অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত অৱশেষত মুখ খুলিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। জামছেদপুৰৰ এক অনুষ্ঠানত তেওঁ মন্তব্য কৰে, ‘ন্যায়পালিকাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আছে। আদালতে যি নিৰ্দেশ দিব সেয়া চৰকাৰে সম্পূৰ্ণৰূপে মানি চলিব।’ একে সময়তে তেওঁ কয়, ‘যি হৈছে তাৰ বাবে মই গভীৰভাৱে দুখিত।’
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান খণ্ড ২ গ্ৰন্থখনৰ প্ৰকাশন আৰু বিতৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে, য’ত ‘ন্যায়িক দুৰ্নীতি’ বিষয়টো উল্লেখ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আদালত অৱমাননাৰ সম্ভাৱ্য অভিযোগত সংশ্লিষ্ট লোকলৈ কাৰণ দেখুৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে।
এই পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক প্ৰয়োজনীয় সংশোধনী পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। তেওঁৰ ভাষাত ‘চৰকাৰৰ ন্যায়পালিকাক অসন্মান কৰাৰ কোনো উদ্দেশ্য নাছিল। বিষয়টো অতি গুৰুত্বসহকাৰে চোৱাচিতা কৰা হৈছে, প্ৰয়োজন হ’লে তদন্ত কৰা হ’ব।‘
তেওঁ লগতে কয় যে ‘পাঠ্যপুথি আৰু সংশ্লিষ্ট অধ্যায় প্ৰস্তুতৰ লগত জড়িতসকলৰ ভূমিকা সম্পৰ্কে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, আদালতৰ নিৰ্দেশ মানি চলাটো আমাৰ সাংবিধানিক আৰু নৈতিক কৰ্তব্য।’
উচ্চতম ন্যায়ালয়ে সংশোধিত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ সকলো প্ৰকাশিত আৰু ডিজিটেল কপি তৎকালীনভাৱে জনসাধাৰণৰ হাতৰ পৰাৰ পৰা আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে। প্ৰত্যাহাৰ কৰা কিতাপখনৰ পৰা কোনো পাঠ নিদিবলৈও বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে।
ইতিমধ্যে প্ৰেৰণ কৰা কপিসমূহ জব্দ কৰি আদালতত সন্মতি প্ৰতিবেদনদাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এনচিইআৰটিৰ সঞ্চালকগৰাকীক। ইয়াৰ লগতে ৰাজ্যৰ সকলো শিক্ষা বিভাগৰ প্ৰধান সচিবক এই নিৰ্দেশ কাৰ্যকৰী কৰি দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।
সংশ্লিষ্ট অধ্যায়ৰ খচৰা প্ৰস্তুতৰ লগত জড়িত লোকৰ নাম আৰু পৰিচয় আৰু সভাৰ কাৰ্য্যবিৱৰণী দাখিল কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিছে। আদালত অৱমাননা আইনৰ অধীনত কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ কাৰণ দেখুৱাৰ জাননী জাৰি কৰা হৈছে।
২০২৬ চনৰ সংস্কৰণত প্ৰকাশিত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান গ্ৰন্থখনৰ ‘আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা’ শীৰ্ষক অধ্যায়টোৰ পৰাই এই বিতৰ্ক আৰম্ভ হৈছিল। অধ্যায়টোত ন্যায়পালিকাৰ দুৰ্নীতি, গোচৰৰ বেকলগ আৰু বিভিন্ন পৰ্যায়ৰ আদালতত বহু সংখ্যক বিচাৰাধীন গোচৰৰ অভিযোগৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও ন্যায়াধীশসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়াৰ বিষয়েও ব্যাখ্যা কৰা হৈছিল।
এই বিষয়বস্তুক লৈ তীব্ৰ আপত্তি উত্থাপন হোৱাৰ পিছত এনচিইআৰটিয়ে গ্ৰন্থখনৰ বিতৰণ বন্ধ কৰি দিয়ে। জানিব পৰা মতে, ছপা হোৱা ২.২৫ লাখ কপিৰ ভিতৰত প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে মাত্ৰ ৩৮ কপিহে বিক্ৰী হৈছিল।





