• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ‘অভিযোগনামা’সন্দৰ্ভত বিধায়ক প্ৰদীপ সৰকাৰ, অমন ৱাদুদৰ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 9:21 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক প্ৰদীপ সৰকাৰ আৰু সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ অমন ৱাদুদে আজি বঙাইগাঁৱত সংবাদমেল সম্বোধন কৰি যোৱা ১৯ ফেব্ৰুৱাৰীত মুকলি কৰা ‘অভিযোগনামা’ৰ উধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পাঁচ বছৰৰ শাসনকালক তীব্ৰ সমালোচনা কৰে। প্ৰদীপ সৰকাৰ আৰু অমন ৱাদুদে অভিযোগ উত্থাপন কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যত চিণ্ডিকেটৰাজ ভয়াবহভাবে চলি আছে৷ অবৈধ খনন আৰু বিভিন্ন বিভাগত কমিছন ব্যৱস্থাই বিস্তাৰ লাভ কৰিছে।

কংগ্ৰেছ নেতাদ্বয়ে কয় যে কাঠ, বালি, শিল, কয়লা, লোহা আদি সামগ্ৰীৰ অবৈধ সৰবৰাহৰ জৰিয়তে ব্যাপক পুঁজি সংগ্ৰহ কৰা হৈছে। স্বাস্থ্য, লোকনিৰ্মাণ আদি বিভাগৰ উন্নয়নমূলক কাম, বদলি-পোষ্টিং আৰু টেণ্ডাৰ প্ৰক্ৰিয়াত কমিচন লোৱাৰ সমান্তৰাল ব্যৱস্থা গঢ়ি উঠা হৈছে বুলিও তেওঁলোকে অভিযোগ কৰে। অভিযোগনামাত চৰকাৰৰ বিৰুদ্ধে অবৈধ সম্পত্তি আহৰণ, ঋণ বৃদ্ধি, অসম চুক্তি আৰু ছয় নং দফা কাৰ্যকৰী নকৰা, এনআৰচি প্ৰক্ৰিয়াত অনিয়ম, নিবনুৱা সমস্যা বৃদ্ধি, বিদ্যালয় বন্ধ আৰু স্বাস্থ্যখণ্ডৰ অৱনতিসহ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে। বুলড’জাৰ নীতিৰ সমালোচনা কৰি কংগ্ৰেছ নেতাদ্বয়ে কয় যে উপযুক্ত জাননী আৰু পুনৰ সংস্থাপন নকৰাকৈ বহু লোকক উচ্ছেদ কৰা হৈছে। যিসকল লোকক উচ্ছেদ কৰা হৈছিল সেইসকল লোকক বাংলাদেশী বুলি কোৱা হৈছিল৷ যদি তেওঁলোক বাংলাদেশী বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ল নে বুলি প্ৰশ্ন কৰে?

Apply Now

আৰক্ষীৰ এনকাউণ্টাৰ বৃদ্ধি আৰু ইউএপিএ গোচৰ অধিক হোৱাৰ কথাও তেওঁলোকে উত্থাপন কৰে। বিৰোধী দলৰ সমদলক আৰক্ষীৰ দ্বাৰা বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰু গৌৰৱ গগৈৰ যাত্ৰাত আৰক্ষীয়ে বাধা দিয়াৰ কথা উল্লেখ কৰে। চতিয়াত গৌৰৱ গগৈৰ যাত্ৰাৰ সময়ত ব’লেৰ গাড়ী ৰাস্তাত ৰাখি আৰক্ষীয়ে বাধা দিছে৷ কিন্তু সিদিনা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বেৰিকেড দিবলৈ অসম আৰক্ষীৰ সাহস কিয় নহ’ল বুলিও নেতাদ্বয়ে প্ৰশ্ন কৰে৷ কংগ্ৰেছ কাৰ্যালয় ভাঙিবলৈ আহি হাতত লোৰ ৰড লৈ আহিছে৷ অসম আৰক্ষীয়ে চকুমুদি আছিল নেকি বুলি প্ৰশ্ন কৰে৷

পৰিৱেশ ধ্বংস সন্দৰ্ভত তেওঁলোকে কয় যে ৰাজ্যত বনাঞ্চল হ্ৰাস পাইছে আৰু খনন মাফিয়াই সংৰক্ষিত অঞ্চলসমূহ ধ্বংস কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গুৱাহাটীৰ লগে ৰাজ্যৰ মুখ্য চহৰৰ বান সমস্যা সমাধান কৰিব নোৱাৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ গুৱাহাটীৰ বান সমস্যাৰ ক্ষেত্ৰত শিলসাঁকো উচ্ছেদৰ পাছতো সমস্যাৰ সমাধান নোহোৱা বুলি অভিযোগ কৰে। ড্ৰাগছ সমস্যা, মদৰ দোকান বৃদ্ধি, টোল-কৰ বৃদ্ধি, চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা, মহিলাৰ সুৰক্ষা আৰু কৃষকৰ সমস্যাৰ বিষয়তো চৰকাৰ ব্যৰ্থ বুলি কংগ্ৰেছ নেতাদ্বয়ে অভিযোগ কৰে। তেওঁলোকে দাবী কৰে যে এই চৰকাৰক উৎখাত নকৰিলে ৰাজ্যবাসীৰ নিস্তাৰ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd