উত্তৰ প্ৰদেশৰ বান্দাৰ আদালতে ৩৩টি শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এহাল দম্পতীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দোষী সাব্যস্ত হোৱাসকলৰ ভিতৰত আছে জলসিঞ্চন বিভাগৰ প্ৰাক্তন কনিষ্ঠ অভিযন্তা ৰামভৱন আৰু তেওঁৰ পত্নী দুৰ্গাৱতী। তিনি বছৰীয়া শিশুও তেওঁলোকৰ নাৰকীয় কামনাৰ বলি হৈছে।
বান্দাৰ বিশেষ পক্চো আদালতে এই ঐতিহাসিক ৰায়দান কৰি এই কাণ্ডক ‘অতি বিৰলতম’ বুলি অভিহিত কৰিছে। প্ৰতিটো নিৰ্যাতিত শিশুক ক্ষতিপূৰণ হিচাপে ১০ লাখ টকা দিব লাগে বুলিও আদালতে নিৰ্দেশ দিছে।
ইয়াৰ উপৰিও অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা সকলো ধন শিশুৰ মাজত সমানে ভাগ কৰি দিব লাগে বুলিও কোৱা হৈছে। ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত বান্দা আৰু চিত্ৰকূট অঞ্চলত শিশুৰ এই নিৰ্যাতন সংঘটিত হৈছিল। ৰামভৱনে অনলাইন গেম, টকা আৰু বিভিন্ন উপহাৰেৰে শিশুক প্ৰলোভিত কৰি ফান্দত পেলাইছিল।
২০২০ চনত চিবিআইয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। তদন্তত চৰম নৃশংসতাৰ ছবি পোহৰলৈ আহে। জনা যায় যে নিৰ্যাতিত শিশুসকলৰ বহুতৰে ব্যক্তিগত অংগত গভীৰ ঘাঁ আছিল, যাৰ বাবে তেওঁলোকে বহু সময় চিকিৎসালয়ত কটাবলগীয়া হৈছিল। কোনো কোনোৱে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছে, আনহাতে কিছুমানে এতিয়াও গভীৰ মানসিক যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰিছে।
তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, শিশুসকলৰ বক্তব্য অতি সংবেদনশীলতাৰে লোৱাৰ লগতে সকলো ডিজিটেল প্ৰমাণ সংগ্ৰহ কৰা হয়। ২০২১ চনত চিবিআইয়ে অভিযোগনামা দাখিল কৰিছিল।
ন্যায়াধীশগৰাকীয়ে দিয়া ৰায়ত কয় যে অপৰাধৰ স্বৰূপ আৰু নিষ্ঠুৰতা ইমানেই চৰম পৰ্যায়ৰ যে অপৰাধীৰ বাবে শুধৰণিৰ কোনো সম্ভাৱনা নাই। এই চৰম শাস্তিটোৱেই শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ একমাত্ৰ উপায়।
ইপিনে, শিশুৰ বিৰুদ্ধে যিকোনো অপৰাধ দমন কৰিবলৈ তেওঁলোক দৃঢ়প্ৰতিজ্ঞ বুলি মন্তব্য কৰিছে চিবিআইয়ে। এই ৰায়দান অনাগত দিনত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ।





