কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ ঘোৰামাৰাত থকা ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
ভূপেন বৰাৰ সৈতে এক দীঘলীয়া আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই কথা ৰাজহুৱা কৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত ভূপেন বৰাই দলটোত ভৰ্তি হ’ব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভূপেন বৰাৰ দৰে এজন তৃণমূল পৰ্যায়ৰ নেতা বিজেপিত যোগদান কৰিলে দলটো অধিক শক্তিশালী হৈ পৰিব। তেওঁ লগতে মন্তব্য কৰে যে ভূপেন বৰাই কংগ্ৰেছ দলত দীৰ্ঘদিন ধৰি বহুত সংগ্ৰাম কৰিছিল আৰু এতিয়া বিজেপিৰ মজিয়াত তেওঁ নিজৰ কাম কৰাৰ বাবে এক সঠিক মঞ্চ লাভ কৰিব। মুখ্যমন্ত্ৰীৰ মতে বৰাৰ এই পদক্ষেপে স্পষ্ট কৰিব যে কংগ্ৰেছ দল এতিয়া হিন্দুসকলৰ বাবে উপযুক্ত স্থান হৈ থকা নাই।
মুখ্যমন্ত্ৰীগৰাকী ভূপেন বৰাৰ ঘৰত উপস্থিত হোৱাৰ সময়ত বৰাৰ পত্নী আৰু পুত্ৰই তেওঁক পৰম্পৰাগত আৰতি কৰি উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে সোমবাৰে ভূপেন বৰাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল যদিও দলটোৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল। তেওঁলোকে বৰাক সিদ্ধান্ত সলনি কৰিবলৈ অনুৰোধ জনাইছিল আৰু ইয়াৰ বাবে বৰাই অলপ সময় বিচাৰিছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তেওঁ গেৰুৱা দলত যোগদান কৰাটো নিশ্চিত হৈছে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে বিজেপিৰ দুৱাৰ সদায় ভূপেন বৰাৰ বাবে খোলা আছে। তেওঁ লগতে আশ্বাস দিছিল যে আগন্তুক বিধানসভা নিৰ্বাচনত ভূপেন বৰাক এটা সুৰক্ষিত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাত চৰকাৰে সম্পূৰ্ণ সহায় কৰিব। ভূপেন বৰাৰ এই ৰাজনৈতিক পৰিৱৰ্তনে অসমৰ আগন্তুক নিৰ্বাচনী অংকত এক ডাঙৰ প্ৰভাৱ পেলাব বুলি চৰ্চা চলিছে।





