দেশত পুনৰ পোহৰলৈ আহিছে ম’ব লিঞ্চিঙৰ ঘটনা। ঝাৰখণ্ডৰ পালামৌ জিলাত সংঘটিত হৈছে এই নৃশংস গণপ্ৰহাৰৰ ঘটনা। পাডৱা থানাৰ অন্তৰ্গত তেলিয়াহী গাঁৱত শনিবাৰে নিশা এজন যুৱকক বেটাৰী চুৰিৰ সন্দেহত একাংশ লোকে পিটি পিটি হত্যা কৰে। মৃত যুৱকজনক ওচৰৰে মুৰ্মা গাঁৱৰ বাসিন্দা পৱন ৰাম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, তেওঁ পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, পথৰ কাষত ৰখাই থোৱা এটা ট্ৰেক্টৰৰ পৰা বেটাৰী চুৰি কৰিবলৈ চেষ্টা কৰাৰ সন্দেহতে একাংশ লোকে পৱনক কৰায়ত্ত কৰিছিল। নাম প্ৰকাশত অনিচ্ছুক এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, “গাঁৱত খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত মানুহৰ ভিৰ গোট খায়। ইয়াৰ পিছতে যুৱকজনক ৰছীৰে বান্ধি লাঠীৰে কোবোৱাৰ লগতে গোৰ আৰু ভুকুৰে উপৰ্যুপৰি আক্ৰমণ কৰা হয়। যুৱকজনে বাৰে বাৰে প্ৰাণভিক্ষা মাগিছিল যদিও উত্তেজিত জনতাই কোনো কানসাৰ দিয়া নাছিল।”
খবৰ লাভ কৰাৰ লগে লগে পাডৱা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে। তেওঁক ততাতৈয়াকৈ মেদিনীৰায় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসকৰ মতে, যুৱকজনৰ শৰীৰৰ কেইবাঠাইতো গুৰুতৰ আঘাতৰ চিন আছিল।
পাডৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্চিত কুমাৰে জনোৱা মতে, শনিবাৰে নিশা খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। বৰ্তমান এই ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।
আনহাতে, পালামৌৰ আৰক্ষী অধীক্ষক (SP) ৰিষ্মা ৰমেশানে সমগ্ৰ ঘটনাটো সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে। প্ৰথমাৱস্থাত ইয়াক চুৰিৰ ঘটনা বুলি ভবা হৈছিল যদিও প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে মৃত যুৱকজনৰ এজন অভিযুক্তৰ ভতিজীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। শনিবাৰে নিশা তেওঁ যুৱতীগৰাকীক লগ কৰিবলৈ যোৱাৰ সময়তে পৰিয়ালৰ লোক আৰু আন একাংশই তেওঁক আক্ৰমণ কৰে বুলি সন্দেহ কৰা হৈছে।
এই সন্দৰ্ভত পাডৱা থানাত চাৰিজন চিনাক্ত কৰা লোক আৰু আন কেইবাজনো অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ (FIR) ৰুজু কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এজন সন্দেহযুক্ত লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
এজন দণ্ডাধীশৰ তত্বাৱধানত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব। ইয়াৰ উপৰিও, গাঁৱত যাতে পুনৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে পৰ্যাপ্ত পৰিমাণে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।





