• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেট নিকোবৰ উন্নয়ন প্ৰকল্প: বিকাশ নে বিনাশ?

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
August 24, 2026 9:06 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়ন মানে কি? উন্নয়নৰ কোনো নিৰ্দিষ্ট ধাৰণা আছে নে? উন্নয়নে সদায় বলিদান বিচাৰে নেকি? নে উন্নয়নৰ সংজ্ঞা কেৱল বিশাল আন্তঃগাঁথনি নিৰ্মাণৰ মাজতে সীমাবদ্ধ? প্ৰায়ে কোৱা হয় যে উন্নয়নৰ বাবে কিছু ‘বলিদান’ অনিবাৰ্য; কিন্তু প্ৰশ্ন হয়— এই বলিদান কিহৰ বিনিময়ত? যদি উন্নয়নে মানুহৰ কল্যাণহে বিচাৰে, তেন্তে কিয় ইয়াৰ নামত প্ৰকৃতিৰ ওপৰত অবাধ ধ্বংসযজ্ঞ চলোৱা হয়?

Apply Now

আজিৰ সময়ত চৰকাৰী উন্নয়নৰ যি ধাৰা চলিছে, সেয়া বহু ক্ষেত্ৰত পৰিৱেশ তন্ত্ৰৰ বাবে এক অশনি সংকেত হৈ পৰিছে। যাৰ ফলস্বৰূপে, আজি সাধাৰণ মানুহে প্ৰকৃতি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে আৰু গঢ়ি তুলিবলগীয়া হৈছে তীব্ৰ আন্দোলন। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ উৰণীয়া সেতু নিৰ্মাণৰ নামত প্ৰাচীন গছসমূহ কাটি পেলোৱা বা স্থানান্তৰ কৰাৰ যি প্ৰচেষ্টা, সেয়া আছিল আধুনিকতাৰ নামত প্ৰকৃতিৰ বিৰুদ্ধে চলোৱা এক আঘাত। একেদৰে, গুৱাহাটী ৰিং ৰ’ড প্ৰকল্পক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

অৱশ্যে, বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত বিষয়টো হ’ল কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী প্ৰকল্প— গ্ৰেট নিকোবৰ উন্নয়ন প্ৰকল্প। সামৰিক নিৰাপত্তা আৰু অৰ্থনৈতিক প্ৰগতিৰ দোহাই দি গ্ৰহণ কৰা এই প্ৰকল্পই কেনেকৈ পৰিৱেশ আৰু থলুৱা অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, সেয়া আজিৰ এই আলোচনাৰ মূল বিষয়।

প্ৰকল্পটোৰ এক চমু আভাস

এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত আন্দামান আৰু নিকোবৰৰ দক্ষিণতম দ্বীপটোক ট্ৰেন্সশ্বিপমেণ্ট হাব (Transhipment Hub), আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, টাউনশ্বিপ আৰু বিদ্যুৎ উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা।

৮৮৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত, ইউনেস্কোৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল (Biosphere Reserve) গ্ৰেট নিকোবৰ অতুলনীয় জৈৱ-বৈচিত্ৰ্যৰ বসতিস্থল। এই প্ৰকল্পৰ অংশ হিচাপে, বছৰি ১.৬ কোটি টিইইউ (TEU) সামগ্ৰী পৰিচালনা কৰিব পৰা বন্দৰৰ বাবে গালথেয়া বে’ (Galathea Bay) ড্ৰেজিং (Dredging) কৰা হ’ব। লগতে কেম্পবেল বে’ বিমানবন্দৰৰ উন্নীতকৰণ আৰু ৬৫,০০০ বাসিন্দাৰ বাবে টাউনশ্বিপ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ১৩০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ প্ৰায় ১০ লাখ (১৮ মিলিয়ন নহয়) গছ কাটি পেলোৱাৰ আশংকা কৰা হৈছে।

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে জনজাতীয় সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি বাতিলকৰণ (Denotification)-ৰ কাম আগবাঢ়িছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)-ত আবেদন জনোৱাৰ সত্ত্বেও প্ৰকল্পৰ প্ৰাৰম্ভিক কামসমূহ অব্যাহত আছে।

গ্ৰেট নিকোবৰ প্ৰকল্পৰ পাৰিপাৰ্শ্বিক ক্ষতি

প্ৰকল্পটোৱে বিশ্বৰ এক অনন্য বৰ্ষাৰণ্যক ধ্বংস কৰি পেলাব, য’ত নিকোবৰ মেগাপ’ড, দৈত্যকাৰ লেদাৰবেক কাছ (Leatherback Turtle), আৰু লুণীয়া পানীৰ ঘঁৰিয়ালৰ দৰে বিৰল প্ৰজাতিসমূহে বাস কৰে। এই প্ৰজাতিবোৰ কেৱল সেই বিশেষ অঞ্চলটোৰ জলবায়ু আৰু পৰিৱেশতহে জীয়াই থাকিব পাৰে। সেয়ে বাসস্থান ধ্বংসৰ ফলত এই জীৱসমূহ বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা প্ৰৱল।

দ্বীপটোৰ বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংসৰ ফলত বাসস্থানসমূহ খণ্ড-বিখণ্ড হ’ব আৰু মাটিৰ খহনীয়া তথা জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি তীব্ৰতৰ হৈ উঠিব। বন্দৰৰ বাবে পানীৰ গভীৰতা বৃদ্ধি কৰাৰ ফলত গালথেয়া উপসাগৰৰ প্ৰৱাল প্ৰাচীৰবোৰ (Coral Reefs) বিপদাপন্ন হৈ পৰিব। ই সামুদ্ৰিক খাদ্য শৃংখল ব্যাহত কৰাৰ লগতে কাছৰ বংশবৃদ্ধিত বাধা দিব।

ইয়াৰ উপৰিও প্ৰস্তাৱিত ৪৫০ মেগাৱাটৰ তাপবিদ্যুৎ কেন্দ্ৰই কাৰ্বন নিৰ্গমন বৃদ্ধি কৰিব। ঠাইখন ভূকম্প প্ৰৱণ হোৱা বাবে চুনামীৰ আশংকা বৃদ্ধি পোৱাৰ লগতে মেংগ্ৰোভ বনাঞ্চল পৰিষ্কাৰ কৰাৰ ফলত সামুদ্ৰিক ধ্বংসলীলাৰ প্ৰভাৱ অধিক হ’ব।

মানৱ আৰু জনগাঁথনিগত প্ৰভাৱ

প্ৰায় ৮,০০০ জন থলুৱা বাসিন্দা, বিশেষকৈ নিকোবৰী আৰু শ্ব’ম্পেন (Shompen) জনজাতি (যাক বিশেষভাৱে দুৰ্বল জনজাতি গোট বা PVTG বুলি গণ্য কৰা হয়), এই প্ৰকল্পৰ ফলত স্থানচ্যুত হোৱাৰ লগতে সাংস্কৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব।

প্ৰায় ২০,০০০ হেক্টৰ জনজাতীয় সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি বাতিলকৰণে বন অধিকাৰ আইনৰ বিধান উলংঘন কৰিছে বুলি অভিযোগ উঠিছে। প্ৰায় এক লাখ প্ৰব্ৰজনকাৰীৰ আগমনৰ ফলত ৰোগ সংক্ৰমণ আৰু সামাজিক সংঘাতৰ সম্ভাৱনা বৃদ্ধি পাব, যাৰ ফলত শ্ব’ম্পেন জনজাতীয় লোকসকলৰ অস্তিত্ব সংকটত পৰিব। স্থানীয় নেতাসকলে ইয়াক “মানৱ দুৰ্যোগ” বুলি অভিহিত কৰিছে।

চৰকাৰৰ স্থিতি আৰু সমালোচনা

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে (MoEFCC) পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়ন (EIA) প্ৰতিবেদনৰ আধাৰত বনানীকৰণ আৰু নিৰীক্ষণৰ দৰে ব্যৱস্থাসমূহ বাধ্যতামূলক কৰাৰ কথা কৈছে। অৱশ্যে, বিশেষজ্ঞসকলে অভিযোগ কৰিছে যে এই প্ৰতিবেদনসমূহ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি ৰাজহুৱা কৰা হোৱা নাই। জনসাধাৰণৰ মতামত গ্ৰহণৰ ক্ষেত্ৰতো গাফিলতিৰ অভিযোগ উঠিছে, যি EIA অধিসূচনা, ২০০৬-ৰ উলংঘন বুলি ধাৰণা কৰা হৈছে।

সমালোচকসকলে ইয়াক খৰখেদাকৈ লোৱা এক অদূৰদৰ্শী সিদ্ধান্ত বুলি অভিহিত কৰিছে, য’ত বিজ্ঞানতকৈ ভূ-ৰাজনীতিক অধিক অগ্ৰাধিকাৰ দিয়া হৈছে।

বহনক্ষম বিকল্প 

প্ৰশ্ন হয় যে উন্নয়নৰ বাবে পৰিৱেশ আৰু থলুৱা জাতি-গোষ্ঠী ধ্বংস কৰাটো অপৰিহাৰ্য নেকি? ইয়াৰ কাৰ্যকৰী বিকল্প হিচাপে বিশেষজ্ঞসকলে বৰ্তমানৰ নৌসেনাৰ বিমানপথক দ্বৈত ব্যৱহাৰৰ বাবে উন্নীত কৰা, বহনক্ষম পৰিৱেশ পৰ্যটনৰ প্ৰচলন কৰা আৰু সৌৰ বা বায়ু শক্তিৰ ব্যৱহাৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে।

উন্নয়নে সদায় পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিচাৰে। গ্ৰেট নিকোবৰ প্ৰকল্পই ক্ষণস্থায়ী লাভৰ বাবে এক অতুলনীয় পৰিৱেশ তন্ত্ৰক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ লগতে দ্বীপটোৰ থলুৱা লোকসকলৰ জীৱনলৈ অনিশ্চয়তা নমাই আনিব পাৰে। গতিকে নীতিনিৰ্ধাৰকসকলে প্ৰকল্পটো পুনৰ মূল্যায়ন কৰা উচিত যাতে প্ৰকৃতিৰ লগত সহঅৱস্থান কৰি এক বহনক্ষম উন্নয়ন সম্ভৱ হয়।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd