বিগত পাঁচ বছৰত দেশৰ ৰাস্তাত থকা গাঁতৰ ফলত হোৱা পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যাই এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰিবহণ মন্ত্ৰালয়ে লোকসভাত দাখিল কৰা শেহতীয়া তথ্য অনুসৰি, ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশত মুঠ ৯,৪৩৮ জন লোকে গাঁতত পৰি প্ৰাণ হেৰুৱাইছে। এই তথ্যই স্পষ্ট কৰি দিছে যে ২০২০ চনৰ তুলনাত ২০২৪ চনত মৃত্যুৰ হাৰ প্ৰায় ৫৩ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। বিশেষকৈ ক’ভিডৰ বৰ্ষ অৰ্থাৎ ২০২০ চনত য’ত মৃত্যুৰ সংখ্যা আছিল ১,৫৫৫ জন, সেই সংখ্যা ২০২৪ চনত বৃদ্ধি পাই ২,৩৮৫ জন হৈছেগৈ। এই সমগ্ৰ মৃত্যুত উত্তৰ প্ৰদেশে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে আৰু ৰাজ্যখনত ৫,১২৭ জন লোকৰ মৃত্যু হৈছে, যিটো সমগ্ৰ দেশৰ মুঠ মৃত্যুৰ আধাতকৈও অধিক।
পৰিবহণ মন্ত্ৰালয়ৰ এই প্ৰতিবেদনত অসমৰ নামো সন্নিৱিষ্ট হৈছে। তথ্য অনুসৰি, গাঁতৰ ফলত মৃত্যু হোৱা ৰাজ্যসমূহৰ তালিকাত মধ্যপ্ৰদেশ ৯৬৯ গৰাকী লোকৰ মৃত্যুৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অসমত ৩৯৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও তামিলনাডু, ওড়িশা আৰু পঞ্জাবৰ দৰে ৰাজ্যতো মৃত্যুৰ সংখ্যা যথেষ্ঠ বেছি। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীত সৰ্বাধিক ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে শেহতীয়াকৈ দিল্লীত সংঘটিত হোৱা কমল ধ্যানী নামৰ এজন যুৱকৰ কৰুণ মৃত্যুৱে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। ৰোহিনীত ঘৰলৈ উভতি অহাৰ সময়ত পানীৰ পাইপৰ বাবে খন্দা এটা দ গাঁতত পৰি তেওঁৰ মৃত্যু হৈছিল, যি স্থানত কোনো ধৰণৰ সতৰ্কবাণী বা বেৰিকেড নাছিল।
অৱশ্যে এই চৰকাৰী তথ্যক লৈ বিশেষজ্ঞসকলে প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিবেদনত দেখা গৈছে যে অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰৰ দৰে ডাঙৰ ৰাজ্যসমূহে গাঁতৰ ফলত হোৱা এটাও দুৰ্ঘটনা বা মৃত্যুৰ তথ্য দাখিল কৰা নাই। বিশেষজ্ঞসকলৰ মতে, মণিপুৰ বা ত্ৰিপুৰাৰ দৰে সৰু ৰাজ্যই যদি এনে তথ্য দিব পাৰে, তেন্তে বৃহৎ পথ নেটৱৰ্ক থকা ৰাজ্যসমূহে তথ্য নিদিয়াটো আৰক্ষীৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ বিসংগতি হ’ব পাৰে। তেওঁলোকৰ মতে, যদিহে দুৰ্ঘটনাৰ সঠিক কাৰণ লিপিবদ্ধ কৰা নহয়, তেন্তে ভৱিষ্যতে ৰাস্তাৰ গুণগত মান উন্নত কৰা বা সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অসম্ভৱ হৈ পৰিব।
ৰাস্তাৰ দুৰৱস্থাৰ বাবে হোৱা এই মৃত্যুৰ ঘটনাক লৈ পূৰ্বেও উচ্চতম ন্যায়ালয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। ২০১৮ চনত উচ্চতম ন্যায়ালয়ে স্বতন্ত্ৰভাৱে এই বিষয়টো গুৰুত্বসহকাৰে লৈ মন্তব্য কৰিছিল যে ৰাস্তা ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা কৰ্তৃপক্ষই নিজৰ কাম সঠিকভাৱে পালন নকৰাৰ বাবে ইমান বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে। যদিও ২০১৭ চনৰ তুলনাত মৃত্যুৰ হাৰ কিছু পৰিমাণে কমিছিল, কিন্তু শেহতীয়া পাঁচ বছৰৰ তথ্যই পুনৰ প্ৰমাণ কৰিছে যে দেশৰ পথসমূহ এতিয়াও সাধাৰণ জনতাৰ বাবে সুৰক্ষিত নহয়। চৰকাৰী বিভাগৰ গাফিলতি আৰু সময়মতে গাঁতসমূহ মেৰামতি নকৰাৰ বাবেই হাজাৰ হাজাৰ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।





