• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত আৰক্ষীৰ গাড়ীৰ খুন্দাত মৃত্যু; ভাৰতীয় যুৱতীৰ পৰিয়ালক ২৬২ কোটি টকাৰ ক্ষতিপূৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 8:49 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ দুৰ্ঘটনাত ভাৰতীয় যুৱতীৰ মৃত্যু। প্ৰায় তিনি বছৰীয়া যুঁজৰ অন্তত অৱশেষত ন্যায় পালে মৃতকৰ পৰিয়ালে। আদালতৰ ৰায়দানত গাফিলতিৰ বাবে মৃতকৰ পৰিয়ালক ২৯ মিলিয়ন ডলাৰ ক্ষতিপূৰণ দিব আমেৰিকা প্ৰশাসনে।

উচ্চ শিক্ষাৰ সপোন লৈ আমেৰিকালৈ গৈছিল ভাৰতীয় যুৱতী জাহ্নৱী কাণ্ডুলা। নৰ্থ-ইষ্টাৰ্ণ ইউনিভাৰ্চিটিত ইনফৰ্মেশ্যন চিষ্টেমৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। এদিন সন্ধিয়া ৰাস্তা পাৰ হৈ থকাৰ সময়ত আৰক্ষীৰ গাড়ীয়ে খুন্দা মাৰে। ২০২৩ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ ছিয়াটলত সংঘটিত হৈছিল এই মৰ্মান্তিক দুৰ্ঘটনাটো।

Apply Now

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা নাছিল। ২৩ বছৰীয়া যুৱতীগৰাকী স্বয়ং আইন ৰক্ষকৰ যান-বাহন আইন উলংঘাৰ বলি হৈছিল। আৰক্ষী বিষয়া কেভিন ডেভে চলোৱা এখন গাড়ীয়ে তেওঁক খুন্দা মাৰে। অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা পথটোত গাড়ীখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ হ’ব লাগিছিল। কিন্তু ডেভ সেই সময়ত ঘণ্টাত ১১৯ কিলোমিটাৰ বেগত চলাইছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়।

সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আৰক্ষী বিষয়াজনে এটা ঘটনাৰ খবৰ পাই দ্ৰুতগতিত গাড়ী চলাই আহিছিল। যদিও তেওঁ নিয়ম অনুসৰি চাইৰেন আৰু ইমাৰ্জেন্সি লাইট জ্বলাই গাড়ী চলাই আছিল, তথাপিও তেওঁ দেখা নাপাই ৰাস্তা পাৰ হোৱাৰ সময়ত জাহ্নৱীক খুন্দা মাৰে।

এই খুন্দাৰ ফলত ছাত্ৰীগৰাকী এশ ফুট দূৰলৈ ছিটিকি পৰে। থিতাতে তেওঁৰ মৃত্যু হয়। জনা যায় যে ছিয়াটল আৰক্ষীয়ে প্ৰথমে দুৰ্ঘটনাটোক ‘সাধাৰণ’ যেন দেখাবলৈ চেষ্টা কৰিছিল। কেৱল সেয়াই নহয়, নিজৰ দোষ ঢাকিবলৈ তেওঁলোকে ছাত্ৰীগৰাকীৰ ওপৰত দুৰ্ঘটনাৰ দায়িত্ব জাপি দি কয় যে আৰক্ষীৰ গাড়ীখন নিয়ম অনুসৰি চলাই আহিছিল। কিন্তু পিছত তদন্তত প্ৰকৃত ঘটনাটো পোহৰলৈ আহে। সেইদিনা ঘটনাস্থলীত উপস্থিত থকা এজন বিষয়াৰ বডি কেমেৰাৰ ভিডিঅ’ৰ পৰাই এই ৰহস্যৰ কথা পোহৰলৈ আহিছে। আৰক্ষী প্ৰশাসনৰ এটা অংশই সামান্য পৰিমাণৰ ক্ষতিপূৰণ দি বিষয়টো নিষ্পত্তি কৰিব বিচাৰিছিল। কিন্তু প্ৰকৃত তদন্ত আৰম্ভ হৈছিল ভাৰতীয় কূটনীতিবিদৰ হস্তক্ষেপত।

আনহাতে, আৰক্ষী বিভাগে অভিযুক্ত বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ইয়াৰ উপৰিও তেওঁক ৫ হাজাৰ ডলাৰ জৰিমনা বিহা হৈছে। শুকুৰবাৰে কিং কাউন্টি চুপিৰিয়েৰ কোৰ্টত এই গোচৰৰ নিষ্পত্তি হয় আৰু ছিয়াটল চহৰ প্ৰশাসনে ২৬২ কোটি টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

বুধবাৰে ছিয়াটল চহৰৰ এটৰ্নী এৰিকা ইভান্সে কয় যে, “জাহ্নৱী কাণ্ডুলাৰ মৃত্যু এক মৰ্মান্তিক ঘটনা। আমি আশা কৰিছো যে এই আৰ্থিক ক্ষতিপূৰণ কাণ্ডুলা পৰিয়ালৰ বাবে কামত আহিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm
ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd