উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ ওপৰত হায়দৰাবাদৰ নেচনেল একাডেমী অৱ লিগেল ষ্টাডিজ এণ্ড ৰিচাৰ্চৰ (NALSAR) শিক্ষাৰ্থীসকল অতিশয় ক্ষুব্ধ। বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত তেওঁক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই।
ইয়াকে লৈ বিশ্ববিদ্যালয়খনৰ ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীয়ে উপাচাৰ্য, পঞ্জীয়ক, অধ্যাপকসকললৈ আপত্তি জনাই পত্ৰ প্ৰেৰণ কৰিছে। এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছে। অৱশ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত এতিয়ালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
ছাত্ৰ-ছাত্ৰীসকলে আপত্তি পত্ৰত মুখ্য ন্যায়াধীশৰ কেইবাটাও সিদ্ধান্ত আৰু মন্তব্যৰ কথা তুলি ধৰিছে। ইয়াৰ ভিতৰত নীট প্ৰশ্ন ফাদিলৰ অভিযোগত ছাত্ৰ-ছাত্ৰীৰ সংসদ অভিযানৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা লোৱাৰ অভিযোগৰ ওপৰত ২৩ জুলাইত হোৱা শুনানিৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে শুনানিৰ সময়ত আৰক্ষীৰ অত্যাচাৰৰ অভিযোগৰ সৈতে জড়িত ভিডিঅ’টো চাবলৈ মুখ্য ন্যায়াধীশগৰাকীয়ে সন্মতি দিয়া নাছিল। তেওঁলোকে অভিযোগ কৰে যে সূৰ্য্যকান্তই কৈছিল, ‘আমি ভিডিঅ’টো চাবলৈ আগ্ৰহী নহয়, আমাৰ সময় নাই।’
মুখ্য ন্যায়াধীশৰ এটি মন্তব্যৰ ওপৰতো আপত্তি কৰে ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকে দাবী কৰে যে যন্তৰ মন্তৰত প্ৰতিবাদৰ প্ৰসংগত ভাৰতীয় যুৱ সমাজক ‘ককৰোচ’ৰ সৈতে তুলনা কৰা হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা বুলি উল্লেখ কৰিছিল। কিন্তু সেই কথা মানি ল’বলৈ ইচ্ছুক নহয় NALSARৰ ছাত্ৰ-ছাত্ৰী।
তেওঁলোকে চিঠিখনত লিখিছে- ‘যুৱকক ককৰোচ বুলি কোৱাৰ পৰা আৰম্ভ কৰি পুলিচৰ অত্যাচাৰৰ ভিডিঅ’ চাবলৈ সময় নাই বুলি কোৱালৈকে তেওঁলোকৰ দৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি মুখ্য ন্যায়াধীশগৰাকী উদাসীন যেন লাগে।’ সেয়েহে সমাৱৰ্তনত মুখ্য ন্যায়াধীশৰ পৰা ডিগ্ৰী গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে অস্বস্তিকৰ বুলি জনাইছে ছাত্ৰ-ছাত্ৰীসকলে।
অৱশ্যে মুখ্য ন্যায়াধীশ পদত তেওঁলোকৰ কোনো আপত্তি নাই বুলিও স্পষ্ট কৰি দিয়ে ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকৰ মূল প্ৰশ্নটো হ’ল শেহতীয়া কিছুমান গোচৰত মুখ্য ন্যায়াধীশৰ কথা আৰু ভূমিকা আইনৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা সাংবিধানিক মূল্যবোধৰ সৈতে কিমান সামঞ্জস্যপূৰ্ণ। ছাত্ৰ-ছাত্ৰীসকলৰ মতে আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন কেৱল ডিগ্ৰী প্ৰদান অনুষ্ঠান নহয়। ইয়াৰ উপৰিও সাংবিধানিক অধিকাৰ, ন্যায় আৰু সাধাৰণ মানুহৰ অভিযোগৰ প্ৰতি সংবেদনশীল হোৱা আদি মূল্যবোধৰ প্ৰতিফলন ঘটা উচিত।
ইয়াৰ পূৰ্বে মুম্বাইত অনুষ্ঠিত হোৱা টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ৮৬ সংখ্যক সমাৱৰ্তনও ‘অপ্ৰত্যাশিত পৰিস্থিতি’ৰ বাবে শেষ মুহূৰ্তত পিছুৱাই দিয়া হৈছিল। কিন্তু এই সিদ্ধান্তৰ প্ৰত্যক্ষ সম্পৰ্ক মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ সম্ভাৱ্য উপস্থিতিৰ সৈতে আছিল নে কোনো প্ৰতিবাদৰ সৈতে জড়িত আছিল সেয়া জানিব পৰা হোৱা নাই। তদুপৰি কৰ্তৃপক্ষই কোনো মন্তব্যও কৰা নাই।
অৱশ্যে ককৰোচ জনতা পাৰ্টিক কেন্দ্ৰ কৰি সম্ভাৱ্য প্ৰতিবাদৰ আশংকাত তেওঁৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰা বুলি একাংশ বিষয়া-ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰে। যদিও সেই আশংকা সমাৱৰ্তন স্থগিত ৰখাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল নে নাই সেয়া স্পষ্ট নহয়।
ইতিমধ্যে নালছাৰ ছাত্ৰ-ছাত্ৰীৰ এই চিঠিখন সন্দৰ্ভত আইনী আৰু শৈক্ষিক মহলত আলোচনা আৰম্ভ হৈছে। কিন্তু এই পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ আপত্তি সন্দৰ্ভত নালছাৰ বিশ্ববিদ্যালয়ৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই।





