বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সম্পন্ন হোৱা সপ্তম বাৰ্ষিক জলচৰ পক্ষী গণনাৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। যোৱা ২২ ফেব্ৰুৱাৰীত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত উন্মোচন কৰা এই প্ৰতিবেদনত এক অত্যন্ত সুখবৰ পোৱা গৈছে।

এইবাৰৰ গণনাত কাজিৰঙাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে স্মিউ নামৰ এবিধ বিৰল প্ৰজাতিৰ হাঁহ দেখিবলৈ পোৱা গৈছে। এই বিশেষ পক্ষীবিধৰ উপস্থিতিয়ে সমগ্ৰ দেশৰ পক্ষী প্ৰেমী আৰু সংৰক্ষণ কৰ্মীসকলৰ মাজত ব্যাপক উচাহৰ সৃষ্টি কৰিছে।
চলিত বৰ্ষৰ ৪ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈকে চলা এই বিশেষ জৰীপত মুঠ ১ লাখ ৫ হাজাৰ ৫৪০ টা জলচৰ পক্ষী নথিভুক্ত কৰা হৈছে।

কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত পূব অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ মুঠ ১৬৬ খন জলাশয়ত এই গণনা প্ৰক্ৰিয়া চলোৱা হৈছিল। এই বৃহৎ কাৰ্যসূচীত ১২০ গৰাকী গণনাকাৰীৰ লগতে ৫০ গৰাকীতকৈ অধিক স্বেচ্ছাসেৱী, ছাত্ৰ-ছাত্ৰী আৰু বন কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল।

২০১৮-১৯ চনৰ পৰাই কাজিৰঙা কৰ্তৃপক্ষই এই গণনা আৰম্ভ কৰিছিল যদিও যোৱা তিনি বছৰ ধৰি নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ সহযোগত ই এক বৃহৎ নাগৰিক বিজ্ঞান আন্দোলনলৈ ৰূপান্তৰিত হৈছে।
এইবাৰৰ লোকপিয়লত মুঠ ১০৭ টা প্ৰজাতিৰ পক্ষী চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত বৰ-হেডেড গুজ, নৰ্ডাণ পিনটেইল আৰু লেছাৰ হুইচলিং ডাক আদিৰ সংখ্যাই আছিল সৰ্বাধিক। জৰীপত আন্তঃৰাষ্ট্ৰীয় প্রকৃতি সংৰক্ষণ সংঘৰ তালিকাভুক্ত কেইবাটাও সংকটপূৰ্ণ আৰু বিৰল প্ৰজাতিৰ চৰাইও পোৱা গৈছে।

স্মিউ হাঁহৰ উপস্থিতিৰ সন্দৰ্ভত বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে ই আমাৰ জলাশয়সমূহৰ উন্নত স্বাস্থ্যৰ এক শুভ লক্ষণ। ইউৰেছিয়াৰ পৰা শীতকালত ভাৰতৰ অতি সীমিত অঞ্চললৈ অহা এইবিধ চৰাই অসমৰ কাজিৰঙা তথা লাওখোৱাৰ জলাশয়ত প্ৰথমবাৰলৈ দেখা পোৱাটো এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হৈছে। বিশেষকৈ লাওখোৱাৰ ৰৌমৰী আৰু দণ্ডুৱা বিলত সৰ্বাধিক চৰাইৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।

এই গুৰুত্বপূৰ্ণ প্ৰতিবেদনখন কাজিৰঙা উদ্যান কৰ্তৃপক্ষ আৰু অসম পক্ষী নিৰীক্ষণ নেটৱৰ্কৰ যুটীয়া প্ৰচেষ্টাত প্ৰস্তুত কৰা হৈছে। প্ৰতিবেদন উন্মোচনী অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, আই ইউ চি এনৰ বিশেষজ্ঞ বিবেক মেনন আৰু মহকুমাধিপতি শিৱানী জেৰঙালৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও সামাজিক মাধ্যমৰ যোগেদি এই সফলতাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে যে স্মিউ হাঁহৰ দৰে বিৰল পক্ষীৰ প্ৰথমটো দর্শনে কাজিৰঙাৰ জলাশয়সমূহৰ গুৰুত্ব বিশ্বদৰবাৰত পুনৰ প্ৰতিষ্ঠা কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াই আগন্তুক দিনত কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাক অধিক বৈজ্ঞানিক আৰু শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।





