• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্ত বিশ্ব শৰ্মাৰ ‘ঘৃণা বিয়পোৱা ভাষণ’ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 8:10 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা বিশিষ্ট কবি হৰেকৃষ্ণ ডেকা আৰু নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে যুটীয়াভাৱে এই আবেদন দাখিল কৰে। তিনিওজন বিশিষ্ট ব্যক্তিৰ লগতে চি পি আই (এম) আৰু চি পি আই-এ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত প্ৰদান কৰা বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আন এখন আবেদন ২১ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল বুলি জানিব পৰা গৈছে। চি পি আই (এম) আৰু চি পি আই-এ দাখিল কৰা এই আবেদনখনৰ শুনানি ২৫ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ গ্ৰহণ কৰা হ’ব।

ইয়াৰ পূৰ্বে এই আবেদনকাৰীত্ৰয়ে অধিবক্তা শান্তনু বৰঠাকুৰৰ সৈতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ষোল্ল ফেব্ৰুৱাৰীত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। শুনানিকালত উচ্চতম ন্যায়ালয়ে আবেদনকাৰীসকলক পোনপটীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়লৈ অহাৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ পৰামৰ্শ দিয়ে। উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি আবেদনকাৰীসকলক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন জনাবলৈ পৰামৰ্শ দিয়াৰ পাছতে আজি এই নতুন আবেদনখন দাখিল কৰা হয়।

Apply Now

আবেদনকাৰীসকলৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লোৱা ‘মিঞা’ মুছলমান বিৰোধী মন্তব্যই সমাজত বিভাজন আনিব পাৰে। বিশেষকৈ শেহতীয়াকৈ অসম প্ৰদেশ বিজেপিৰ সামাজিক মাধ্যমৰ হেণ্ডেলত প্ৰকাশ পোৱা এটা বিতৰ্কিত ভিডিঅ’ৰ প্ৰসংগ আবেদনখনত উত্থাপন কৰা হৈছে য’ত এজন ব্যক্তিক গুলীওৱাৰ দৃশ্য দেখুওৱা হৈছিল। উচ্চতম ন্যায়ালয়ৰ শুনানিত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু নিজাম পাছাই আদালতত যুক্তি দিছিল যে এজন দায়িত্বশীল মুখ্যমন্ত্ৰীৰ মুখত এনে ভাষ্য শোভা নাপায় আৰু ইয়াৰ বিৰুদ্ধে এটা বিশেষ তদন্তকাৰী দল গঠন কৰিব লাগে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছত এতিয়া সমগ্ৰ গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ১৬ ফেব্ৰুৱাৰীৰ শুনানিত জনাইছিল যে এইটো এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু ইয়াৰ দ্ৰুত শুনানি গ্ৰহণৰ বাবে আবেদনকাৰীসকলে উচ্চ ন্যায়ালয়ক অনুৰোধ জনাব লাগে। বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো এফ আই আৰ পঞ্জীয়ন নোহোৱাৰ বিষয়টো উচ্চ ন্যায়ালয়েই চালি-জাৰি চাব বুলি সৰ্বোচ্চ ন্যায়ালয়ে ১৬ ফেব্ৰুৱাৰীৰ শুনানিৰ অন্ত পেলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd