বনাঞ্চলত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা বা আইনী অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত বন অধিকাৰ আইনৰ (FRA) অপৰ্যাপ্ত ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰিবলৈ মন্ত্ৰালয়ে ৰাজ্যসমূহক মহকুমা, জিলা আৰু ৰাজ্যিক পৰ্যায়ত নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু প্ৰতি তিনিমাহৰ মূৰে মূৰে ইয়াৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰঞ্জন চোপ্ৰাই যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই নিৰ্দেশনা জাৰি কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি, বনাঞ্চল অধিকাৰ আইনৰ ৰূপায়ণৰ সৈতে জড়িত অমীমাংসিত দাবীসমূহৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে এক শক্তিশালী আৰু নিৰন্তৰ ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যেই এই নিয়মীয়া বৈঠকসমূহ অনুষ্ঠিত কৰাটো অপৰিহাৰ্য হৈ পৰিছে।
সচিবগৰাকীয়ে পত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে দাবীসমূহ নিষ্পত্তি কৰাত হোৱা পলম আৰু ক্ষেত্ৰভিত্তিক ৰূপায়ণৰ সমস্যাসমূহ মূলতঃ আইনখনৰ অধীনত গঠিত বিধিবদ্ধ সমিতিসমূহৰ অনিয়মীয়া বৈঠকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। অমীমাংসিত দাবীসমূহৰ দ্ৰুত নিষ্পত্তি, কাৰ্যপ্ৰণালীৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু গাঁও সভাসমূহে সন্মুখীন হোৱা তৃণমূল পৰ্যায়ৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ বাবে এই সমিতিসমূহৰ নিয়মীয়া তথা শৃংখলাবদ্ধ বৈঠক অনুষ্ঠিত হোৱাটো অত্যন্ত জৰুৰী বুলি তেওঁ দোঁহাৰে।
ক্ৰমাৎ বৃদ্ধি পোৱা অমীমাংসিত দাবীসমূহৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি সচিব ৰঞ্জন চোপ্ৰাই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক মহকুমা আৰু জিলা পৰ্যায়ৰ সমিতিসমূহৰ বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত কৰি দাবীসমূহ পৰীক্ষা কৰি পৰৱৰ্তী ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি, ২০১২ চনৰ বন অধিকাৰ আইনৰ নিয়ম অনুসৰি, অধিকাৰৰ স্বীকৃতি আৰু প্ৰদান প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ, প্ৰমাণীকৰণৰ সমস্যাসমূহ দূৰ কৰিবলৈ আৰু ত্ৰৈমাসিক প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহ প্ৰতি তিনিমাহত কমেও এবাৰকৈ মিলিত হোৱাটো বাধ্যতামূলক কৰা হৈছে।উল্লেখ্য যে, ২০০৬ চনৰ বন অধিকাৰ আইনে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি হাবি-জংঘলত বসবাস কৰি অহা বনত বাস কৰা জনজাতীয় সম্প্ৰদায় তথা বাসিন্দাসকলক তেওঁলোকে বাস কৰা ভূমি আৰু বনাঞ্চলৰ ওপৰত আইনী অধিকাৰ প্ৰদান কৰে। বনাঞ্চলৰ অধিকাৰসমূহ যাতে সঠিকভাৱে আৰু নিকাভাৱে চিনাক্ত, পৰীক্ষা আৰু অনুমোদন হয়, তাৰ বাবে আইনখনত স্থানীয়, জিলা আৰু ৰাজ্যিক পৰ্যায়ত এক শৃংখলাবদ্ধ কাৰ্যপ্ৰণালীৰ কথা উল্লেখ কৰিছে।





