• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ পানী যোগানৰ বিসংগতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ নাগৰিক ঐক্য মঞ্চ : চিবিআই তদন্তৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 2:59 pm
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ দীৰ্ঘদিনীয়া আৰু যন্ত্ৰণাদায়ক পানী যোগানৰ সমস্যাটোক লৈ আজি পুনৰ সৰৱ হৈ পৰিছে নাগৰিক ঐক্য মঞ্চ। বিগত চাৰি বছৰ ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী, সজাগতা সভা আৰু আইনী যুঁজ চলাই অহা মঞ্চই আজি এক সংবাদমেল যোগে চৰকাৰী পানী যোগান আঁচনিসমূহৰ শোচনীয় বিফলতা আৰু ব্যাপক দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰে।

মঞ্চৰ মতে, গুৱাহাটীৰ দৰে মহানগৰীত ব্ৰহ্মপুত্ৰ নদী কাষেদি বৈ যোৱাৰ পাছতো চৰকাৰী হিচাপমতে মাত্ৰ এক-তৃতীয়াংশ পৰিয়ালেহে পানীৰ যোগান লাভ কৰিছে। বাকী বৃহৎ সংখ্যক ৰাইজে এতিয়াও অনিৰ্ভৰযোগ্য টেংকাৰ, নলীনাদ, আনকি নিজৰাৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত মহানগৰীৰ ভূগৰ্ভৰ জলস্তৰ ভয়াবহভাৱে নিম্নগামী হোৱা বুলিও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে।

Apply Now

সংবাদমেলত অভিযোগ উত্থাপন কৰা হয় যে ২০০১ চনৰ পৰাই বিভিন্ন আঁচনি আৰম্ভ কৰা হৈছিল যদিও যোৱা ১৮ বছৰত এখন আঁচনিৰো কাম সন্তোষজনকভাৱে সম্পূৰ্ণ হোৱা নাই। দক্ষিণ-পশ্চিম গুৱাহাটী প্ৰকল্পই এহেজাৰ ঘৰকো সামৰি ল’ব পৰা নাই আৰু জাইকাৰ সাহায্যত চলি থকা দক্ষিণ-মধ্য গুৱাহাটী প্ৰকল্পৰ কামো এতিয়ালৈকে আধা পৰিয়ালতে সীমাবদ্ধ হৈ আছে। তদ্রূপ, উত্তৰ গুৱাহাটী প্ৰকল্পৰ জৰিয়তে এখনো ঘৰলৈ পানী যোগান ধৰিব পৰা হোৱা নাই আৰু দক্ষিণ-পূব প্ৰকল্পটো ধনৰ অভাৱত বিগত সাত বছৰ ধৰি বন্ধ হৈ আছে।

প্ৰকল্প ৰূপায়ণৰ নামত হোৱা ব্যাপক অনিয়ম আৰু ৰাজহুৱা ধনৰ অপচয়ৰ সন্দৰ্ভত মঞ্চই গুৰুতৰ অভিযোগ তুলিছে। তেওঁলোকৰ মতে, পূব গুৱাহাটী প্ৰকল্পত কাম নকৰাকৈয়ে দুটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে বৃহৎ পৰিমাণৰ অগ্ৰিম ধন সংগ্ৰহ কৰিছে। তদুপৰি, ২০ কোটি টকা খৰচ কৰি স্থাপন কৰা পাইপলাইনৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে চৰকাৰক স্পষ্টীকৰণৰ দাবী জনাইছে। মধ্য গুৱাহাটী প্ৰকল্পৰ পাইপলাইনসমূহৰ ছিদ্র আৰু গুণগত মানৰ অভাৱৰ বাবে জনস্বাস্থ্যলৈ ভাবুকি অহা বুলি উল্লেখ কৰি মঞ্চই এই সমগ্ৰ বিষয়টো কেগৰ (CAG) দ্বাৰা অডিট কৰোৱাৰ দাবী জনাইছে। বিশেষকৈ পশ্চিম গুৱাহাটী প্ৰকল্পত ইতিমধ্যে কেগে আঙুলিয়াই দিয়া বিসংগতিসমূহৰ গভীৰ তদন্তৰ বাবে চিবিআইক (CBI) দায়িত্ব অৰ্পণ কৰিবলৈ তেওঁলোকে চৰকাৰক কঠোৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

November 27, 2026 8:19 pm
সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

November 27, 2026 7:43 pm
সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

November 27, 2026 6:57 pm
উন্নয়নত ব্যৰ্থ অসম চৰকাৰ, ৰাজ্যজুৰি চলিছে ছিণ্ডিকেট ৰাজ: বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অজাপ নেতা জগদীশ ভূঞাৰ

উন্নয়নত ব্যৰ্থ অসম চৰকাৰ, ৰাজ্যজুৰি চলিছে ছিণ্ডিকেট ৰাজ: বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অজাপ নেতা জগদীশ ভূঞাৰ

November 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

November 27, 2026 8:19 pm
সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

November 27, 2026 7:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd