হৈ পৰিছে। যিকোনো তথ্য বিচাৰি উলিওৱাৰ পৰা আদি কৰি অচিনাকি ঠাইৰ বাট বিচাৰি পোৱা বা ঘৰতে বহি খাদ্য অৰ্ডাৰ কৰালৈকে সকলোবোৰ এতিয়া এক ক্লিকতেই সম্ভৱ। বিশেষকৈ ক’ৰোনাৰ পাছৰ পৰা আমাৰ সকলোৰে মাজত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে বৃদ্ধি পাইছে।

আজিৰ নৱপ্ৰজন্মই চচিয়েল মিডিয়াত অধিক সময় কটোৱাৰ ফলত গুগল, ইউটিউব বা জিমেইলৰ দৰে এপসমূহ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। কিন্তু সমস্যাটো হৈছে এই এপবোৰ ব্যৱহাৰ কৰাৰ সময়ত আমি জনা-অজানিতে গুগলক আমাৰ বহু ব্যক্তিগত তথ্য দি দিওঁ। আপুনি কলৈ গৈছে, ইণ্টাৰনেটত কি বস্তু বিচাৰিছে বা কোনটো এপ কিমান দেৰি চলাইছে সেই সকলোবোৰ তথ্য গুগলৰ ডেটা বক্সত জমা হৈ থাকে। অৱশ্যে এতিয়া ব্যৱহাৰকাৰীসকলে নিজেই চাব পাৰে যে গুগলে তেওঁলোকৰ কোনবোৰ তথ্য সংগ্ৰহ কৰি ৰাখিছে।

Apply Now

গুগলে আপোনাৰ বহুতো গোপনীয় তথ্য সংগ্ৰহ কৰে যিবোৰৰ বিষয়ে আপুনি হয়তো সচেতন নহয়। যদি আপোনাৰ ফোনৰ লোকেচন অন থাকে তেন্তে গুগলে সহজেই জানিব পাৰে আপুনি বৰ্তমান ক’ত আছে আৰু ক’ৰ পৰা ক’লৈ গৈছে। কেৱল সেয়াই নহয় আপুনি চাৰ্চ ইঞ্জিন বা ইউটিউবত যিবোৰ বস্তু বিচাৰে সেই সকলোবোৰ চাৰ্চ হিষ্ট্ৰী হিচাপে জমা হৈ থাকে। আনকি ভইচ চাৰ্চৰ জৰিয়তেও আপুনি কোনবোৰ বিষয়ত আগ্ৰহী সেইটো গুগলে বুজি পায়। এই সকলোবোৰ আপোনাৰ অজ্ঞাতে জমা হৈ থাকে যদিও আপুনি নিজৰ ফোনৰ জৰিয়তেই এইবোৰ পৰীক্ষা কৰি চাব পাৰে। ইয়াৰ বাবে প্ৰথমে ফোনৰ ছেটিংছলৈ গৈ গুগল অপচনত ক্লিক কৰি মেনেজ ইউৰ গুগল একাউণ্টলৈ যাব লাগিব। তাৰ পাছত ডাটা এণ্ড প্ৰাইভেচী ছেকচনলৈ গ’লে আপুনি দেখিবলৈ পাব যে কোনবোৰ ৱেবছাইট বা এপৰ তথ্য গুগলে সংগ্ৰহ কৰি ৰাখিছে। ইয়াৰ পৰাই আপুনি আপোনাৰ লোকেচন ডাটা সংৰক্ষণ কৰা হৈছে নে নাই সেইটোও চাব পাৰিব।

আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰখাৰ বাবে কিছুমান সজাগতা অতি দৰকাৰী। যদি প্রয়োজন নাই তেন্তে ফোনৰ লোকেচন সদায় অফ কৰি ৰাখিব লাগে। তদুপৰি ফোনৰ ছেটিংছত থকা অটো ডিলিট অপচনটো অন কৰি থ’লে আপোনাৰ ডাটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিজে নিজেই ডিলিট হৈ যাব। আপুনি ৩ মাহ, ১৮ মাহ বা ৩৬ মাহৰ বাবে এই সময় নিৰ্ধাৰণ কৰি দিব পাৰে। ইয়াৰ উপৰি এড পাৰ্চনেলাইজেচন অপচনটো অফ কৰি ৰাখিলে গুগলে আপোনাৰ চাৰ্চ কৰা অভ্যাস ট্ৰেক কৰিব নোৱাৰে। যদি আপুনি ভইচ কমাণ্ড ব্যৱহাৰ নকৰে তেন্তে সেইটোও বন্ধ কৰি ৰখাটোৱেই নিৰাপদ। স্মাৰ্টফোনে আমাৰ জীৱনটো সহজ কৰি তুলিলেও আমাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ বাবে সচেতন হোৱাটো খুবেই দৰকাৰী। নহ’লে আপোনাৰ অজান্তেই আপোনাৰ ব্যক্তিগত তথ্যবোৰ ডাঙৰ টেক কোম্পানীসমূহৰ হাতলৈ গুচি যাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd