• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেট নিকোবৰ প্ৰকল্পত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকণৰ সেউজ সংকেট: পৰিৱেশ মঞ্জুৰীত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2026 8:06 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত গ্ৰহণ কৰা ‘গ্ৰেট নিকোবৰ প্ৰকল্প‘ৰ পৰিৱেশ মঞ্জুৰীত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT)। সোমবাৰে প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ৰায়ত ন্যায়াধিকৰণে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ সামৰিক নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে এই প্ৰকল্প অতিশয় গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে, প্ৰায় দহ লাখ গছ কটা যোৱাৰ সম্ভাৱনা আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি হ’ব পৰা ভাবুকিক লৈ পৰিৱেশবিদসকলে তীব্ৰ শংকা প্ৰকাশ কৰিছিল। তথাপিও, আদালতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া সুৰক্ষা কৱচসমূহক পৰ্যাপ্ত বুলি গণ্য কৰি প্ৰকল্পটোৰ বাবে সেউজ সংকেট প্ৰদান কৰে।

৮০,০০০ কোটি টকাৰো অধিক ব্যয়বহুল এই প্ৰকল্পৰ অধীনত এটা আন্তঃৰাষ্ট্ৰীয় ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল, টাউনশ্বিপ, শক্তি কেন্দ্ৰ আৰু এটা গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। পৰিৱেশবিদসকলৰ মতে, ইয়াৰ বাবে দ্বীপটোৰ প্ৰায় ১৩০.৭৫ বৰ্গ কিলোমিটাৰ এলেকাৰ প্ৰায় ১০ লাখ গছ কটা যোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মন্তব্য কৰে যে জৈৱ-বৈচিত্ৰ্য আৰু থলুৱা সম্প্ৰদায়ৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

উল্লেখ্য যে ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত গঠিত ছয়জনীয়া বিচাৰপীঠে এই প্ৰকল্পৰ বিৰোধিতা কৰি দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে আদালতত দাখিল কৰা উত্তৰত কয় যে গ্ৰেট নিকোবৰৰ সৰ্বাংগীণ বিকাশ ভাৰতৰ নিৰাপত্তা, আৰ্থ-সামাজিক লাভ আৰু সামৰিক কৌশলৰ দিশৰ পৰা এক ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ’ প্ৰকল্প। চৰকাৰে লগতে জনায় যে কেৱল ‘প্ৰমাণহীন আশংকা’ৰ ভিত্তিত এনে গুৰুত্বপূৰ্ণ প্ৰকল্প বন্ধ কৰিব নালাগে। উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত সামৰিক গোপনীয়তা থকাৰ বাবে সেয়া ৰাজহুৱা কৰিবলৈও চৰকাৰে অস্বীকাৰ কৰে, যিটো সিদ্ধান্তত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সন্মতি প্ৰদান কৰে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাত কোৱা হৈছে যে প্ৰস্তাৱিত প্ৰকল্পটো কোনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ সীমাৰ ভিতৰত নপৰে। বনভূমি ব্যৱহাৰৰ পাছতো দ্বীপটোৰ দুই-তৃতীয়াংশতকৈ অধিক অংশ অৰণ্যৰে আবৃত হৈ থাকিব, যিটো ৰাষ্ট্ৰীয় বন নীতি, ১৯৮৮-ৰ সৈতে সংগতিপূৰ্ণ।

জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব হোৱাৰ সন্দৰ্ভত ন্যায়াধিকৰণে কয় যে শুনানিৰ সময়ত তেওঁলোকৰ উচিত প্ৰতিনিধিত্ব আছিল আৰু তেওঁলোক উচ্ছেদ হোৱাৰ সম্ভাৱনা নাই। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কিছুমান জনজাতীয় সম্প্ৰদায়ে শেহতীয়াকৈ ভূমিৰ দাবী ত্যাগ কৰিবলৈ দাবী পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল, তথাপিও ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে পৰিৱেশ মঞ্জুৰীত থকা সুৰক্ষা কৱচসমূহক পৰ্যাপ্ত বুলি গণ্য কৰিছে।

আদালতে উল্লেখ কৰে যে এই বিষয়ত এক ‘সন্তুলিত দৃষ্টিভংগী’ গ্ৰহণ কৰাটো আৱশ্যক। এফালে দেশৰ সামৰিক নিৰাপত্তা আৰু আনফালে পৰিৱেশৰ সুৰক্ষা— এই দুয়োটা দিশৰ মাজত সমতা ৰক্ষা কৰিব লাগিব।

পৰিৱেশ মন্ত্ৰালয়ে মঞ্জুৰী পত্ৰত কেতবোৰ চৰ্ত বান্ধি দিছে, য’ত অন্তৰ্ভুক্ত আছে মেংগ্ৰোভৰ পুনৰ সংস্থাপন, কোৰেল (Corals) স্থানান্তৰণ, জনজাতীয় শ্বোম্পেন আৰু নিকোবৰী লোকসকলৰ কল্যাণ আৰু লেদাৰবেক কাছ, নিকোবৰ মেগাপ’ড আদি বিৰল প্ৰজাতিৰ সুৰক্ষা। ন্যায়াধিকৰণে লগতে কয় যে ভাৰতীয় প্ৰাণী জৰীপৰ প্ৰতিবেদন অনুসৰি কোৰেলসমূহৰ সুৰক্ষাৰ বাবে সেইবোৰ স্থানান্তৰ কৰিব পাৰি আৰু ই উপকূলীয় নিয়ন্ত্ৰণ অঞ্চলৰ নিয়ম উলংঘা নকৰে।ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয় যে যিহেতু উচ্চস্তৰীয় সমিতিয়ে সকলো দিশ পৰীক্ষা কৰিছে আৰু দেশৰ সামৰিক নিৰাপত্তাৰ স্বাৰ্থ জড়িত হৈ আছে, গতিকে এই প্ৰকল্পৰ কাম আগুৱাই নিয়াত কোনো আইনী বাধা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd