• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ষতিপূৰণৰ দাবীত উত্তাল ডিমা হাছাও: দলাই চুঙাত ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2026 11:16 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডিমা হাছাও জিলাৰ দলাই চুঙা গাঁৱৰ ক্ষুব্ধ ৰাইজে ভূমি অধিগ্ৰহণৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত বুধবাৰৰ পৰা শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য স্তব্ধ কৰি ৰাখিছে। যোৱা ২২ ফেব্ৰুৱাৰীৰ নিশা অঞ্চলটোৰ হাৰাঙ্গাজাও-জাতিংগা অংশত নিৰ্মীয়মাণ অৱস্থাত থকা এখন উৰণীয়া সেতু খহি পৰাৰ মাত্ৰ কেইদিনমানৰ পাছতেই স্থানীয় ৰাইজে গ্ৰহণ কৰা এই পদক্ষেপে ২০০৪ চনৰ পৰাই বিভিন্ন কাৰণত পলম হৈ অহা প্ৰকল্পটোৰ কাম পুনৰবাৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে পশ্চিম ভাৰতৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই ঘাইপথটোৰ নিৰ্মাণকাৰ্য প্ৰযুক্তিগত, প্ৰশাসনীয় আৰু স্থানীয় সমস্যাৰ বাবে যোৱা দুটা দশক ধৰি অসম্পূৰ্ণ হৈ আছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঘাইপথটোৰ গুৰুত্বপূৰ্ণ অংশসমূহ মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত শেহতীয়াকৈ নিৰ্মাণকাৰ্য ক্ষীপ্ৰতৰ কৰা হৈছিল। কিন্তু ক্ষতিপূৰণ বিচাৰি গাঁৱবাসীয়ে হঠাতে কাম বন্ধ কৰি দিয়াৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটোত পুনৰ বিধি পথালিৰ সৃষ্টি হৈছে। গাঁৱবাসীৰ মতে, যোৱা ২০২৫ চনৰ ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI), ডিমা হাছাওৰ ভূমি ৰাজহ বিভাগ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগ, লগতে কৃষি আৰু বন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত ক্ষতিগ্ৰস্ত ৫০ টা পৰিয়ালৰ ঘৰ, মাটি আৰু খেতি-বাতিৰ ক্ষয়-ক্ষতিৰ এক যুটীয়া জৰীপ চলোৱা হৈছিল। ইয়াৰ পাছতে ক্ষতিপূৰণৰ বিধেয়ক প্ৰস্তুত কৰি ঘাইপথ প্ৰাধিকৰণৰ শিলচৰস্থিত প্ৰকল্প ৰূপায়ণ গোটৰ (PIU) কাৰ্যালয়ত দাখিল কৰা হৈছিল বুলি জানিব পৰা গৈছে।

Apply Now

জৰীপ আৰু মূল্যায়ন সম্পূৰ্ণ হোৱাৰ পাছতো আজিকোপতি গাঁৱবাসীয়ে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। এজন ক্ষতিগ্ৰস্ত লোকে জানিবলৈ দিয়া মতে, ঘাইপথ সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ কেইবাটাও বাসগৃহ, তামোলৰ বাৰী আৰু ফল-মূলৰ বাগিচা ধ্বংসপ্ৰাপ্ত হয়, যিটো আছিল তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উৎস। ঘাইপথৰ এই অংশটো উদ্বোধনৰ পূৰ্বে যোৱা ৩১ জানুৱাৰীত ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰায় আৰু নন্দিতা গাৰ্লোচাই অঞ্চলটো পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যত বাধা নিদিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে অতি শীঘ্ৰে ক্ষতিপূৰণৰ ধন মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আনকি প্ৰকল্পটোৰ কাম নিৰ্বিঘ্নে আগবঢ়াই নিবলৈ তেওঁলোকে গাঁৱবাসীক তিনিটা বাসগৃহ খালী কৰিবলৈকো অনুৰোধ জনাইছিল।

অৱশ্যে, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ দাবী অনুসৰি এই আশ্বাসৰ পাছতো শিলচৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যালয়ত তেওঁলোকৰ ক্ষতিপূৰণৰ ফাইলসমূহ আৱদ্ধ হৈ আছে আৰু তেওঁলোকে কোনো ধৰণৰ আৰ্থিক সকাহ লাভ কৰা নাই। নিৰ্বাচন সমাগত হোৱাৰ বাবে প্ৰশাসনীয় তৎপৰতাতকৈ ৰাজনৈতিক স্বাৰ্থতহে বিষয়টো পৰিচালনা কৰা হৈছে বুলি তেওঁলোকে ক্ষোভ উজাৰে। “যেতিয়ালৈকে আমাৰ ক্ষতিপূৰণ মুকলি কৰি দিয়া নহয়, তেতিয়ালৈকে আমি কোনো কাৰণতে নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিবলৈ নিদিওঁ,” বুলি স্পষ্ট কৰি দি গাঁৱবাসীয়ে যিকোনো ধৰণৰ আপোচৰ সম্ভাৱনা নাকচ কৰে।

বৰ্তমান তামোল আৰু ফল-মূলৰ বাগিচা ধ্বংস হোৱাৰ ফলত পৰিয়ালসমূহৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে আৰু তেওঁলোকে তীব্ৰ আৰ্থিক সংকটত দিন পাৰ কৰিবলগীয়া হৈছে। প্ৰতিবাদী ৰাইজে এতিয়া সমগ্ৰ বিষয়টোত ডিমা হাছাও জিলা প্ৰশাসন আৰু আৰক্ষীৰ জৰুৰী হস্তক্ষেপ দাবী কৰাৰ লগতে তাৎক্ষণিকভাৱে ক্ষতিপূৰণ প্ৰদান কৰি প্ৰকল্পটোৰ ৰূপায়ণৰ ওপৰত হেৰুওৱা আস্থা ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd