হিকটি অহাটো আমাৰ সকলোৰে বাবে এক অতি সাধাৰণ তথা পৰিচিত অভিজ্ঞতা। সাধাৰণতে হঠাতে অতিপাত ঠাণ্ডা পানী খালে, খেলিলে বা বেছিকৈ হাঁহিলে হিকটিৰ সৃষ্টি হয়। বহু সময়ত ই নিজে নিজে আৰম্ভ হয় আৰু কিছু সময়ৰ পিছত আপোনাআপুনি বন্ধ হৈ যায়। কিন্তু সমস্যাটো তেতিয়াহে গুৰুতৰ হৈ পৰে যেতিয়া হিকটি বাৰে বাৰে আহে বা একেৰাহে দুদিনতকৈ অধিক সময় ধৰি বন্ধ হ’বলৈ নিবিচাৰে। চিকিৎসা বিজ্ঞানৰ মতে এনেদৰে দীৰ্ঘসময় ধৰি হিকটি অহাটো একেবাৰেই স্বাভাৱিক নহয় আৰু ই শৰীৰৰ কোনো অন্তৰ্নিহিত সমস্যাৰ ইংগিত দিব পাৰে।
চিকিৎসা বিজ্ঞানৰ ভাষাত হিকটিক হিকাপছ বুলি কোৱা হয়। আমাৰ হাওঁফাওঁৰ তলৰ অংশত থকা ডায়েফ্ৰাম নামৰ শ্বাস-প্ৰশ্বাসৰ পেশীটো যেতিয়া হঠাতে সংকুচিত হয় আৰু সেই একে সময়তে আমাৰ কণ্ঠতন্ত্ৰটো বন্ধ হৈ পৰে, তেতিয়াই হিকটিৰ শব্দটো সৃষ্টি হয়। যদিও হিকটি অহাৰ নিৰ্দিষ্ট আৰু সঠিক কাৰণটো এতিয়াও সম্পূৰ্ণ স্পষ্ট নহয়, তথাপিও গৱেষণাৰ মতে অতি খৰধৰকৈ খাদ্য খোৱা, মানসিক চাপ বা উত্তেজনা, কাৰ্বনেটেড পানীয় বা মদ্যপান কৰা আৰু উষ্ণতাৰ হঠাত হোৱা পৰিৱৰ্তনে হিকটিৰ সৃষ্টি কৰিব পাৰে। আনকি চ্যুইংগাম বা মিঠাই খাই থাকোঁতে মুখৰ ভিতৰলৈ সোমাই যোৱা অতিৰিক্ত বতাহেও হিকটিৰ সূচনা কৰিব পাৰে।
হিকটিক সাধাৰণতে তিনিটা ভাগত বিভক্ত কৰিব পাৰি। বেছিভাগ মানুহৰ ক্ষেত্ৰত দেখা দিয়া ক্ষণস্থায়ী হিকটি মাত্ৰ কেইছেকেণ্ডমান বা মিনিটৰ বাবেহে থাকে। আনহাতে পুনৰাবৃত্তিমূলক হিকটি বাৰে বাৰে আহে আৰু বহুত দেৰিলৈকে থাকে। নৱজাতক শিশুৰ ক্ষেত্ৰতো খাদ্য খোৱাৰ পিছত প্ৰায়ে হিকটি অহা দেখা যায়, যাৰ মূল কাৰণ হ’ল পেটত জমা হোৱা গেছ বা খাদ্য খোৱাৰ সময়ত গিলি দিয়া অতিৰিক্ত বতাহ। এইবোৰ বেছিভাগ ক্ষেত্ৰতে চিন্তার বিষয় নহ’লেও দীৰ্ঘস্থায়ী হিকটিৰ ক্ষেত্ৰত সতৰ্ক হোৱা প্ৰয়োজন।
যদি কাৰোবাৰ হিকটি সহজে বন্ধ নহয়, তেন্তে কিছুমান ঘৰুৱা পদ্ধতি অৱলম্বন কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। বিশেষজ্ঞসকলৰ মতে কিছু সময়ৰ বাবে উশাহ বন্ধ কৰি ৰাখিলে বা এটা কাগজৰ বেগৰ ভিতৰত উশাহ ল’লে হাওঁফাওঁত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, যিয়ে ডায়েফ্ৰামটো শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও লাহে লাহে ঠাণ্ডা পানী খোৱা, বৰফৰ পানীৰে কুলকুলি কৰা, আঁঠু দুটা বুকুৰ ওচৰলৈ চপাই আনি আগলৈ হাউলি দিয়া বা এচামুচ চেনি মুখত দিয়াৰ দৰে সহজ উপায়েও হিকটি বন্ধ কৰাত সহায় কৰে।
অৱশ্যে মনত ৰখা প্ৰয়োজন যে হিকটি কেতিয়াবা বিপদৰ সংকেতো হ’ব পাৰে। যদি হিকটিৰ সৈতে ওজন কমি যোৱা, বুকুৰ বিষ, ভাগৰুৱা অনুভৱ কৰা বা উশাহ লোৱাত কষ্ট হোৱাৰ দৰে লক্ষণ থাকে, তেন্তে ই ষ্ট্ৰোক, টিউমাৰ, বৃক্কৰ সমস্যা বা কোনো বিশেষ ঔষধৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। গেষ্ট্ৰিকৰ সমস্যা বা থাইৰয়ডৰ বিকাৰ থাকিলেও এনে হিকটি অহাটো স্বাভাৱিক। সেয়েহে যদি হিকটি ৪৮ ঘণ্টাৰ পাছতো বন্ধ নহয়, তেন্তে ঘৰুৱা চিকিৎসাতে সীমাবদ্ধ নাথাকি অতি সোনকালে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।





