• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুজাফ্ফৰনগৰত হিংসাত্মক ঘটনা: প্ৰমাণৰ অভাৱত দোষমুক্ত ২৩ অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 3:52 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত ২০১৩ চনত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ এক দশকৰো অধিক সময় পাৰ হোৱাৰ পিছত, মহম্মদপুৰ ৰায়সিং গাঁৱৰ দাঙ্গা সম্পৰ্কীয় এটা গোচৰৰ আইনী প্ৰক্ৰিয়া সমাপ্ত কৰি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে শনিবাৰে ৭ ফেব্ৰুৱাৰী প্ৰমাণৰ অভাৱৰ দোহাই দি ২৩ জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। তেওঁলোকৰ বিৰুদ্ধে হত্যা, অগ্নিসংযোগ, লণ্ডভণ্ড কৰাৰ লগতে লুটপাতৰ অভিযোগ আছিল।

‘হিন্দুস্তান টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, ভৌৰা কলান থানা এলেকাৰ অন্তৰ্গত মহম্মদপুৰ ৰায়সিং গাঁৱত সংঘটিত হোৱা হিংসাৰ সন্দৰ্ভত ৪ নং অতিৰিক্ত জিলা ন্যায়াধীশ আদালতে এই ৰায় প্ৰদান কৰে।

Apply Now

উল্লেখ্য যে এই গোচৰটো ২০১৩ চনৰ ৭ ছেপ্টেম্বৰত জিলাখনত ভয়াৱহ সাম্প্ৰদায়িক হিংসাৰ সৈতে জড়িত এই ঘটনাত বহু লোকৰ প্ৰাণহানি হৈছিল। ৮ ছেপ্টেম্বৰত এদল উত্তেজিত জনতাই মহম্মদপুৰ ৰায়সিং গাঁৱত প্ৰৱেশ কৰিছিল বুলি অভিযোগ উঠিছে। সেই সময়ত তেওঁলোকে ধৰ্মীয় শ্লোগান দিছিল আৰু আন এক সম্প্ৰদায়ৰ লোকৰ ঘৰত আক্ৰমণ চলাইছিল।

অভিযোগ অনুসৰি, উত্তেজিত জনতাই কেইবাটাও ঘৰত লণ্ডভণ্ড কৰাৰ লগতে লুটপাত চলোৱাৰ পিছত অগ্নিসংযোগ কৰিছিল। এই হিংসাত্মক ঘটনাত ৰাইছুদ্দিন নামৰ এজন গঞাৰ মৃত্যু হৈছিল।

আৰক্ষীয়ে এই গোচৰত ২৭ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। অৱশ্যে শুনানিৰ সময়তে প্ৰবীণ, নকুল, বাবলু আৰু সুৰজ নামৰ চাৰিজন অভিযুক্তৰ মৃত্যু হোৱাত বিচাৰাধীন লোকৰ সংখ্যা ২৩ জনলৈ হ্ৰাস পায়।

এই সন্দৰ্ভত প্ৰথম এজাহাৰত চাব-ইনস্পেক্টৰ গংগা প্ৰসাদে ১,৩০০ জন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ অভিযোগত ৰুজু কৰিছিল। এজাহাৰত আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰাৰ কথাও উল্লেখ আছিল। ইয়াৰ পিছতে ৰাইছুদ্দিনৰ পুত্ৰ হানিফে ভৌৰা কলান থানাত দ্বিতীয়খন এফআইআৰ দাখিল কৰে, য’ত ধৰ্মীয় উন্মাদনা বিয়পোৱা, হত্যা আৰু দাঙ্গাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

জ্যেষ্ঠ প্ৰতিৰক্ষা অধিবক্তা সত্যেন্দ্ৰ কুমাৰ সিঙে জনোৱা মতে, গোচৰটোৰ শুনানি অতিৰিক্ত ন্যায়াধীশ কণিষ্ক কুমাৰ সিঙে গ্ৰহণ কৰিছিল। সাক্ষ্য আৰু সাক্ষীৰ ভাষ্য পৰীক্ষা কৰাৰ পিছত আদালত এই সিদ্ধান্তত উপনীত হয় যে অভিযুক্তৰ বিৰুদ্ধে থকা অভিযোগসমূহ সন্দেহাতীতভাৱে প্ৰমাণ কৰাত চৰকাৰী পক্ষ ব্যৰ্থ হৈছে।

আদালতে দোষমুক্ত কৰা অভিযুক্তসকলৰ ভিতৰত আছে বিকী, বাদল, মদন, জয় নাৰায়ণ, ব্ৰজবীৰ, বিনোদ, কালা, প্ৰবীণ, অনিল, সুভাষ, সঞ্জীৱ, কৰণ, শেৰ সিং, ঋষিপাল, সহন্সৰপাল, প্ৰমোদ, জগপাল, প্ৰেমপাল, পাপ্পু, নীতু, ভুৰা আৰু হৰেন্দ্ৰ। এওঁলোক সকলো মহম্মদপুৰ ৰায়সিঙৰ বাসিন্দা। আদালতে লগতে লক্ষ্য কৰে যে অভিযুক্তসকলৰ মাজৰ এজন আন এটা গোচৰৰ গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে জেলত আছিল আৰু তেওঁক হাজিৰ কৰাব পৰা নগ’ল যদিও এই দাঙ্গাৰ গোচৰৰ পৰা তেওঁকো মুক্তি দিয়া হয়।

উল্লেখযোগ্য যে ২০১৩ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত মুজাফৰনগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংঘটিত সাম্প্ৰদায়িক হিংসাত্মক ঘটনাত ৬০ জন লোক নিহত হৈছিল আৰু ৪০,০০০ ৰো অধিক লোক উচ্ছেদিত হৈছিল।

মুজাফৰনগৰৰ এমপি/এমএলএ আদালতৰ বিশেষ ন্যায়াধীশে ২০২২ চনৰ ১০ অক্টোবৰত খাটাউলীৰ বিধায়ক বিক্ৰম চাইনী আৰু আন ১১ জনক দুবছৰৰ কাৰাদণ্ডৰ দণ্ড দিছিল। অৱশ্যে শাস্তি ঘোষণাৰ কিছু সময়ৰ পিছতেই তেওঁলোকক জামিন প্ৰদান কৰা হয়। ২০১৯ চনত মুজাফৰনগৰৰ এখন আদালতে শচীন আৰু গৌৰৱৰ হত্যাৰ সৈতে জড়িত এটা গোচৰত সাতজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

২০১৩ চনৰ মুজাফৰনগৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে ২০১৬ চনত গঠন কৰা জাষ্টিচ বিষ্ণু সহায় তদন্ত আয়োগে এই হিংসাৰ বাবে চোৰাংচোৱা বিভাগৰ বিফলতা আৰু কিছুমান শীৰ্ষ বিষয়াৰ গাফিলতিক জগৰীয়া কৰিছিল।

২০২১ চনত অনুসন্ধানকাৰী দলে জনাইছিল যে হিংসাত্মক ঘটনাৰ সময়ত হত্যা, ধৰ্ষণ, ডকাইতি আৰু অগ্নিসংযোগৰ সৈতে জড়িত ৯৭ টা গোচৰত ১,১১৭ জন লোক প্ৰমাণৰ অভাৱত দোষমুক্ত হৈছে। বিষয়াৰ মতে, আৰক্ষীয়ে ১,৪৮০ জন লোকৰ বিৰুদ্ধে ৫১০ টা গোচৰ ৰুজু কৰিছিল আৰু ১৭৫ টা গোচৰত অভিযোগনামা দাখিল কৰিছিল। ৰাজ্য চৰকাৰৰ পৰা অনুমতি লাভ নকৰাৰ বাবে এছআইটিয়ে ২০ টা গোচৰত অভিযোগনামা দাখিল কৰিব নোৱাৰিলে। এই ২০ টা গোচৰত বিধায়ক আৰু সাংসদৰ নামো অভিযুক্তৰ তালিকাত আছিল।

উত্তৰ প্ৰদেশ চৰকাৰে দাঙ্গাৰ সৈতে জড়িত ৭৭ টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু আদালতে উত্তৰ প্ৰদেশৰ মন্ত্ৰী সুৰেশ ৰাণা আৰু বিজেপি বিধায়ক সংগীত সোমকে ধৰি ১২ জন বিজেপি নেতাৰ বিৰুদ্ধে মাত্ৰ এটা গোচৰহে প্ৰত্যাহাৰৰ অনুমতি দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd