দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এক দীৰ্ঘদিনীয়া আইনী যুঁজৰ পাছত এক বৃহৎ জয় লাভ কৰিছে। বহুল চৰ্চিত দিল্লী আবকাৰী নীতি গোচৰত শুকুৰবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে কেজৰিৱালৰ লগতে মণীশ চিচোদিয়া আৰু বিআৰএছ নেত্ৰী কে কবিতাৰ সৈতে মুঠ ২৩ জন অভিযুক্তক সন্মানেৰে মুক্তি দিছে। আদালতৰ এই ৰায়দানৰ কেইঘণ্টামানৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক তীব্ৰ আক্ৰমণ কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীয়ে। তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই কয় যে যদি সাহস আছে তেন্তে দিল্লীত পুনৰ নিৰ্বাচন পাতি দেখুৱাওক। বিজেপিয়ে যদি ১০ খনতকৈ বেছি আসন পায়, তেন্তে তেওঁ ৰাজনীতি চিৰদিনৰ বাবে এৰি দিব বুলি ঘোষণা কৰে।
প্ৰায় ৬০০ পৃষ্ঠাৰ ৰায়দানত আদালতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ তথ্যসমূহক তীব্ৰ সমালোচনা কৰিছে। বিচাৰকগৰাকীয়ে জনাইছে যে কোনো ডাঙৰ ষড়যন্ত্ৰ বা অপৰাধমূলক উদ্দেশ্যৰ যি অভিযোগ চিবিআইয়ে আনিছিল, তাৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য তথ্য বা প্ৰমাণ তেওঁলোকে দাখিল কৰিব পৰা নাই। আনকি গোচৰটো বিচাৰৰ পৰ্যায়লৈ নিবলৈ প্ৰয়োজনীয় নূন্যতম উপাদান পৰ্যন্ত আদালতত পোৱা নগ’ল। কেজৰিৱালে এই ৰায়দানক সত্যৰ জয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে আদালতে আজি স্পষ্ট কৰি দিলে যে এইটো এটা সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু সাজি উলিওৱা মিছা গোচৰ আছিল।
আদালতৰ পৰা ৰেহাই পোৱাৰ পিছত এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে অভিযোগ কৰে যে আম আদমি পাৰ্টিক ধ্বংস কৰিবলৈ আৰু তেওঁক ক্ষমতাৰ পৰা আঁতৰাবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিল। তেওঁৰ মতে স্বাধীন ভাৰতৰ ইতিহাসত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ। কেৱল ক্ষমতাৰ লোভত যোৱা এটা বছৰত দিল্লীৰ ৩ কোটি মানুহৰ জীৱন ছাৰখাৰ কৰি দিয়া হৈছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। যোৱা ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পিছৰে পৰা দিল্লীৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰা বুলিও তেওঁ দাবী কৰিছে।
উল্লেখ্য যে ২০১৫ আৰু ২০২০ চনত বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিলেও যোৱা ২০২৫ চনৰ নিৰ্বাচনত আপে মাত্ৰ ২২ খন আসন লাভ কৰিছিল আৰু ৪৮ খন আসন লাভ কৰি বিজেপি ক্ষমতালৈ আহিছিল। সেই পৰাজয়ৰ আঘাত আৰু দুৰ্নীতিৰ কলঙ্ক আঁতৰাই কেজৰিৱালে আজি কয় যে দিল্লীৰ মানুহ এতিয়া বিজেপিৰ কাম-কাজত অতিষ্ঠ হৈ পৰিছে। গতিকে ক্ষমতা থাকিলে পুনৰ নিৰ্বাচন হওক আৰু ফলাফল সকলোৱে চকুৰ আগত দেখিবলৈ পাব। তদন্তকাৰী সংস্থাসমূহৰ দাবী আছিল যে আবকাৰী নীতিত বিশেষ কিছুমান গোষ্ঠীক সুবিধা কৰি দিবলৈ ১০০ কোটি টকাৰ লেনদেন হৈছিল। এই অভিযোগতে ২০২৩ চনত মনীষ ছিছ’দিয়া আৰু ২০২৪ চনত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। আজিৰ এই ৰায়দানৰ পিছত আপ শিবিৰত এক নতুন উৎসাহৰ সৃষ্টি হৈছে যিয়ে দিল্লীৰ ৰাজনীতিক নতুন দিশ দিব পাৰে।





