• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্পৰেট অনুদানৰ ৮২ শতাংশই লাভ কৰিছে বিজেপিয়ে; বাকী দলবোৰলৈ নিচুকনি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 12:30 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ত নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে ৰাজনৈতিক দলসমূহলৈ বিপুল পৰিমাণৰ অনুদান আহিছে। শেহতীয়াকৈ স্বেচ্ছাসেৱী সংস্থা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক প্ৰতিবেদনত এই কথা সদৰী কৰা হৈছে।

এই বিত্তীয় বৰ্ষত নিৰ্বাচনী ট্ৰাষ্টসমূহে মুঠ ৩,৮২৬.৩৪ কোটি টকা অনুদান সংগ্ৰহ কৰিছে। আৰু প্ৰায় সম পৰিমানৰ ৩,৮২৬.৩৫ কোটি টকা বিভিন্ন ৰাজনৈতিক দলৰ মাজত বিতৰণ কৰা হয়। ইয়াৰে ৮২ শতাংশতকৈ অধিক ধন বিজেপিলৈ গৈছে।

Apply Now

কাৰ পকেটলৈ কিমান?

প্ৰতিবেদন অনুসৰি বিজেপিয়ে লাভ কৰিছে ৩,১৫৭.৬৫ কোটি টকা, যিটো মুঠ পুঁজিৰ ৮২.৫২ শতাংশ। কংগ্ৰেছে লাভ কৰিছে ২৯৮.৭৭ কোটি টকা (৭.৮১ শতাংশ)। আৰু তৃণমূলে লাভ কৰে ১০২ কোটি টকা (২.৬৭ শতাংশ)। বাকী ১৯টা ৰাজনৈতিক দলে মিলি ২৬৭.৯১ কোটি টকা লাভ কৰে।

কোনটো ট্ৰাষ্টে কিমান দিলে?

২০টা পঞ্জীয়নভুক্ত নিৰ্বাচনী ট্ৰাষ্টৰ ভিতৰত ১০টা ট্ৰাষ্টে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অনুদান ঘোষণা কৰিছে। ইয়াৰে ভিতৰত অকল প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টেই ১৫টা ৰাজনৈতিক দলক ২,৬৬৮.৪৬ কোটি টকা দিছে। দ্বিতীয় স্থানত থকা প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্টে ১০টা দলক ৯১৪.৯৭ কোটি টকা প্ৰদান কৰে।

অৱশ্যে সময়সীমাৰ পাছতো পাঁচটা ট্ৰাষ্টে নিৰ্বাচন আয়োগৰ ৱেবছাইটত নিজৰ প্ৰতিবেদন প্ৰকাশ কৰা নাই বুলি এডিআৰে প্ৰকাশ কৰিছে।

অনুদানৰ উৎস

মুঠ ২২৮টা কৰ্পৰেট বা ব্যৱসায়িক সংস্থাই মুঠ ৩,৬৩৬.৮১ কোটি টকা অনুদান দিছে। আনহাতে ৯৯ জন ব্যক্তিয়ে মুঠ ১৮৭.৬২ কোটি টকা দিছে। কেৱল শীৰ্ষ ১০ জন অনুদানকাৰীয়ে প্ৰায় ১৯০৮.৮৬ কোটি টকা আগবঢ়াইছে, যিটো মুঠ অনুদানৰ প্ৰায় ৪৯.৮৯ শতাংশ।

অকল এলিভেটেড এভিনিউ ৰিয়েলটি এল এল পিয়ে সৰ্বোচ্চ ৫০০ কোটি টকা দিছে। ইয়াৰ পিছতে টাটা ছন্স (৩০৮.১৩ কোটি টকা), টাটা কনছালটেন্সি চাৰ্ভিচেছ (২১৭.৬২ কোটি টকা) আৰু মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (১৭৫ কোটি টকা)।

খণ্ড আৰু ৰাজ্যভিত্তিক ছবি

খণ্ডভিত্তিকভাৱে উৎপাদন খণ্ডৰ পৰাই সৰ্বাধিক অনুদান লাভ হৈছে, ১০৬৩.১২ কোটি টকা (২৭.৭৮ শতাংশ)। ইয়াৰ পিছতে ৰিয়েল এষ্টেট খণ্ড (৬২৯.১৭ কোটি টকা) আৰু যোগাযোগ/আই টি/টেলিকম খণ্ড (৪৫১.৮৫ কোটি টকা)।

ৰাজ্যভিত্তিক অনুদানৰ তালিকাত (১,২২৫.৪২ কোটি টকা) শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ। ইয়াৰ পিছতে তেলেংগানা, হাৰিয়ানা, পশ্চিমবংগ আৰু গুজৰাট। অৱশ্যে ১,০৬৫.২০ কোটি টকাৰ অনুদানৰ ক্ষেত্ৰত অনুদানকাৰীসকলৰ ঠিকনা প্ৰকাশ নকৰাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

স্বচ্ছতাৰ ওপৰত প্ৰশ্ন

এডিআৰৰ তথ্য অনুসৰি কেইবাটাও ট্ৰাষ্টে নিয়ম অনুসৰি সময়মতে প্ৰতিবেদন দাখিল কৰা নাই। আনকি এটা ট্ৰাষ্টে লাভ কৰা অনুদানতকৈ অধিক ধন প্ৰদান কৰা বুলিও উল্লেখ কৰা হৈছে।

২০১৩ চনৰ নিৰ্বাচনী ন্যাস আঁচনিৰ অধীনত সংস্থাসমূহে স্বেচ্ছামূলক অনুদান গ্ৰহণ কৰি ৰাজনৈতিক দলসমূহক স্বচ্ছভাৱে বিতৰণ কৰিব পাৰে। এই ট্ৰাষ্টসমূহ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) অনুমোদন জনাইছে আৰু কিছুমান চৰ্তৰ অধীনত ইয়াৰ অনুমোদন নবীকৰণযোগ্য।

অধিক স্বচ্ছতাৰ দাবীত এডিআৰে নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয়। ইয়াৰ উপৰিও কৰ্পৰেট ৰাজনৈতিক অনুদানৰ সম্পূৰ্ণ বিৱৰণ ৰাজহুৱা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখ্য যে বেংকিং ব্যৱস্থাৰ জৰিয়তে বেনামী অনুদানৰ অনুমতি দিয়া নিৰ্বাচনী বণ্ড আঁচনিখনক ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰিছিল। সেই প্ৰেক্ষাপটত নিৰ্বাচনী পুঁজিৰ স্বচ্ছতাক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd