ভাৰতৰ উচ্চতম ন্যায়ালয়ে লিংগ বৈষম্য দূৰ কৰাৰ বাবে পূৰ্বতে প্ৰস্তুত কৰা হাতপুথিখন পুনৰীক্ষণৰ নিৰ্দেশ দিছে। মঙলবাৰে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়-এ প্ৰস্তুত কৰা লিংগ পক্ষপাতিত্ব বিৰোধী হাতপুথিখন ধৰ্ষণৰ বলি হোৱা লোক বা সাধাৰণ জনতাৰ বাবে বিশেষ বুজিব পৰা বিধৰ নহয়। তেওঁৰ মতে এই পুথিখনত ব্যৱহাৰ কৰা ভাষা অতিশয় কাৰিকৰী আৰু ই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰে পশ্চিমীয়া চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত যেন লাগে।
এই সমগ্ৰ বিষয়টো এটা বিশেষ গোচৰৰ পৰিপ্ৰেক্ষিতত পোহৰলৈ আহিছে। যোৱা বছৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা ধৰ্ষণৰ গোচৰৰ শুনানি দিওঁতে মন্তব্য কৰিছিল যে এগৰাকী মহিলাৰ বস্ত্ৰত হাত দিয়া কাৰ্য ধৰ্ষণৰ প্ৰচেষ্টা নহয়, বৰঞ্চ প্ৰস্তুতিহে। উচ্চ ন্যায়ালয়ৰ এই অদ্ভুত মন্তব্যক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে গোচৰটোত হস্তক্ষেপ কৰিছিল আৰু ন্যায়াধীশসকলক লিংগ সংবেদনশীল কৰিবলৈ চন্দ্ৰচুদে এখন ৩০ পৃষ্ঠাৰ হাতপুথি প্ৰস্তুত কৰি দিছিল। কিন্তু বৰ্তমানৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মতে সেই পুথিখন অধিক শৈক্ষিক আৰু ই বাস্তৱিক পৰিস্থিতিৰ সৈতে খাপ নাখায়।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে কেৱল পুথি লিখি দিলেই বা ওপৰৰ পৰা বক্তৃতা দিলেই কাম নহ’ব। ন্যায়াধীশসকলক যৌন নিৰ্যাতনৰ গোচৰৰ ক্ষেত্ৰত অধিক সংবেদনশীল কৰি তুলিবলৈ ব্যৱহাৰিক প্ৰশিক্ষণৰ প্ৰয়োজন আছে। ইয়াৰ বাবে আদালতৰ বিচাৰপীঠে ভোপালত থকা ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীক এখন নতুন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই সমিতিত বিষয় বিশেষজ্ঞ, শিক্ষাবিদ আৰু জ্যেষ্ঠ অধিবক্তাসকল থাকিব। তেওঁলোকে পুৰণি হাতপুথিখন পৰীক্ষা কৰিব আৰু পৰ্যাপ্ত সংশোধনৰ পৰামৰ্শ দিব যাতে ই অধিক সহজ আৰু ব্যৱহাৰিক হৈ উঠে।
প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়-এ প্ৰস্তুত কৰা হাতপুথিখনৰ মূল উদ্দেশ্য আছিল আদালতত মহিলাৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা অপমানসূক শব্দবোৰ নোহোৱা কৰা। উদাহৰণস্বৰূপে সেই পুথিখনত কোৱা হৈছিল যে এগৰাকী মহিলাৰ বাবে বেশ্যা, চৰিত্ৰহীন বা সতী নাৰীৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কেৱল মহিলা বুলি ক’ব লাগে। সমাজত চলি থকা বহু পুৰণি আৰু কু-সংস্কাৰী শব্দৰ সলনি নিৰপেক্ষ ভাষা ব্যৱহাৰত ই গুৰুত্ব দিছিল। যদিও এই পদক্ষেপক সকলোৱে আদৰণি জনাইছিল, কিন্তু বৰ্তমানৰ বিচাৰপীঠে অনুভৱ কৰিছে যে ইয়াক অধিক সৰল কৰাৰ প্ৰয়োজন আছে যাতে সাধাৰণ মানুহেও ইয়াৰ ভাবাৰ্থ বুজি পায়।
উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে বিশেষজ্ঞ সমিতিৰ জৰিয়তে এই হাতপুথিখনৰ সংশোধন কৰাৰ পিছত ইয়াৰ আধাৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে বিশেষ অধ্যয়ন সামগ্ৰী তৈয়াৰ কৰিব লাগে। ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীত ন্যায়াধীশসকলক পৰ্যায়ক্ৰমে মাতি আনি ব্যৱহাৰিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে। এই নতুন পদক্ষেপে আদালতৰ কাম-কাজত লিংগ বৈষম্য দূৰ কৰাৰ লগতে ভুক্তভোগীসকলৰ প্ৰতি অধিক সংবেদনশীলতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।





