• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভয়ংকৰ কাণ্ড: গোপন বিবাহৰ তথ্য ফাদিল হোৱাৰ পাছতেই যুৱকৰ যৌনাংগ কাটিলে প্ৰেমিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 7:56 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ ৱাজিৰাবাদ অঞ্চলত শেহতীয়াকৈ এক অতি চাঞ্চল্যকৰ আৰু বিৰল ঘটনা সংঘটিত হৈছে। এজন যুৱকে তেওঁৰ বিবাহৰ কথা গোপন ৰাখি আন এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক ৰখাৰ পৰিণাম অতি ভয়াবহ হৈ পৰিল। অভিযোগ অনুসৰি, প্ৰেমিকজনে তেওঁৰ বিয়াৰ সত্য লুকুৱাই ৰখাৰ কথা জানিব পাৰি প্ৰেমিকা আমিনা খাতুনে চৰম পদক্ষেপ গ্ৰহণ কৰে আৰু যুৱকজনৰ যৌনাংগ কাটি পেলায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই ঘটনাৰ বলি হোৱা যুৱকজনৰ নাম বিষৰজিৎ আৰু তেওঁ উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ বাসিন্দা। তেওঁ আমিনা খাতুন নামৰ এগৰাকী যুৱতীৰ সৈতে যোৱা দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। কেৱল প্ৰেমৰ সম্পৰ্কই নহয়, তেওঁলোকে দিল্লীত একেলগে লিভ-ইন ৰিলেচনশ্বিপত থাকিবলৈও আৰম্ভ কৰিছিল। কিন্তু বিষৰজিৎ যে ইতিমধ্যে বিবাহিত আছিল, সেই কথা তেওঁ আমিনাৰ পৰা সম্পূৰ্ণৰূপে লুকুৱাই ৰাখিছিল। শেহতীয়াকৈ কোনোমতে আমিনাৰ ওচৰত বিষৰজিতৰ বিবাহৰ কথা পোহৰলৈ আহে আৰু ইয়াৰ পিছৰ পৰাই দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত হয়।

Apply Now

ঘটনাৰ সবিশেষ বৰ্ণনা কৰি বিষৰজিতে আৰক্ষীক জনাইছে যে যোৱা ২৪ ফেব্ৰুৱাৰীৰ নিশা আমিনাই এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰিছিল। সেইদিনা নিশা আমিনাই তেওঁক খাবলৈ দিয়া গাখীৰৰ গিলাচত কোনো নিচাযুক্ত দ্ৰব্য মিহলাই দিছিল। গাখীৰখিনি খোৱাৰ কিছু সময়ৰ পিছতেই বিষৰজিৎ অচেতন হৈ পৰে। যুৱকজন অচেতন হৈ থকাৰ সুযোগ লৈ আমিনাই এখন চোকা অস্ত্ৰৰে তেওঁৰ যৌনাংগ কাটি পেলায় বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

জ্ঞান ঘূৰি অহাৰ পিছত বিষৰজিতে নিজৰ অৱস্থা দেখি কোনোমতে ওচৰৰে এখন হাস্পতালত উপস্থিত হয়। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বিষৰজিতৰ ভাষ্যৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত আমিনা খাতুন বিহাৰৰ কাটিহাৰৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁ পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd