• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘হাৰ্ভাৰ্ডৰ দৰে চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত’: ন্যায়াধীশ চন্দ্ৰচূড়ৰ লিংগ বৈষম্য দূৰীকৰণৰ বাবে থকা হাতপুথি পুনৰীক্ষণৰ নিৰ্দেশনা মুখ্য ন্যায়াধীশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 3:14 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে লিংগ বৈষম্য দূৰ কৰাৰ বাবে পূৰ্বতে প্ৰস্তুত কৰা হাতপুথিখন পুনৰীক্ষণৰ নিৰ্দেশ দিছে। মঙলবাৰে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়-এ  প্ৰস্তুত কৰা লিংগ পক্ষপাতিত্ব বিৰোধী হাতপুথিখন ধৰ্ষণৰ বলি হোৱা লোক বা সাধাৰণ জনতাৰ বাবে বিশেষ বুজিব পৰা বিধৰ নহয়। তেওঁৰ মতে এই পুথিখনত ব্যৱহাৰ কৰা ভাষা অতিশয় কাৰিকৰী আৰু ই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰে পশ্চিমীয়া চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত যেন লাগে।

এই সমগ্ৰ বিষয়টো এটা বিশেষ গোচৰৰ পৰিপ্ৰেক্ষিতত পোহৰলৈ আহিছে। যোৱা বছৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা ধৰ্ষণৰ গোচৰৰ শুনানি দিওঁতে মন্তব্য কৰিছিল যে এগৰাকী মহিলাৰ বস্ত্ৰত হাত দিয়া কাৰ্য ধৰ্ষণৰ প্ৰচেষ্টা নহয়, বৰঞ্চ প্ৰস্তুতিহে। উচ্চ ন্যায়ালয়ৰ এই অদ্ভুত মন্তব্যক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে গোচৰটোত হস্তক্ষেপ কৰিছিল আৰু ন্যায়াধীশসকলক লিংগ সংবেদনশীল কৰিবলৈ চন্দ্ৰচুদে এখন ৩০ পৃষ্ঠাৰ হাতপুথি প্ৰস্তুত কৰি দিছিল। কিন্তু বৰ্তমানৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মতে সেই পুথিখন অধিক শৈক্ষিক আৰু ই বাস্তৱিক পৰিস্থিতিৰ সৈতে খাপ নাখায়।

Apply Now

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে কেৱল পুথি লিখি দিলেই বা ওপৰৰ পৰা বক্তৃতা দিলেই কাম নহ’ব। ন্যায়াধীশসকলক যৌন নিৰ্যাতনৰ গোচৰৰ ক্ষেত্ৰত অধিক সংবেদনশীল কৰি তুলিবলৈ ব্যৱহাৰিক প্ৰশিক্ষণৰ প্ৰয়োজন আছে। ইয়াৰ বাবে আদালতৰ বিচাৰপীঠে ভোপালত থকা ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীক এখন নতুন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই সমিতিত বিষয় বিশেষজ্ঞ, শিক্ষাবিদ আৰু জ্যেষ্ঠ অধিবক্তাসকল থাকিব। তেওঁলোকে পুৰণি হাতপুথিখন পৰীক্ষা কৰিব আৰু পৰ্যাপ্ত সংশোধনৰ পৰামৰ্শ দিব যাতে ই অধিক সহজ আৰু ব্যৱহাৰিক হৈ উঠে।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়-এ প্ৰস্তুত কৰা হাতপুথিখনৰ মূল উদ্দেশ্য আছিল আদালতত মহিলাৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা অপমানসূক শব্দবোৰ নোহোৱা কৰা। উদাহৰণস্বৰূপে সেই পুথিখনত কোৱা হৈছিল যে এগৰাকী মহিলাৰ বাবে বেশ্যা, চৰিত্ৰহীন বা সতী নাৰীৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কেৱল মহিলা বুলি ক’ব লাগে। সমাজত চলি থকা বহু পুৰণি আৰু কু-সংস্কাৰী শব্দৰ সলনি নিৰপেক্ষ ভাষা ব্যৱহাৰত ই গুৰুত্ব দিছিল। যদিও এই পদক্ষেপক সকলোৱে আদৰণি জনাইছিল, কিন্তু বৰ্তমানৰ বিচাৰপীঠে অনুভৱ কৰিছে যে ইয়াক অধিক সৰল কৰাৰ প্ৰয়োজন আছে যাতে সাধাৰণ মানুহেও ইয়াৰ ভাবাৰ্থ বুজি পায়।

উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে বিশেষজ্ঞ সমিতিৰ জৰিয়তে এই হাতপুথিখনৰ সংশোধন কৰাৰ পিছত ইয়াৰ আধাৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে বিশেষ অধ্যয়ন সামগ্ৰী তৈয়াৰ কৰিব লাগে। ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীত ন্যায়াধীশসকলক পৰ্যায়ক্ৰমে মাতি আনি ব্যৱহাৰিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে। এই নতুন পদক্ষেপে আদালতৰ কাম-কাজত লিংগ বৈষম্য দূৰ কৰাৰ লগতে ভুক্তভোগীসকলৰ প্ৰতি অধিক সংবেদনশীলতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd