পঞ্জাৱৰ জালন্ধৰত আম আদমী পাৰ্টীৰ নেতা লাকী অবেৰয়ক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰাৰম্ভিক খবৰ অনুসৰি মডেল টাউনৰ গুৰুদ্বাৰা চাহিবৰ বাহিৰত অবেৰয়ক লক্ষ্য কৰি কেইবা জাঁয়ো গুলীচালনা কৰা হয়। সেই সময়ত তেওঁ নিজৰ বাহনখন পাৰ্কিং কৰি আছিল আৰু তেনে সময়তে দুচকীয়া বাহনত অহা আক্ৰমণকাৰীয়ে তেওঁক লক্ষ্য কৰি গুলী বৰ্ষণ কৰে।
অবেৰয়ৰ দেহত পাঁচটাকৈ গুলী লাগে বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত নেতাগৰাকীক লগে লগে চিকিৎসাৰ বাবে এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তালাচী চলাইছে আৰু দোষীক কৰায়ত্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে লাকী অবেৰয়ৰ পত্নীয়ে ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী হিচাপে পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও সেই নিৰ্বাচনত তেওঁ জয়ী হ’ব পৰা নাছিল। দিনদুপৰতে জনবহুল স্থানত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।





