• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছত বিদ্ৰোহৰ অগনি! সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ভূপেন বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2026 1:33 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্রদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ বিবাদ এতিয়া তুংগত উঠিছে। বিশেষকৈ সাংসদ ৰকিবুল হুছেইনৰ বৰ্ধিত প্ৰভাৱক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ এপচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ। প্ৰত্যক্ষভাৱে নাম উল্লেখ নকৰিলেও ‘এপিচিচি(আৰ)’ বুলি সম্বোধন কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে বৰাই।

সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই অত্যন্ত তাৎপৰ্যপূৰ্ণভাৱে কয় যে, ‘‘এতিয়া কংগ্ৰেছত এপিচিচি নহয়, এপিচিচি(আৰ)হে চলিছে। মই আচল কংগ্ৰেছত থাকিবলৈ ৰাজী, কিন্তু এই বিশেষ ব্যক্তিৰ দ্বাৰা পৰিচালিত এপিচিচি(আৰ)ত নাথাকো।’’ তেওঁৰ মতে, দলটোৰ বহু জিলা কমিটীও এতিয়া এপিচিচি(আৰ)লৈ ৰূপান্তৰিত হৈছে।

Apply Now

নিজৰ স্পষ্টবাদিতাৰ কথা দোহাৰি বৰাই কয় যে তেওঁৰ সত্য কোৱাৰ দুঃসাহস আছে আৰু সেইবাবেই তেওঁ সতীৰ্থসকলক সজাগ কৰি দিছে। তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতিত কংগ্ৰেছত থাকিবলৈ হ’লে এজন বিশেষ ব্যক্তিৰ ইচ্ছানুসৰি চলিব লাগিব, যিটো তেওঁৰ বাবে সম্ভৱ নহয়। এগৰাকী শীৰ্ষ নেতাই পঠিওৱা মেছেজৰ উত্তৰত বৰাই ইংৰাজীতে লিখিছে— “You can love him, you can hate him, but you cannot ignore him. APCC is now APCC(R)।”

কংগ্ৰেছৰ বৰ্তমানৰ কাৰ্যপন্থাৰ ওপৰত বিষোদগাৰ প্ৰকাশ কৰি তেওঁ কয়, ‘‘ৰাজনীতিত ব্যক্তিগত, দলীয় আৰু দেশৰ স্বাৰ্থ থাকে। কিন্তু বৰ্তমান সকলো স্বাৰ্থ কেৱল এজন মানুহৰ মতে চলিছে। মই বুকু ফিন্দাই আৰু ৰাজহাড় পোন কৰি কথা কোৱা মানুহ, এনেকৈ কাৰোবাৰ তলতীয়া হৈ কাম কৰাৰ অভ্যাস মোৰ নাই।’’

ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত বৰাই কয় যে তেওঁ হাজাৰ হাজাৰ শুভাকাংক্ষীৰ বাৰ্তা লাভ কৰিছে। বৰ্তমান তেওঁ এক মানসিক অন্তৰ্দ্বন্দ্বত ভুগি থকা বুলি স্বীকাৰ কৰিছে। তেওঁ কয়, ‘‘কংগ্ৰেছৰ বহু নিষ্ঠাৱান কৰ্মীয়ে দল এৰিব নিবিচাৰে, কিন্তু তেওঁলোকে ‘এপিচিচি(আৰ)’ গ্ৰহণ কৰিবলৈও সাজু নহয়। নিশালৈ শুভাকাংক্ষীসকলৰ সৈতে আলোচনা কৰি মই মোৰ চূড়ান্ত সিদ্ধান্ত জনাম।’’

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ঘৰলৈ যোৱা প্ৰসংগত ভূপেন বৰাই কয় যে যিহেতু তেওঁ বৰ্তমান কোনো দলৰ সক্ৰিয় সদস্য হৈ থকা নাই, সেয়ে মুখ্যমন্ত্ৰী আহিলে আপত্তি কৰিবলগীয়া একো নাই। তেওঁলোকৰ মাজত পুৰণি বন্ধুত্ব থকাৰ কথা সোঁৱৰাই দি তেওঁ কয় যে ৰাজনৈতিক পাৰ্থক্য কেৱল ২০১৫ চনৰ পৰাহে আৰম্ভ হৈছিল।

উল্লেখ্য যে আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাৰ বাসগৃহলৈ যোৱাৰ কথা আছে। ইয়াৰ পাছতে বৰাই দলত্যাগ কৰি গেৰুৱা বসন পিন্ধিব নেকি, তাক লৈ ৰাজ্যজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd