• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াও লাভ কৰা নাই ড্ৰাইভিং লাইচেন্স; দুখন গাড়ীৰ মালিক হৈ পৰিল বৈভৱ সূৰ্যবংশী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2026 2:33 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁৰ বয়স মাত্ৰ ১৪ বছৰ। স্কুলৰ বেঞ্চ, নেট প্ৰেকটিছ আৰু বয়সভিত্তিক ক্ৰিকেটেই বৈভৱ সূৰ্য্যবংশীৰ জগত হৈ পৰিছে।

আইনৰ দৃষ্টিত তেওঁৰ বয়স এতিয়াও গাড়ীৰ ষ্টিয়াৰিং ধৰিব পৰা হোৱা নাই, ড্ৰাইভিং লাইচেন্স ল’বলৈ তেওঁৰ নূন্যতম বয়স পূৰণ কৰিবলৈ এতিয়াও চাৰি বছৰ বাকী আছে। কিন্তু ক্ৰিকেট খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰা সূৰ্যবংশীৰ জীৱনৰ গতিয়ে যেন বয়সৰ কেলেণ্ডাৰ অনুসৰণ নকৰে।

Apply Now

যি বয়সত বহুতে চাইকেলৰ পৰা মটৰবাইকত উঠাৰ সপোন দেখে, সেই বয়সত সূৰ্যবংশী দুখন বিলাসী গাড়ীৰ মালিক হৈ পৰিছে। যিহেতু তেওঁৰ ড্ৰাইভিং লাইচেন্স নাই, গতিকে ষ্টিয়াৰিঙৰ পিছফালে বহিবলৈ সুযোগ নাপায়। কিন্তু তাতে কি হ’ল! গাড়ীৰ মালিক হ’বলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই। খেলপথাৰত নিজৰ বেটেৰে বিপক্ষৰ বলাৰক চাপত পেলাইছে, খেলপথাৰৰ বাহিৰতো সূৰ্যবংশীৰ সফলতাৰ পুৰস্কাৰ হিচাপে ধৰা দিছে চাৰিচকীয়া বাহনত।

২০২৫ চনৰ আই পি এলত ‘ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন’ বঁটা লাভ কৰা সূৰ্যবংশীয়ে ৰাজস্থান ৰয়েলছৰ হৈ ২০৬.৬০ ষ্ট্ৰাইক ৰেটত ২৫২ ৰান সংগ্ৰহ কৰি কমেও ১০০টা বল খেলা বেটছমেনৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ইয়াৰ পুৰস্কাৰ হিচাপে সূৰ্যবংশীয়ে লাভ কৰে টাটা মটৰ্ছৰ পৰা এখন নতুন বগা ৰঙৰ এছ ইউ ভি। এইখন তেওঁৰ দ্বিতীয়খন গাড়ী।

ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰঠাকুৰে সূৰ্যবংশীক এখন মাৰ্চিডিজ বেঞ্জ উপহাৰ দিছিল। ছাৱাই মানসিং ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি তেওঁ এই উপহাৰ লাভ কৰে। আই পি এলৰ ইতিহাসত এইটো আছিল কোনো ভাৰতীয়ৰ দ্ৰুততম শতক আৰু টুৰ্ণামেণ্টৰ দ্বিতীয় দ্ৰুততম শতক।

বুধবাৰে পাটনাত দ্বিতীয়খন গাড়ী গ্ৰহণ কৰাৰ সময়তে সূৰ্যবংশীয়ে গাড়ীৰ চাবি মাকৰ হাতত গতাই দিয়ে। বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে সেই সময়ত আৱেগিক হৈ কৈছিল, “এইটোৱেই মোৰ মাক দিয়া প্ৰথম উপহাৰ।”

সূৰ্যবংশীয়ে ৫০ লাখ টকাৰ নগদ পুৰস্কাৰো লাভ কৰে। ৬ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতে জয়লাভ কৰিছিল, য’ত সূৰ্যবংশীৰ এক বিশেষ ভূমিকা আছিল। ফাইনেলত এক বিস্ফোৰক শতক অৰ্জন কৰাৰ লগতে ৪৩৯ ৰানেৰে টুৰ্নামেন্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। এই কৃতিত্বৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৫০ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd